পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫লৈ গুৱাহাটী খুলি দিয়াৰ প্ৰস্তুতি
আমাৰ অসম, ২৩ জুনঃ ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাত অৱশেষত ৰাজ্যৰ ৯ খন ‘ৰেড’ জিলাত লকডাউন ঘোষণাৰ বাবে সম্পূৰ্ণ সাজু হৈছে ৰাজ্য চৰকাৰ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত ‘ৰেড ডিষ্ট্ৰিক্ট’ হিচাপে চিহ্নিত ৯ জিলা ক্ৰমে– শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, কাছাৰ, নগাঁও, গোলাঘাট, যোৰহাট, মৰিগাঁও আৰু বিশ্বনাথ জিলাত সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে কঠোৰ ক’ভিড বাধা-নিষেধাজ্ঞা বলৱৎকৰণৰ সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিব মন্ত্ৰী পৰিষদে৷ জিলাকেইখনত সম্পূৰ্ণ লকডাউন নিদিলেও যিসমূহ অঞ্চলত গণ সংক্ৰমণ হৈছে, তেনে অঞ্চলসমূহত সম্পূৰ্ণ লকডাউন দিয়াৰ ইংগিত দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত জিলাসমূহৰ সংক্ৰমণ অধিক হোৱা অঞ্চলৰ তথ্য সংগ্ৰহ কৰা বুলিও মঙলবাৰে বোকাখাতত সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ লক্ষণীয়ভাৱে ৯ খন ৰেড জিলাত ক’ভিড সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পালেও ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সংক্ৰমণ প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে৷ পূৰ্বতে গুৱাহাটীত এদিনত ১,৬০০ পৰ্যন্ত লোক আক্ৰান্ত হৈছিল যদিও শেহতীয়াকৈ দৈনিক সংখ্যা ২০০১ তললৈ নামিছে৷ যাৰ বাবে কেবিনেট বৈঠকত গুৱাহাটীত অব্যাহত থকা কাৰ্ফিউ অধিক শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে৷ অৰ্থাৎ কেবিনেটে অনুমোদন দিলে চলিত সপ্তাহৰ শুকুৰবাৰ বা পহিলা জুলাইৰ পৰা পৰা গুৱাহাটীত বিয়লি ৫ বজাৰ পৰা কাৰ্ফিউ বলৱৎকৰণৰ নিৰ্দেশনা জাৰি কৰিব পাৰে৷ বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন কাৰ্যকৰী হ’লে আবেলি ৪ বজালৈ দোকান-পোহাৰ খোলা ৰাখিব পাৰিব গুৱাহাটী মহানগৰীত৷ অৱশ্যে, বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কেইবাজনো মন্ত্ৰীয়ে বিভিন্ন জিলা ভ্ৰমণত ব্যস্ত থকাত বৃহস্পতিবাৰেহে দিছপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ বৃহস্পতিবাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি শুকুৰবাৰে নতুন এছ অ’ পি জাৰি হোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে মঙলবাৰে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ কিছু হ্ৰাস পোৱা দেখা যায়৷ মঙলবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২,৮৬৯ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ বিগত ২৪ ঘণ্টাত ১,৫২,৭২০ জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে পজিটিভিটীৰ হাৰ আছিল ১.৮৮ শতাংশ৷ কামৰূপ মহানগৰ জিলাত ১৯৮ জন লোক নতুনকৈ আক্ৰান্ত হৈছে যদিও মঙলবাৰৰ দিনটোত গোলাঘাটত সৰ্বাধিক ২২৭জন লোক আক্ৰান্ত হৈছে৷ তদুপৰি শোণিতপুৰত ১৬৬জন, তিনিচুকীয়াত ১৩১জন, ডিব্ৰুগড়ত ১৯৩জন, বিশ্বনাথত ১৪০জন, কাছাৰত ১৭২জন, যোৰহাটত ২৪৬জন আৰু মৰিগাঁৱত ১২৬জন লোক আক্ৰান্ত হৈছে৷ আনহাতে মঙলবাৰে ৰাজ্যত ক’ভিডত মৃত্যু হৈছে ৩৭ জন ৰোগীৰ৷ গোলাঘাটত ৪জন, যোৰহাটত ৪জন, কামৰূপ মহানগৰত ৪জন, শোণিথপুৰত ৪জন আৰু কামৰূপত ৩জন ৰোগীৰ মৃত্যু হৈছে৷
