
পংকজ কাকতিক টকা লাগে, বৰছিং বে’ক নালাগে
আমাৰ অসম, ২৩ জুনঃ যি সময়ত ড্ৰাগ্ছ সৰবৰাহকাৰীৰ প্ৰলোভনকো নেওচি বৰছিং বে’ নামৰ গৃহৰক্ষীৰ জোৱানজনে ১২ কোটি টকাৰ ড্ৰাগ্ছ জব্দ কৰিছে, সেই সময়তে বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কুমাৰ কাকতিৰ বিৰুদ্ধে কয়লা ছিণ্ডিকেটৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কাৰ্বি আংলঙৰ হোমগাৰ্ড বৰছিঙৰ এনে প্ৰশংসনীয় কামৰ স্বীকৃতিস্বৰূপে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই তেওঁক ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ বিপৰীতে বঙাইগাঁও জিলাত কৰ্মৰত অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ক্ল’জ কৰা হৈছে৷ এএছপি পংকজ কুমাৰ কাকতিয়ে কয়লা ছিণ্ডিকেট-চক্ৰৰ নায়ক এজনক ধনদাবী কৰাৰ এটা অডিঅ’ ভাইৰেল হোৱা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লাকে ধৰি বিভিন্ন ক্ষেত্ৰত চলি থকা ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, এনে সময়তে কয়লা ছিণ্ডিকেট চলোৱা কাদেৰ আলী নামৰ এজন মাফিয়াৰ পৰা এএছপি কাকতিয়ে ধনদাবী কৰা ঘটনাই সকলোকে হতভম্ব কৰিছে৷ বহুদিন আগৰে পৰাই বঙাইগাঁও জিলাত কয়লাৰ ছিণ্ডিকেট চলি আছিল৷ মাণিকপুৰ থানাৰ অন্তৰ্গত গেৰুকাবাৰী আৰক্ষী চকীৰ অধীনস্থ এলেকাত চলি আছিল এই ছিণ্ডিকেট৷ প্ৰতিখন কয়লাৰ গাড়ীৰ পৰা গেৰুকাবাৰী আৰক্ষী চকীয়ে সংগ্ৰহ কৰিছিল বুজন অংকৰ ধন৷ এই ধনৰ ভাগ যায় জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকললৈ৷ বিশেষকৈ অ’ভাৰলোডিং আৰু জিএছটি ফাঁকিক কেন্দ্ৰ কৰিয়েই চলিছিল এই ছিণ্ডিকেট৷ এই ছিণ্ডিকেটৰ অন্যতম মধ্যস্থতাকাৰী কাদেৰ আলী৷ কাদেৰেই এই ছিণ্ডিকেটৰ ধন সংগ্ৰহ কৰি আৰক্ষীৰ শীৰ্ষ বিষয়াক দিছিল৷ সকলো নথি-পত্ৰ থকা বহিঃৰাজ্যৰ কয়লাৰ গাড়ীৰ পৰাও গুণ্ডাকৰ আদায় কৰা হৈছিল৷ যাৱতীয় সকলো নথি-পত্ৰ থকাৰ পাছতো বহিঃৰাজ্যৰ গাড়ীৰ চালকসকলক বিভিন্ন অজুহাতত দেখুওৱা হৈছিল ভয়-ভীতি৷ ফলত ভীতিগ্ৰস্ত হৈ চালকসকলে আৰক্ষীক ধন দিবলৈ বাধ্য হৈছিল৷ শেহতীয়াকৈ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকজনৰ ধনদাবী কৰা অডিঅ’ ভাইৰেল হোৱা ঘটনাই প্ৰমাণ কৰিছে যে বঙাইগাঁও জিলাত চলি থকা কয়লা ছিণ্ডিকেটৰ অন্যতম পৃষ্ঠপোষক আৰক্ষী৷ ইপিনে কাদেৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ৷ উত্থাপিত অভিযোগ অনুসৰি কাদেৰ আলীৰ নিজৰ নামত বহুকেইটা জিএছটি পঞ্জীয়ন কৰি জিএছটি বিলৰ লাখ লাখ টকা বিভাগত জমা দিয়াৰ পৰিৱৰ্তে প্ৰতাৰণাৰে আত্মসাৎ কৰে কাদেৰ আলীয়ে৷ এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন হোৱা বুলিও জানিব পৰা গৈছে৷ তদুপৰি কিছুদিন আগলৈকে কাদেৰ আলী ৰঙাঘৰৰ আলহী হৈয়েই আছিল৷ শেহতীয়াভাৱে ছিণ্ডিকেটৰ ধনৰ ভাগ-বটোৱাৰাক কেন্দ্ৰ কৰি কাদেৰ আলী আৰু বঙাইগাঁৱৰ এএছপি পংকজ কাকতিৰ মাজত মনোমালিন্য ঘটে৷ সেইবাবেই কাকতিয়ে কাদেৰ আলীক ধনদাবী কৰাৰ অডিঅ’ স্বয়ং কাদেৰ আলীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল কৰা বুলি সন্দেহ কৰা হৈছে৷ ইপিনে এই অডিঅ’ ভাইৰেল হোৱাৰ পাছতে আৰক্ষীৰ ঊধবৰ্তন মহলতো সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক কাকতিক নিলম্বন কৰা হ’ব বুলি ৰাইজে ধাৰণা কৰিছিল যদিও এজন বিশেষ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত পংকজ কাকতিক নিলম্বিত কৰাৰ পৰিৱৰ্তে গুৱাহাটীলৈ মাতি আনি অসম আৰক্ষীৰ সদৰত ক্ল’জ কৰা হয়৷
গৃহৰক্ষী জোৱানক এক লাখ টকা পুৰস্কাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ
বোকাজান মহকুমাৰ ডিলাই আৰক্ষী থানাত কৰ্মৰত গৃহৰক্ষী জোৱান বৰছিং বে’ৰ নিষ্ঠা আৰু সততাক ছেল্যুট জনাইছে সৰ্বসাধাৰণে৷ নিশাটোৰ ভিতৰতে হিৰ’ হৈ পৰিছে এতিয়া এই গৃহৰক্ষী জোৱানজন৷ উল্লেখ্য যে, কালি নিশা কাৰ্বিআংলঙৰ ডিলাই আৰক্ষীৰ নিয়মীয়া নাকাত কৰ্তব্যত নিয়োজিত হৈ থকা বৰছিং বে’ নামৰ গৃহৰক্ষী জোৱানজনৰ তৎপৰতাতেই প্ৰায় ৩কিলোগ্ৰাম ওজনৰ হেৰ’ইন উদ্ধাৰ হয়৷ জানিব পৰা মতে, কালি নিশা প্ৰায় ৯-৩০ বজাত মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী এম এন-০৬-বি-০৫১ৰ নম্বৰৰ নৈশ বাছখনত তালাচী চলায় বৰছিং বে’ নামৰ গৃহৰক্ষী জোৱানজনে৷ সাধাৰণ তালাচীৰ অন্তত অতি দক্ষতাৰে পুনৰ বাছখনৰ ইঞ্জিনৰ ভিতৰছোৱা খুলিবলৈ নিৰ্দেশ দিয়ে বাছখনৰ চালক-হেণ্ডিমেনক৷ ইয়াৰ পাছতেই ইঞ্জিনৰ ভিতৰত তালাচী চলাওঁতেই গোপনে বনাই লোৱা এটা চেম্বাৰৰ পৰা মেথাফিটামাইন নামৰ অতি উচ্ছ দৰৰ হেৰ’ইনখিনি উদ্ধাৰ কৰে গৃহৰক্ষী জোৱানজনে৷ উক্ত সময়তে নৈশ বাছৰ চালকে গৃহৰক্ষী জোৱানজনৰ পকেটত এটা মোটা অংকৰ ধনৰ বাণ্ডিল গুজি দিয়ে যদিও গৃহৰক্ষী জোৱানজনে