Logo
image

পাছ কোন, ফেইল কোন? মেধাৱী শিক্ষাৰ্থীৰ দুঃস্বপ্ন

আমাৰ অসম, ২০ জুনঃ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত-হাইমাদ্ৰাছা আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল পৰীক্ষাত পাছ কোন হ’ব, ফেইল কোন হ’ব৷ মেধাৰ দৌৰত উজলিব কোন প্ৰথম, মজলীয়া আৰু দ্বিতীয়, তৃতীয় বিভাগত উত্তীৰ্ণৰ তুলাচালনী কি হ’ব৷ চি বি এছ ইৰ দৰে কোনো প্ৰণালীবদ্ধভাৱে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ৰেকৰ্ড নথকা ৰাজ্যৰ ছেবা তথা উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ নপতা পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন কেনে হ’ব– ইত্যাদি এশ এবুৰি বিভ্ৰান্তিৰ মাজতে শনিবাৰে মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ বাতিল পৰীক্ষা ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণাৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে দুখন বিশেষজ্ঞ কমিটী৷ এই দুই কমিটীয়ে এসপ্তাহৰ ভিতৰত বাতিল পীৰক্ষাৰ মূল্যাংকন কেনেদৰে হ’ব– এই সন্দৰ্ভত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব৷ উল্লেখ্য, মেট্ৰিক তথা হাইমাদ্ৰাছাৰ পৰীক্ষাবিহীন মূল্যাংকনৰ বাবে ৰাজ্য চৰকাৰে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ অলক কুমাৰ বৰগোহাঁইৰ নেতৃত্বত এখন ৯জনীয়া কমিটী গঠন কৰি দিয়াৰ বিপৰীতে পৰীক্ষাবিহীন উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকনৰ বাবে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত আন এখন ৯জনীয়া কমিটী গঠন কৰি দিছে৷ মেট্ৰিক-হাইমাদ্ৰাছাৰ বাবে গঠন কৰা কমিটীত ক্ৰমে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, শিক্ষা বিভাগৰ উপ-সচিব এছ এন দাস, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰা, ধুবুৰীৰ কাছখানা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰঞ্জিত ডাম, কোক্‌ৰাঝাৰৰ জৰাগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ হাকিম তৰফদাৰ, কামৰূপ একাডেমীৰ অধ্যক্ষ চি বি ৰায়, গোলাঘাটৰ মুহিৰাম হাজৰিকা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ড আৰু ছেবাৰ সচিবক সদস্য হিচাপে স্থান দিয়া হৈছে৷ একেদৰে উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে গঠন কৰা কমিটীত ক্ৰমে– অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই, ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষাৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ এছ এন বৰ্মন, নগাঁও কলেজৰ অধ্যক্ষ ড॰ এছ বৰকটকী, ধুবুৰী বইজ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ইদ্ৰিছ আলী, শিলচৰৰ নৰসিং হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ৰত্ন পাল, ডিব্ৰুগড়ৰ জিলা শিক্ষা বিষয়া দীপিকা চৌধুৰী আৰু অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবক সদস্য হিচাপে নিযুক্তি দিছে৷ লক্ষ্যণীয় যে শুকুৰবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিভিন্ন পক্ষ, সংগঠনৰে আলোচনা কৰি মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত নকৰাৰ সন্দৰ্ভত ঘোষণা কৰিছিল যে– সম্পূৰ্ণ নিৰপেক্ষ শিক্ষাবিদৰে দুয়োখন কমিটী গঠন কৰা হ’ব৷ য’ত চৰকাৰী মানুহ, আনকি ছেবা আৰু শিক্ষা সংসদৰ মানুহো নাথাকিব৷ কিন্তু শনিবাৰে চৰকাৰে গঠন কমিটীত শিক্ষক, শিক্ষাবিদৰ সলনি চৰকাৰী চাকৰিয়ালকহে গুৰুত্ব দিয়াত বিতৰ্কৰ সূচনা হৈছে৷ প্ৰশ্ন উঠিছে মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ ব্যৱহাৰিক পৰীক্ষাৰ সৈতে জড়িত নোহোৱা তথা পৰীক্ষাৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত কোনো অভিজ্ঞতা নথকা লোকে কেনেকৈ ৰাজ্যৰ ৭ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে মূল্যাংকনত ছাত্ৰ-ছাত্ৰী অনুতীৰ্ণও হ’ব৷ কিহৰ ভিত্তিত কোনো ছাত্ৰ-ছাত্ৰী অনুতীৰ্ণ হ’ব বা কিহৰ ভিত্তিত মেধাৰ নিৰ্ধাৰণ হ’ব– এই কথা কেনেকৈ কমিটীয়ে ঠিৰাং কৰিব৷ বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবছৰে নিজৰ মেধা আৰু প্ৰজ্ঞাৰ বলত মেডিকেল, ইঞ্জিনিয়াৰিঙৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ আগশাৰীৰ মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিছিল, তেনে ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ চৰকাৰী বিশেষজ্ঞ কমিটীৰ পৰা ন্যায় পাবনে৷ আনহাতে, যদিহে সকলো ছাত্ৰ-ছাত্ৰীকে পৰীক্ষাত পাছ কৰাই দিয়া হয় তেন্তে ইমানখিনি ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ণৰ বাবে অসমত আসনৰ ব্যৱস্থা সম্ভৱ হ’বনে– ইত্যাদি বিষয়বোৰৰো সমাধানসূত্ৰ নিশ্চিয় বিশেষজ্ঞ সমিতিয়ে মূল্যাংকনৰ লগতে নি(য় দিব লাগিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চি বি এছ ইয়ে ৩০ঃ৩০ঃ৪০ নম্বৰৰ ভিত্তিত যি বিকল্প মূল্যাংকনৰ সূত্ৰ উদ্ভাৱন কৰিছে, সেয়া অসমত ছেবা আৰু কাউন্সিলত মুঠেই সম্ভৱ নহয়৷ ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰী নিৰ্দেশত বিগত বৰ্ষৰ উচ্ছতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই৷ বহু স্কুল-কলেজে উচ্ছতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ প্ৰী’টেষ্ট পৰীক্ষাও অনুষ্ঠিত কৰা নাই [যিহেতু বাধ্যতামূলক নহয়]৷ একেদৰে চি বি এছ ইৰ দৰে প্ৰজেক্ট, ছেমিনাৰ, সাপ্তাহিক, মাহেকীয়া বা তিনিমহীয়া টেষ্টৰো ব্যৱস্থা নাই ৰাজ্যৰ স্কুল-কলেজসমূহত৷ বিশেষকৈ ৰাজ্যৰ মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছেমিষ্টাৰ পাঠ্যক্ৰম ব্যৱস্থা পৰিচালনা তথা পাঠদান, মূল্যায়নৰ পাছত উচ্ছতৰ মাধ্যমিকত ‘ফকাচ’ কৰি এনে ৰেকৰ্ড ৰখাটোও এক প্ৰকাৰে অসম্ভৱ৷ গতিকে এই দিশসমূহ বিশেষজ্ঞ কমিটীয়ে কেনেদৰে আলোকপাত কৰে সেয়া লক্ষ্যণীয় হ’ব৷ লক্ষ্যণীয়, পৰীক্ষা বাতিলৰ চৰকাৰী সিদ্ধান্ত শুনি নিশা দুপৰলৈকে পঢ়ি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মেধাৱী ছাত্ৰ-ছাত্ৰী মানসিকভাৱে ভাগি পৰা বুলিও বাতৰি আহিছে৷