প্ৰতিষেধক নষ্ট নকৰিবঃ স্বাস্থ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা জিলাসমূহৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি ২৪ জুনত সংশ্লিষ্ট জিলাৰ কেতবোৰ নিৰ্দিষ্ট ঠাইত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে জিলাখনৰ বিভিন্ন ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে৷ তেওঁ কয় যে এই ক্ষেত্ৰত সমগ্ৰ জিলাখনৰ পৰিৱৰ্তে সংক্ৰমণ বৃদ্ধি পোৱা কেতবোৰ নিৰ্দিষ্ট অঞ্চলত কঠোৰ নিৰ্দেশনা জাৰি কৰিব পাৰি নেকি সেই বিষয়ে বিবেচনা কৰা হ’ব৷ গ্ৰামাঞ্চল, চহৰাঞ্চল, চাহ বাগিচা অঞ্চল আদি সকলো ঠাইৰে সুকীয়াকৈ শেহতীয়া ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিহে লকডাউন অথবা কনটেইনমেণ্ট জ’ন ঘোষণা কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ ক’ভিড প্ৰতিষেধক প্ৰদান সন্দৰ্ভত তেওঁ কয় যে প্ৰতিষেধক প্ৰদান কাৰ্য ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব পাৰিলে ক’ভিডক বহু পৰিমাণে পৰাজিত কৰিব পৰা যাব৷ সকলো জিলাই যাতে সময়মতে প্ৰতিষেধক লাভ কৰে তাৰ বাবে বিমান বন্দৰৰ পৰাই পোনে পোনে প্ৰতিষেধকসমূহ বিভিন্ন জিলালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ কোনো কাৰণতে প্ৰতিষেধক যাতে নষ্ট নহয় সেয়া সুনিশ্চিত কৰিবলৈ জিলা স্বাস্থ্য বিভাগক মন্ত্ৰী মহন্তই নিৰ্দেশ দিয়ে৷ মন্ত্ৰী মহন্তই জিলাখনৰ ৫টা কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ লয়৷
৯ জিলাত লকডাউন সম্পৰ্কত বৃহস্পতিবাৰে কেবিনেটে সিদ্ধান্ত ল’বঃ স্বাস্থ্যমন্ত্ৰী
আজি ৰাজ্যত প্ৰায় স্থবিৰ হৈ পৰিল ক’ভিড ভেক্চিন প্ৰদান ৷ বন্ধ হৈ পৰিছে ৰাজ্যৰ সকলো বাগিচা অঞ্চলৰ মেগা ভেক্চিন কেম্পৰ৷ কাৰণ ৰাজ্যত নাই ক’ভিড ভেক্চিন৷ তাৰ মাজতেই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বোকাখাতৰ এটা ক’ভিড ভেক্চিন প্ৰদান শিবিৰত উপস্থিত হৈ কয় যে, ‘ৰাজ্যৰ ৯ জিলাত সম্পূৰ্ণ লকডাউন সম্পৰ্কত সিদ্ধান্ত ল’ব বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত কেবিনেট বৈঠকে৷’ প্ৰতিদিনে ৩লাখ ভেক্চিন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰখনে উজুটি খালে দ্বিতীয় দিনটোতেই৷ আজিৰ দিনটোত ৰাজ্যৰ ক’তো অনুষ্ঠিত নহ’ল মেগা ভেক্চিন কেম্প ৷ কাৰণ ৰাজ্যত নাই ভেক্চিন ৷ ‘কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব মেগা ভেক্চিন কেম্প ৷ ইতিমধ্যে বৰঝাৰ এয়াৰপৰ্টত এখন ভেক্চিনৰ বিমান অৱতৰণ কৰাৰ পাছত ৰাজ্যৰ ভেক্চিন গুডামত মজুত কৰাৰ বিপৰীতে এয়াৰপৰ্টৰ পৰা বাহিৰে বাহিৰে প্ৰতিখন জিলা সদৰলৈ পোনপটীয়াকৈ ভেক্চিন প্ৰেৰণ কৰা হৈছে ৷’ এই মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ ৷ ‘ৰাজ্যৰ ক’ভিড পৰিস্থিতি স্বাভাৱিক দিশলৈ গতি কৰিছে যদিও এতিয়াও