Logo
image

সৰ্বানন্দ মন্ত্ৰী হ’লে তেলীৰ কি হ’ব

আমাৰ অসম, ২০ জুনঃ ৰাজ্যৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক সংস্থাপনৰ বিষয়টোক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব৷ দলৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰ উদ্দেশ্যে সম্প্ৰতি নতুন দিল্লীত বাহৰ পাতি আছে সৰ্বানন্দ সোণোৱাল৷ মোদী মন্ত্ৰীসভাৰ আগন্তুক সম্প্ৰসাৰণত সোণোৱালৰ অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত হৈ পৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই শেহতীয়া দিল্লী ভ্ৰমণৰ সময়তো দলৰ হাইকমাণ্ডৰ সৈতে এই বিষয়টো বিতংভাৱে আলোচনা কৰিছিল৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই সৰ্বানন্দ সোণোৱাল মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে যদিও সোণোৱালে কিন্তু প্ৰদেশ বিজেপিৰ সভাপতিৰ পদটোহে বিচাৰিছে৷ হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত সৰ্বানন্দ সোণোৱালক প্ৰদেশ বিজেপিৰ সভাপতি পদত বহুৱাই অসমত দুটাকৈ ‘পাৱাৰ চেণ্টাৰ’ সৃষ্টি কৰি ল’ব বিচৰা নাই দলৰ হাইকমাণ্ডে৷ যাৰ ফলত সোণোৱালক প্ৰদেশ বিজেপিৰ সভাপতিৰ পদত বহুওৱাৰ পৰিৱৰ্তে তেওঁক দিল্লীলৈহে লৈ যোৱাৰ ক্ষেত্ৰত একপ্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় নেতৃত্বই৷ সোণোৱাল যদি মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয়, তেন্তে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হিচাপে থকা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী নিশ্চিতভাৱে মন্ত্ৰীপদৰ পৰা আঁতৰিব লাগিব৷ সোণোৱালৰ অন্তৰ্ভুক্তিত তেলীৰ যে  মন্ত্ৰীপদ কটা যাব সেইটো প্ৰায় নিশ্চিত৷ মন্ত্ৰীপদ হেৰুওৱাৰ পাছত তেলীক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰদেশ বিজেপিৰ সভাপতিৰ পদত অধিষ্ঠিত কৰিব নেকি? এই বিষয়টো লৈও দলৰ শীৰ্ষ নেতৃত্বই যথেষ্ট বিচাৰ-বিবেচনা কৰি আছে৷ শুকুৰবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এক দীঘলীয়া বৈঠকত মিলিত হয়৷ কেন্দ্ৰীয় নেতৃত্বৰ এই তৎপৰতাৰ বিপৰীতে প্ৰদেশ বিজেপিৰ সভাপতি পদৰ দৌৰত নামি পৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰঞ্জিত দত্ত আদি৷ কিন্তু সোণোৱাল মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাছত যদি ৰামেশ্বৰ তেলীৰ মন্ত্ৰীপদ কৰ্তন হয়, তেন্তে এই কাৰ্যই ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিব পাৰে নেকি সেই বিষয়টোও বিজেপিৰ হাইকমাণ্ডে পৰীক্ষা-নিৰীক্ষা কৰি আছে৷ এই ক্ষোভ উপশমৰ কৌশল হিচাপে ৰামেশ্বৰ তেলীক প্ৰদেশ বিজেপিৰ সভাপতি পদত বহুৱাব পাৰে বিজেপি নেতৃত্বই৷ কাৰণ ইয়াৰ পূৰ্বে চাহ জনগোষ্ঠীৰ আন এজন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নামো প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে চৰ্চালৈ আহিছিল৷ উল্লেখ্য যে সৰ্বানন্দ সোণোৱালক অসমৰ পৰা লৈ গৈ দ্বিতীয়বাৰৰ বাবে মোদী মন্ত্ৰীসভাত স্থান দিলেও তেওঁক যে বৃহৎ বা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব নিদিয়ে, সেইটো প্ৰায় নিশ্চিত৷ ৰামেশ্বৰ তেলীৰ দায়িত্বত থকা খাদ্য সংশাধনৰ দৰে কম গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ৰ দায়িত্বহে সোণোৱালৰ ওপৰত অৰ্পণ কৰিব বিজেপি নেতৃত্বই৷ যাৰ ফলত সোণোৱালে নিজেই মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আগ্ৰহী নহয়৷ কম গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হৈ থকাৰ পৰিৱৰ্তে তেওঁ প্ৰদেশ বিজেপিৰ সভাপতি হৈ থকাটোহে বিচাৰিছে৷ কিন্তু অসমত কোনো কাৰণতে দুটা ‘পাৱাৰ চেণ্টাৰ’ সৃষ্টি হোৱাটো বিচৰা নাই দলৰ কেন্দ্ৰীয় নেতৃত্বই৷ অসমত যাতে দুটা ‘পাৱাৰ চেণ্টাৰ’ সৃষ্টি নহয়, তাৰ বাবেই সোণোৱালৰ ইচ্ছাৰ বিপৰীতে গৈ হ’লেও তেওঁক দিল্লীলৈ লৈ যোৱাৰ একপ্ৰকাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে বিজেপি নেতৃত্বই৷