
মাজুলীসহ ৫ সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰস্তুতি
আমাৰ অসম, ২৪ জুনঃ মাজুলীসহ পাঁচটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে৷ লক্ষণীয়ভাৱে নিৰ্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ নৌকৰোঁতেই উপনিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে৷ উল্লেখ্য, ৰাজ্যত দুটা ‘পাৱাৰ চেণ্টাৰ’ বিচৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ মুখ্যমন্ত্ৰীৰ আসনত ড॰ হিমন্ত বিশ্ব শৰ্মা অধিষ্ঠিত হোৱাৰ সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লী গমন প্ৰায় চূড়ান্ত কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ সকলো ঠিকে-ঠাকে থাকিলে বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ বাবে খালী হোৱা আসনত ৰাজ্যসভালৈ যাব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল৷ অহা এক-ডেৰ মাহৰ ভিতৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ হৈ দিল্লীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোণোৱালক মন্ত্ৰীসভাত কি দপ্তৰ দিব সেই লৈ এতিয়াও অব্যাহত আছে ব্যাপক গুণাগঁথা৷ যোৱা ১৮ জুনৰ পৰা নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰিবৰ বাবে বাহৰ পাতি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ কেৱল দিলীপ শইকীয়াই নহয়, প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও মঙলবাৰে একেই প্ৰসংগত কৰে কৌশলী মন্তব্য৷ এক কথাত ক’বলৈ গ’লে প্ৰদেশ বিজেপিৰ এই দুই শীৰ্ষ নেতাৰ বক্তব্যৰ মাজত আছে সাদৃশ্য৷ ৰাম নৌওপজোঁতেই ৰামায়ণ লিখাৰ দৰেই ইতিপূৰ্বে কেইবাদিনীয়া তীব্ৰ উৎকণ্ঠাৰ মাজতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পূৰ্বেই দিলীপ শইকীয়া আৰু ৰঞ্জিত দাসে সামাজিক মাধ্যমত ঠিক একে সময়তে একে ধৰণৰ মন্তব্য প্ৰকাশ কৰি ৰাজ্যত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাৰ স্পষ্ট ইংগিত দিছিল৷ ৰাজনীতিৰ ৰসিকসকলে নিশ্চয় এইবিলাক কথা ধৰিব পাৰিছিল৷ হয়তো এতিয়া বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বৰ পেটৰ কথাৰ ভু-পায়েই দুয়োজন নেতাই হঠাৎ ইংগিত দিবলৈ আৰম্ভ কৰিছে যে অহা এক-ডেৰ মাহৰ ভিতৰত মাজুলীকে ধৰি ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ লক্ষ্যণীয় যে মঙলবাৰে বঙাইগাঁৱত প্ৰদেশ বিজেপিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসে সাংবাদিকৰ আগত কৈছিল যে পাঁচটা বিভাগৰ মন্ত্ৰীৰ লগতে প্ৰদেশ বিজেপিৰ সভাপতিৰ পদ চম্ভালাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছে৷ এনেদৰে দুই নাওত দুই ভৰি থৈ কাম কৰিলে দল-চৰকাৰ দুয়োটাৰে ক্ষতি হ’ব পাৰে বুলি তেওঁ আশংকা কৰি কয় যে এই সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক জনোৱা হৈছে৷ ৰঞ্জিত দাসে লগতে মন্তব্য কৰে যে সম্প্ৰতি বিধায়কশূন্য তিনি সমষ্টিতেই নহয়, ৰাজ্যৰ ৪-৫টা বিধানসভা সমষ্টিত হ’ব পাৰে বিধানসভাৰ উপ-নিৰ্বাচন৷ প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এই মন্তব্যৰ এদিনৰ পাছতে পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ অধিক ভেদ ভাঙি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বুধবাৰে নলবাৰীত সাংবাদিকৰ আগত কয় যে মাজুলীতো পুনৰ হ’ব পাৰে উপ-নিৰ্বাচন৷ মাজুলীত পুনৰ বিধানসভাৰ উপ-নিৰ্বাচন হোৱাৰ দিশতে গৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে এনেদৰে কয়– ‘মাজুলীতো উপ-নিৰ্বাচনৰ সম্ভাৱনা নথকা নহয়৷ আজিৰ দিনত স্পষ্টকৈ ক’ব নোৱাৰোঁ৷ কিন্তু হয়তো তেনেকুৱা দিশতেই সকলো কথা আগবাঢ়ি আছে৷ ইতিমধ্যে চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন নিশ্চিত হৈ আছে৷ সেইকেইটা হ’ল ক্ৰমে গোসাঁইগাঁও, তামুলপুৰ, মৰিয়নী আৰু ওদালগুৰি৷ গোসাঁইগাঁও আৰু তামুলপুৰৰ দুই বিধায়কৰ মৃত্যু ঘটিছে৷ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়কৰ পদৰ পৰা পদত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে৷ ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে ইতিমধ্যে বি টি আৰৰ ডেপুটী চীফ হিচাপে দায়িত্বগ্ৰহণ কৰিছে৷ গতিকে ওদালগুৰিৰ বিধায়ক পদৰ পৰা হয়তো গোবিন্দ বসুমতাৰীয়ে পদত্যাগ কৰিব পাৰে৷ এই চাৰিটা সমষ্টিৰ লগতে মাজুলীতো হ’ব পাৰে বিধানসভাৰ উপ-নিৰ্বাচন৷’ ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত বাহৰ পাতি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ প্ৰসংগত শইকীয়াই সাংবাদিকৰ আগত কয়– ‘প্ৰাক্তন মুখ্যমন্ত্ৰীজনে দিল্লীত কি কথা পাতিছে সেয়া তেওঁহে ভালকৈ ক’ব পাৰিব৷ বিধানসভাৰ নিৰ্বাচনৰ পাছত দলৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্বাচন কৰাৰ সময়তে ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা হৈছে৷ সেই কথামতেই সকলো হ’বলৈ গৈ আছে৷’ ইফালে, ডেৰ মাহৰ ভিতৰতে প্ৰদেশ বিজেপিৰ নতুন সভাপতি পদৰো বাছনি হ’ব বুলি মন্তব্য কৰি শইকীয়াই কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সমগ্ৰ বিষয়টো দৃষ্টিত ৰাখিছে৷ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বৰ লগত আলোচনা কৰিব৷ উল্লেখ্য, অসমত দ্বিতীয়বাৰৰ কাৰণে বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ পদৰ পৰা বঞ্চিত হয় সৰ্বানন্দ সোণোৱাল৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সোণোৱালৰ পৰিৱৰ্তে ড॰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনত বহুৱায়৷ ইয়াৰ পাছতে সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক সংস্থাপনৰ বিষয়টো সক্ৰিয়ভাৱে বিবেচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সোণোৱালক অসমৰ পৰা নি মোদী মন্ত্ৰীসভাত স্থান দিয়াৰ সিদ্ধান্ত লয়৷ কিন্তু দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে সোণোৱালে প্ৰদেশ বিজেপিৰ সভাপতি পদত বহাৰ ক্ষেত্ৰতহে অধিক ইচ্ছা প্ৰকাশ কৰা বুলি বিজেপিৰেই বিভিন্ন সূত্ৰই সদৰী কৰে৷ অৱশ্যে, সোণোৱালৰ এই ইচ্ছাৰ প্ৰতি বৰ্তমানলৈ সন্মতি জনোৱা নাই বিজেপিৰ হাইকামাণ্ডে৷ কাৰণ বিজেপিৰ শীৰ্ষ নেতৃত্বই সোণোৱালক প্ৰদেশ বিজেপিৰ সভাপতি পাতি অসমত দুটা পাৱাৰ চেণ্টাৰ সৃষ্টি কৰিব বিচৰা নাই৷ যোৱা ১৮ জুনতে নিজৰ ৰাজনৈতিক সংস্থাপনৰ বাবে হাইকমাণ্ডৰ সৈতে আলোচনা কৰিবলৈ নতুন দিল্লীলৈ যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৬ দিন ধৰি নতুন দিল্লীতে বাহৰ পাতি আছে৷ বুধবাৰলৈকে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ পোৱা নাই৷ অৱশ্যে মঙলবাৰে তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰে৷ দুদিন পূৰ্বে তেওঁ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিছিল৷ বুধবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰীজন পুনৰ অসমলৈ ঘূৰি অহাৰ কথা আছিল যদিও এই বাতৰি লিখা পৰলৈকে তেওঁ নতুন দিল্লীতে আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে গোসাঁইগাঁৱৰ নৱনিৰ্বাচিত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু তামুলপুৰৰ নৱনিৰ্বাচিত বিধায়ক লেহুৰাম বড়োৱে ক’ভিডত আক্ৰান্ত হৈ হঠাৎ অকাল মৃত্যুক সাবটি লয়৷