Logo
image

২২ দিনতে ‘দাম’ কমিল কাগজ কলৰ

আমাৰ অসম, ২২ জুনঃ পানীৰ দৰত বিক্ৰী হ’ব নগাঁও আৰু কাছাৰ কাগজ কল৷ প্ৰথমবাৰৰ ই-নিলামত কোনো প্ৰতিষ্ঠানে ৰাজ্যৰ কাগজ কল দুটা ক্ৰয় কৰিবলৈ আগবাঢ়ি নহাত মাত্ৰ ২২ দিনতে লিকুইডেটৰে এইবাৰ কাগজ কলৰ বিক্ৰী মূল্য হ্ৰাস কৰিছে৷ অৰ্থাৎ অসমবাসীৰ আবেগ বিজড়িত নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধীকৰণে নিয়োগ কৰা লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই সোমবাৰে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিছে৷ আশ্চৰ্যজনকভাৱে এইবাৰ হিন্দুস্তান পেপাৰ ক’ৰ্পৰেচন লিমিটেডৰ অধীনস্থ কাগজ কল দুটাৰ বিক্ৰীৰ মূল্য পূৰ্বতকৈ হ্ৰাস কৰিছে লিকুইডেটৰে৷ পূৰ্বতে লিকুইভেটৰে  ১ জুনত কাগজ কল দুটাৰ মূল্য ১,১৩৯ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও সোমবাৰে প্ৰকাশ কৰা নিলামৰৰ বিজ্ঞাপনত নতুন মূল্য ৯৬৯ কোটি টকালৈ হ্ৰাস কৰিছে৷ ইচ্ছুক প্ৰতিষ্ঠানে মাত্ৰ ৪৮ কোটি টকা আৰনেষ্ট মানী ডিপ’জিট [ই এম ডি] জমা দি কাগজ কল দুটা ক্ৰয়ৰ বাবে ‘বুক’ কৰিব পাৰিব৷ লক্ষণীয় বিষয়টো হৈছে, প্ৰায় ৫,০০০ কোটি টকা মূল্যৰ ৰাজ্যৰ অৰ্থনীতি নিৰ্ভৰশীল কাগজ কল দুটা যিকোনো মুহূৰ্ততে পানীৰ দৰত বিক্ৰী হোৱাটো নিশ্চিত হৈ পৰিছে৷ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰ গঠন কৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে কাগজ কল দুটা বিক্ৰী কৰাতহে লিকুইডেটৰক সেউজ সংকেত দিয়া দেখা গ’ল৷ যাৰ বাবে অসম চৰকাৰৰ অনুমতি সাপেক্ষে কাগজ কল দুটা বিক্ৰী কৰাৰ বাবে এবাৰ নহয় দুবৰাকৈ নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰিছে লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই৷ সোমবাৰে কলকাতাৰ পৰা প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি দুয়োটা কাগজ কলৰ এইবাৰৰ মূল্য ৯৬৯ কোটি টকা নিৰ্ধাৰণ কৰিছে৷ ইচ্ছুক প্ৰতিষ্ঠানে ই এম ডি মাচুল ৪৮ কোটি টকাসহ ৬ জুলাইৰ সন্ধিয়া ৬ বজাৰ পৰা ভিতৰত ই-নিলাম প্ৰক্ৰিয়াত অংশ ল’ব লাগিব৷ নিলামত ভাগ লোৱা প্ৰতিষ্ঠানৰ ভিতৰত ২২ জুলাইত নিৰ্দিষ্ট প্ৰতিষ্ঠানক কাগজ কলৰ মালিকী স্বত্ব হস্তান্তৰ কৰা হ’ব৷ লক্ষণীয়ভাৱে সোণোৱাল চৰকাৰে বিগত বৰ্ষৰ ১০ ছেপ্তেম্বৰত এন চি এল টিত কাগজ কল দুটা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা কৰিব বুলি শপতনামা দাখিল কৰিছিল৷ কিন্তু ক্ষমতালৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰ আহিল যদিও ৰাজ্যৰ ৫০ হাজাৰ লোকক পৰোক্ষ তথা প্ৰত্যক্ষভাৱে কৰ্ম সংস্থাপন দিয়াৰ পাছতো কাগজ কল দুটা জীয়াই তোলাৰ বাবে কোনো উদ্যোগ গ্ৰহণ নকৰিলে৷ বৰঞ্চ পূৰ্বতে ১,১৩৯ কোটি টকা কাগজ কল দুটা নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান টকা দি কোনো কাগজ কল ক্ৰয় কৰিব বুলি পৰোক্ষভাৱে কাগজ কল দুটা মূল্যহীন কৰাহে দেখা গৈছিল৷ অথচ একেই  কেৰালাৰ পিনাৰাই বিজয়ন চৰকাৰে হিন্দুস্তান পেপাৰ ক’ৰ্পৰেচনৰ আন এটা মৃত প্ৰায় নিউজ প্ৰিণ্ট মিল নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰি জীয়াই তুলিলে৷ সেয়েহে কাগজ কল কৰ্মচাৰীসকলৰ এতিয়া প্ৰশ্ন কেৰালা চৰকাৰে যদি কাগজ কল পুনৰুজ্জীৱিত কৰিব পাৰে, তেনেহ’লে অসমৰ বিজেপি চৰকাৰে নোৱাৰে কিয়৷ ইপিনে কাগজ কলৰ কৰ্মচাৰী প্ৰাপ্য বকেয়া মুকলি কৰি নিদিয়াত বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে দুৰ্ভগীয়া কৰ্মচাৰীসকল৷ যাৰ বাবে বিনা চিকিৎসাই ৮৮ জন কৰ্মচাৰীৰ মৃত্যু হৈছে আৰু ৪ জন কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে৷ অৱশ্যে, এইবাৰো যদিহে নিলামত কোনো প্ৰতিষ্ঠানে অংশ নলয়, তেনেহ’লে বিনামূল্যে কোনো পুঁজিপতিক কাগজ কল দুটা কৌশলপূৰ্ণভাৱে গতাই দিয়া হ’ব নেকি বুলিও এতিয়া কৰ্মচাৰীৰ মাজত চৰ্চা চলিছে৷