সেই টকা ল’বলৈ অমান্তি প্ৰকাশ কৰে৷ পাছত চালকজনে আকৌ তেওঁক দ্বিতীয়টো টকাৰ বাণ্ডিল দিয়াতো গৃহৰক্ষী জোৱানজনে অতি সাহসেৰে নিজৰ কৰ্তব্যত অটল থাকি নাকাত থকা আন আন আৰক্ষী জোৱানসকলক মাতি আনি হেৰ’ইন সৰবৰাহকাৰী দলটোক জালত পেলাবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটা হৈছে ক্ৰমে মণিপুৰৰ থাম্বল জিলাৰ খাইৰম বসন্ত সিং, লক্ষ্মী ডি আৰু পঞ্জাভিৰাম বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্ৰে পোৱা তথ্যানুসৰি কালি উদ্ধাৰ হোৱা এই হেৰ’ইনখিনি ভাৰতৰ ভিতৰতে আটাইতকৈ উচ্ছমানৰ বুলি প্ৰকাশ৷ কালি জব্দ কৰা এই হেৰ’ইনখিনিৰ বজাৰ মূল্য ১৩কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ এই ঘটনাৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই অতি তাৎক্ষণিকভাৱে গৃহৰক্ষী জোৱানজনলৈ পুৰস্কাৰ হিচাপে নগদ ১ লাখ টকা ঘোষণা কৰাৰ লগতে তেওঁৰ কৰ্তব্যনিষ্ঠাক প্ৰশংসা কৰে৷
নতুনকৈ ছিণ্ডিকেট নহয়, বৈধভাৱে চলিব কয়লাৰ ব্যৱসায়ঃ ৰঞ্জিত দাস
বঙাইগাঁৱত আজি মন্ত্ৰী ৰঞ্জিত দাসে উপস্থিত হৈ ঘোষণা কৰে যে, ৰাজ্যখনত নতুনকৈ চিণ্ডিকেট কৰিবলৈ দিয়া নহ’ব৷ যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই এক কেবিনেট সিদ্ধান্তযোগে বৰাকভেলি আৰু শ্ৰীৰামপুৰত দুখন চেকগেট নতুনকৈ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্ত্ৰীজনে আজি সাংবাদিকক জনায়৷ লগতে তেওঁ জনোৱা মতে, কয়লা গাড়ীসমূহ এই দুখন চেকগেটৰ বাহিৰে অইন কোনো গেটেদি যাব নোৱাৰে৷ এনেকি বক্সিৰহাট চেকগেটেদিয়ো কয়লাৰ গাড়ী যাবলৈ দিয়া নহ’ব৷ কেৱল এই দুখন চেকগেটেৰে বৈধভাৱে পাৰ হ’ব লাগিব সকলো কয়লাৰ ট্ৰাক৷ এই দুখন চেকগেটত থাকিব বিক্ৰীকৰ বিভাগ, পৰিৱহণ বিভাগ আৰু আৰু আৰক্ষী বিভাগৰ যুটীয়া দল৷ সকলো পৰীক্ষণৰ পাছত কেৱল বৈধ কয়লাৰ গাড়ীসমূহক যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব বুলিও মন্ত্ৰীজনে জনায়৷ বঙাইগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে কয়লা চিণ্ডিকেটৰ পৰা ধন দাবী কৰা বুলি সাংবাদিকৰ এক প্ৰশ্নত মন্ত্ৰীজনে কয় যে, চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত কোনো ব্যক্তিয়েই ৰেহাই নাপায়৷ তেওঁ কোনো আৰক্ষীয়েই হওক অথবা অইন কোনো প্ৰভাৱশালী ব্যক্তিয়েই নহওক কিয় কোনেও ৰেহাই নাপায়৷