গোলাঘাট, যোৰহাট, কাছাৰ, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জ জিলাত ক’ভিড সংক্ৰমণৰ হাৰ উদ্দেগজনক ৷ এইকেইখন জিলাত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত ৰাজ্যিক কেবিনেটে সিদ্ধান্ত ল’ব বুলি বোকাখাত নাট্যমন্দিৰত অনুষ্টিত ক’ভিড ভেক্চিন কেম্প পৰিদৰ্শন কৰি এইদৰে কয় স্বাস্থ্যমন্ত্ৰীয়ে ৷ লগতে ভেক্চিনৰ দুটা বটল মিলাই ১১টা ভেক্চিন প্ৰদানৰ চেষ্টা কৰাৰ বাবে স্বাস্থ্যকৰ্মীক আহ্বান স্বাস্থ্যমন্ত্ৰীৰ৷ অপচয় ৰোধৰ বাবেই এই প্ৰচেষ্টা কৰাৰ আহ্বান মন্ত্ৰীজনৰ৷ ইতিমধ্যে দেশত ক’ভিডৰ তৃতীয় লহৰক লৈ ব্যাপক তৎপৰতা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে অসমতো স্বাস্থ্য বিভাগ তৃতীয়টো ক’ভিড ঢৌ প্ৰতিৰোধৰ বাবে সাজু বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীজনে৷ ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে শিশুৰ উপযোগীকৈ আই,চি,ইউ,নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ তথ্যও সাংবাদিকক অৱগত কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷ গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীজনে আজি জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ৷ মন্ত্ৰীজনক সংগ দিয়ে জিলা উপায়ুক্ত,বোকাখাতৰ মহকুমাধিপতি,মহকুমা স্বাস্থ্য বিষয়াই৷ বোকাখাত নাট্যমন্দিৰত পূৰ্বে মজুত থকা ভেক্চিনেৰেই আজি কেম্প অনুষ্ঠিত হয়৷ উল্লেখ্য যে, গোলাঘাট জিলাত ৪০টা মেগা ভেক্চিন কেম্পত সোমবাৰৰ দিনটোত নিৰ্ধাৰিত ২,৫০০ভেক্চিনৰ বিপৰীতে ৩,০০০লোকক ভেক্চিন প্ৰদান কৰে৷
কাজলগাঁৱৰ চিকিৎসালয়ৰ পৰা পলাল দুই ক’ভিড আক্ৰান্ত আচামী
চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰত দুই ক’ভিড আক্ৰান্ত আচামীয়ে পলায়ন কৰে৷ জানিব পৰা মতে, যোৱা নিশা সুযোগ বুজি চিকিৎসালয়ৰ ক’ভিড কোঠালিৰ তলা ভাঙি জৰিফ আলী[৩৮] ওৰফে পেটলা আৰু বিশ্বজিৎ ৰায়[৩৫] নামৰ অপৰাধী দুটাই পলায়ন কৰে৷ ইয়াৰে জৰিফ আলী ওৰফে পেটলা হৈছে ঢালিগাঁৱৰ বৰতালোৱা গাঁৱৰ কুখ্যাত তেলচোৰ আৰু অন্য এটা চুৰি গোচৰৰ আচামী হৈছে বিশ্বজিৎ ৰায়৷ উল্লেখ্য, ঢালিগাঁও আৰক্ষীয়ে চলন্ত ৰে’লৰ পৰা তেল চুৰি কৰা চক্ৰৰ মূল অপৰাধী জৰিফ আলীক গ্ৰেপ্তাৰ কৰি ঢালিগাঁও থানাত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৭৯/২৮৫/৩৪ আৰু পে’ট্ৰলিয়াম আইনৰ ২৩ অনুচ্ছেদ অনুসৰি ১৫৫/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি যোৱা ১৫ জুনত আদালতৰ পৰা ৫ দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল যদিও তাৰ মাজতে ক’ভিড পজিটিভ হোৱাত জৰিফ আলীক জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ আৰক্ষীয়ে পলায়ন কৰা ক’ভিডআক্ৰান্ত দুই আচামীক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷
শোণিতপুৰত ক’ভিডত পুনৰ চাৰিজনৰ মৃত্যু
