Logo
image

দেশী প্ৰজাতিৰ সংক্ৰমণৰ পৰা সকাহ দিবলৈ আহিল বিদেশী অক্সিজেন

আমাৰ অসম, ২১ জুনঃ সমগ্ৰ ভাৰতৰ লগতে অসমতো এতিয়া দেশী প্ৰজাতি ক’ভিড ভাইৰাছৰ সংহাৰ অব্যাহত আছে৷ অসমত ডেৰমাহ ধৰি কাৰ্ফিউ তথা কঠোৰ বাধা-নিষেধাজ্ঞা বলবৎ হৈ আছে যদিও ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই৷ দেশী প্ৰজাতিৰ সংক্ৰমণৰ পৰা সকাহ দিবলৈ এইবাৰ বিদেশৰ পৰা আহিছে অক্সিজেন৷ দেশজুৰি চলি থকা ক’ভিড পৰিস্থিতি মোকাবিলা কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ক সহায় কৰাৰ অৰ্থে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটীয়ে৷ সেই সূত্ৰেই কানাডা ৰেডক্ৰছ ছ’চাইটীয়ে অসমসহ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিছে অক্সিজেন কনচেনট্ৰেটৰ৷ কানাডাৰ ভল্গা নিপাৰ এয়াৰলাইন্সৰ আই এল-৭৬ বিশেষ কাৰ্গ বিমানেৰে দেওবাৰে পুৱতি নিশা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ কানাডাৰ পৰা দিল্লী হৈ অনা হয় মুঠ ১০টা অক্সিজেন কনচেনট্ৰেটৰ৷ ইয়াৰে এটা অৰুণাচল, এটা মণিপুৰ আৰু এটা অসম চৰকাৰৰ স্বাস্থ্য বিভাগক প্ৰদান কৰা হৈছে যদিও বাকী ৭টা কনচেনট্ৰেটৰ অসম ৰেডক্ৰছ ছ’চাইটীৰ তিনিখন হাস্পতাল ক্ৰমে গুৱাহাটী, শিলচৰ আৰু কৰিমগঞ্জ হাস্পতালত স্থাপন কৰা হ’ব বুলি ৰেডক্ৰছ ছ’চাইটী অসম শাখাৰ বিষয়ববীয়াই জানিবলৈ দিছে৷ উল্লেখ্য, অক্সিজেন কনচেনট্ৰেটৰ জেনেৰেটৰ এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা সাময়িকভাৱে অক্সিজেন উৎপদান কৰা হয়৷ ঘৰুৱাভাৱেও অক্সিজেন কনচেনট্ৰেটৰ ব্যৱহাৰ কৰি ৰোগীক অক্সিজেন যোগান ধৰিব পাৰি৷ বিদ্যুৎ সংযোগ কৰি অক্সিজেন কনচেনট্ৰেটৰ জেনেৰেটৰৰ পৰা পোনে পোনে অক্সিজেন উৎপাদন কৰি ৰোগীক যোগান ধৰিব পাৰে৷ অৱশ্যে, সততে ব্যৱহাৰ হৈ থকা অক্সিজেন কনচেনট্ৰেটৰ সীমিত পৰিমাণত উৎপাদন আৰু সীমিত পৰিসৰত কাম কৰে৷ কিন্তু ইয়াৰ বিপৰীতে কানাডা ৰেডক্ৰছ ছ’চাইটীয়ে অসমলৈ প্ৰেৰণ কৰা অক্সিজেন কনচেনট্ৰেটৰ জেনেৰেটৰৰ প্ৰতিটোৱে একে সময়তে কমেও ৪০জন ৰোগীক অক্সিজেন যোগান ধৰিব পাৰিব৷ স্বাভাৱিকতেই ৰেডক্ৰছ ছ’চাইটীৰ এই সহায়ে ক’ভিডৰ জটিল সময়ত অসমত অক্সিজেনৰ নাটনিৰ সমস্যা বহু লাঘৱ কৰিব৷