Logo
image

জোৰ যাৰ বিধায়ক নিৱাস তাৰ

আমাৰ অসম, ২২ জুনঃ বিধায়কৰ আবাস আবণ্টন প্ৰক্ৰিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ ন-পুৰনি বিধায়কৰ মাজত৷ জ্যেষ্ঠ বিধায়কক বঞ্চিত কৰি কনিষ্ঠ বিধায়কক নতুন ঘৰ আবণ্টন দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷  অভিযোগ অনুসৰি বিধানসভা সচিবালয়ে প্ৰথম বাৰলৈ নিৰ্বাচিত বিধায়কক আবণ্টন দিছে নতুন আৰু ভাল ঘৰ৷ এই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই অসম বিধানসভাৰ সচিবলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ৷ উল্লেখ্য যে দিছপুৰৰ বিধায়ক আবাস চৌহদত বিধায়কৰ বাবে সাজু হৈ উঠিছে দুটাকৈ নতুন ব্লক এফ আৰু চি৷ প্ৰতিটো ব্লকত আছে ১০টাকৈ আবাস গৃহ৷ বিধায়ক আবাসৰ অধিকাংশ পুৰনি আবাস ব্যৱহাৰ অনুপযোগী হোৱাৰ বাবে এই ২০টা আবাস গৃহ নিৰ্মান কৰা হয়৷ সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা যুক্ত এই নতুন আবাসগৃহ কেইটা সাজু হৈ উঠিছে যদিও ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বেই বিধান সভাৰ সচিবালয়ে ইয়াক একাংশ বিধায়কৰ নামত আবণ্টন দিয়ে৷ নতুন আবাস আবণ্টন লাভ কৰা সকলৰ ভিতৰত অধিকাংশই শাসনাধিষ্ট বিজেপি দলৰ বিধায়ক৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়– বহু জ্যেষ্ঠ বিধায়ক অসম আৰ্হিৰ পুৰণি ঘৰবিলাকত আছে৷ তেওঁলোকে নতুন ঘৰৰ বাবে আৱেদন কৰিছিল৷ কিন্তু তেওঁলোকক বঞ্চিত কৰি শাসকীয় দলৰ নতুন বিধায়কক এই আৱাস আৱণ্টন দিয়া হৈছে৷ গৃহ আৱণ্টনৰ ক্ষেত্ৰত বিধানসভা সচিবালয়ে এখন কমিটী গঠন কৰি দিব লাগে বিধায়কসকললৈ৷ এক আবাস এফ ব্লকৰ যি ১০জন বিধায়কক আবণ্টন দিবলৈ বিধান সভাৰ সচিবালয়ে সিদ্ধান্ত লৈছে তাৰে ৯জনেই প্ৰথম বাৰৰ বাবে শাসকীয় দলৰ বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত৷