ৰাজ্যজুৰি অব্যাহত থকা বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযানৰ অংশস্বৰূপে শোণিতপুৰ জিলাত ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা কেইবাটাও ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত চলি থকা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আজি ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাই পৰিদৰ্শন কৰাৰ লগতে জিলা প্ৰশাসনে ৰাইজৰ বাবে উপলব্ধ কৰোৱা বিভিন্ন সা-সুবিধাৰ বুজ লৈছিল৷ সেইখিনি সময়তেই শোণিতপুৰ জিলাখনত চাৰিজনকৈ লোক ক’ভিডত মৃত্যু হোৱাৰ লগতে ২৪ ঘণ্টাত ৩১২জন লোকৰ দেহত ক’ভিড সংক্ৰমণৰ অৱস্থিতি ধৰা পৰিছে৷ জিলাখনত আজি ক’ভিডত মৃত্যু হোৱা লোককেইজন ক্ৰমে তেজপুৰৰ কেবিন্দ্ৰ শইকীয়া, পুথিমাৰী বৰুৱা দলনীৰ সুশেন নাথ[৪৫], বালিপৰা নিউ আদাবাৰীৰ ডিব্ৰু প্ৰজি[৪০]আৰু ঢেকীয়াজুলিৰ দুই নং বাডৰ অমৃত সিংহ [৭২] বুলি জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে৷ ইফালে ক’ভিডৰ দ্বিতীয়টো লহৰত জিলাখনত আজিপৰ্যন্ত ১৬৪জন লোকৰ মৃত্যু ঘটা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ আনহাতে, শোণিতপুৰ জিলাখনত ক’ভিডৰ দ্বিতীয় লহৰত বহুকেইটা শিশুৰ দেহটো ক’ভিডৰ অৱস্থিতি ধৰা পৰা ঘটনাই ৰাইজৰ মাজত ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেজপুৰ চহৰৰ বান নগৰৰ বাণী কেওঁট [৯] বছৰীয়া আৰু চহৰখনৰে বাপুজি নগৰৰ ৰশ্মি কেওঁট[২]বছৰ ক’ভিডত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ইয়াৰ পূবেও বহুকেইটা শিশু ক’ভিডত আক্ৰান্ত হৈছিল৷
ক’ভিডৰ তৃতীয় লহৰ ৰুধিবলৈ সাজু ৰাজ্য চৰকাৰঃ কেশৱ মহন্ত
“ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগ কৰ’না মহামাৰীৰ তৃতীয় লহৰৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে৷”–ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাটত এই কথা প্ৰকাশ কৰে৷ যোৰহাট ভ্ৰমণলৈ অহা মন্ত্ৰীজনে আজি কেবাটাও মেগা ক’ভিড ভেকচিনেশ্যন কেন্দ্ৰ পৰিদৰ্শন কৰে৷ মন্ত্ৰীজনে বি এড কলেজত স্থাপন কৰা টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ মন্ত্ৰী মহন্তই ৰাজ্য চৰকাৰৰ ব্যাপক ভেকচিনেশ্যন অভিযানৰ অংশ হিচাপে ব্যাপক হাৰত টিকাকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়৷ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ সময়ত মন্ত্ৰীজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে যোৰহাটত লক ডাউন নিশ্চিত নহয়৷ অৱশ্যে পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়৷ এই বিষয়টো মুখ্য মন্ত্ৰীয়েহে নিশ্চিত কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ মন্ত্ৰী মহন্তই লগতে কয় যে কেন্দ্ৰই পৰ্যাপ্ত পৰিমাণে ভেকচিন যোগান ধৰিলে ৰাজ্য চৰকাৰে দৈনিক চাৰি লাখ পৰ্যন্ত ভেকচিন দিবলৈ সাজু আছে৷ কালিৰে পৰা আৰম্ভ হোৱা ভেকচিনেশ্যন মেগা ড্ৰাইভত প্ৰথম দিনাই প্ৰায় ৩ লাখ ৬৬ হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হয়৷ ইয়াৰ বাবে মন্ত্ৰীজনে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ কয় যে অসমৰ ৰাইজে মেগা ভেকচিনেশ্যন ড্ৰাইভৰ প্ৰতি বিপুল সঁহাৰি জনাইছে৷ আনহাতে এই অভিযান সফল কৰাৰ ক্ষেত্ৰত বৰঙণি যোগাবৰ বাবে স্বাস্থ্য কৰ্মীসকলকো তেওঁ ধন্যবাদ জনায়৷