Logo
image

সস্তাতে পাব ভেক্‌চিন

আমাৰ অসম, ০৩ অক্টোবৰঃ কৰ’না ভাইৰাছৰ ভেকচিন বজাৰলৈ আহিলে তাৰ বাবে বেছি ধন ব্যয় কৰিবলগীয়া নহ’ব জনসাধাৰণে৷ অন্ততঃ ভাৰতৰ নাগৰিকে বেছ সস্তাতে কিনিব পাৰিব কৰ’না ভাইৰাছৰ প্ৰতিষেধক৷ পুনেৰ ছিৰাম ইনষ্টিটিউটে এই বিষয়ে প্ৰকাশ কৰি কৈছে যে ভাৰতবাসীয়ে এপালি প্ৰতিষেধকৰ বিনিময়ত ব্যয় কৰিবলগীয়া হ’ব ৩ মাৰ্কিন ডলাৰ৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত সেয়া হ’ব ২২১.৪৩ টকা৷ ছিৰামে জনোৱা অনুসৰি এই প্ৰতিষেধক হ’ব অক্সফ’ৰ্ডৰ অধীনস্থ জেনাৰ ইনষ্টিটিউটে কৰা উদ্ভাৱন৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে এই প্ৰতিষেধক উৎপাদন কৰাৰ বাবে ব্ৰিটিছ-ছুইডিছ কোম্পানী এষ্ট্ৰাজেনেকাক দায়িত্ব দিছিল৷ এষ্ট্ৰাজেনেকাই ভাৰতৰ পুনেৰ ছিৰাম ইনষ্টিটিউটক এই প্ৰতিষেধকৰ ১০ কোটি পালি উৎপাদনৰ দায়িত্ব দিছে৷ তাৰ বাবে ব্যয় কৰিব বিল গেটছ আৰু মেলিণ্ডা গেটছ ফাউণ্ডেশ্বনে৷ ইয়াৰ বাবেও ছিৰামে উৎপাদন কৰিবলগীয়া প্ৰতিষেধকৰ মূল্য কম হ’ব৷ উল্লেখ্য, ছিৰাম হৈছে বিশ্বৰ বৃহত্তম প্ৰতিষেধক উৎপাদনকাৰী প্ৰতিষ্ঠান৷ ইপিনে, ইউৰোপ আৰু আমেৰিকাৰ তুলনাত ভাৰতত কম ব্যয়ত ঔষধ উৎপাদন কৰিব পাৰি৷ ভাৰত আৰু তৃতীয় বিশ্বৰ বাসিন্দাই যাতে আপেক্ষিকভাৱে সস্তাত কৰ’না ভাইৰাছৰ প্ৰতিষেধক সেৱন কৰিব পাৰে, সেয়া নিশ্চিত কৰাৰ বাবে এষ্ট্ৰাজেনেকাই ছিৰামক এই দায়িত্ব প্ৰদান কৰিছে আৰু গেটছ ফাউণ্ডেশ্বনৰ পৰা উৎপাদন ব্যয়ো যোগাৰ কৰি দিছে৷