Logo
image

কি এই অক্সিজেন কনচেনট্ৰেটৰ

আমাৰ অসম, ২১ জুনঃ ক’ভিডৰ অতিমাৰীৰ পৰিস্থিতিত অলেখ স্বাস্থ্য সম্পৰ্কীয় শব্দ সাধাৰণ জনতাৰ পৰিচিত হৈ পৰিছে৷ এই সময়তে অক্সিজেন কনচেনট্ৰেটৰ  নামৰ এবিধ যন্ত্ৰৰ বিষয়ে প্ৰায়ে চৰ্চা হৈছে৷ অক্সিজেন কনচেনট্ৰেটৰ প্ৰকৃততে কি? ই নিজেই অক্সিজেনৰ উৎপাদন কৰি যোগান ধৰে নে কেৱল পৰিবাহী হিচাপে কাম কৰে সেই প্ৰশ্নই এতিয়া বহুতকে কৌতূহলী কৰি তুলিছে৷ অক্সিজেন কনচেনট্ৰেটৰ হৈছে এবিধ সৰু যন্ত্ৰ যি একেলগে অক্সিজেন উৎপাদনো কৰে আৰু যোগানো ধৰে৷ অক্সিজেন কনচেনট্ৰেটৰ স্বাস্থ্য আৰু উদ্যোগ উভয় ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়৷ সদ্যহতে চৰ্চাত থকা অক্সিজেন কনচেনট্ৰেটৰ হৈছে মেডিকেল অক্সিজেন কনচেনট্ৰেটৰ অথবা স্বাস্থ্য ক্ষেত্ৰত ব্যৱহৃত অক্সিজেন যোগানধাৰী যন্ত্ৰ৷ এই অক্সিজেন কনচেনট্ৰেটৰে বায়ুৰ পৰা নিজেই অক্সিজেন আহৰণ কৰি ৰোগীক যোগান ধৰিব পাৰে৷ সৰ্বসাধাৰণতে তেজত থকা অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত চিকিৎসালয়ত যি ৰোগীক অক্সিজেন যোগান ধৰা হয় সেই অক্সিজেন একোটা ছিলিণ্ডাৰৰ পৰা যোগান ধৰে৷ ইয়াৰ বিপৰীতে অক্সিজেন কনচেনট্ৰেটৰ হৈছে এটা স্বয়ংসম্পূৰ্ণ অক্সিজেন যোগানকাৰী যন্ত্ৰ৷ এই যন্ত্ৰ সৰু হোৱাৰ বাবে ঘৰৰ ভিতৰত বা পৰ্টেবল ক্লিনিকত ব্যৱহাৰ কৰিব পাৰি৷ অৰ্থাৎ সীমিত যোগান আৰু সীমিত পৰিসৰত ব্যৱহাৰ কৰিবৰ বাবে অক্সিজেন কনচেনট্ৰেটৰ অতি প্ৰয়োজনীয় যন্ত্ৰ৷ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত অক্সিজেন কনচেনট্ৰেটৰ  অতি প্ৰয়োজনীয়৷ শেহতীয়াকৈ দেশত ক’ভিডৰ দ্বিতীয় ঢৌ তুংগত থকাৰ সময়ত বিভিন্ন চিকিৎসালয়ত বিছনাৰ নাটনি হৈছিল আৰু একে সময়তে অক্সিজেনৰো নাটনি হৈছিল৷ তেতিয়াৰ পৰাই অক্সিজেন কনচেনট্ৰেটৰৰ নাম চৰ্চালৈ আহে৷ কিয়নো চিকিৎসালয়ৰ বাহিৰত আৰু ঘৰ তথা অন্যান্য স্থানত ক’ভিডৰ চিকিৎসা গ্ৰহণ কৰি থকা ব্যক্তিক অক্সিজেন প্ৰদান কৰিবলগীয়া হৈছিল আৰু তেতিয়া অক্সিজেন কনচেনট্ৰেটৰ ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল৷ অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰত দুটা ভাগ থাকে৷ ইয়াৰে এটা ভাগে বতাহৰ পৰা বিভিন্ন বায়ু সংগ্ৰহ কৰে আৰু তাৰ পৰা নাইট্ৰজেন পৃথক কৰি কেৱল অক্সিজেন তাৰ দ্বিতীয়টো ভাগলৈ প্ৰেৰণ কৰে৷ দ্বিতীয়টো ভাগৰ পৰা অক্সিজেন ৰোগীক পোনে পোনে যোগান ধৰা হয়৷ এটা অক্সিজেন কনচেনট্ৰেটৰে একেৰাহে ঘণ্টাত ১-৫ কিলোগ্ৰাম অক্সিজেন ৰোগীক যোগান ধৰিব পাৰে৷ সৰু আকাৰৰ অক্সিজেন কনচেনট্ৰেটৰ এজন ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’লেও দেওবাৰে কানাডা ৰেডক্ৰছ ছ’চাইটিয়ে যোগান ধৰা অক্সিজেন কনচেনট্ৰেটৰ এটাই একে সময়তে ৪০ জন ৰোগীক অক্সিজেন যোগান ধৰিব পাৰে৷