Logo
image

ডিআইজিসহ ৩ শীৰ্ষ আৰক্ষী বদ্ৰীৰ গডফাদাৰ

আমাৰ অসম, ২৪ জুনঃ বদ্ৰীপ্ৰসাদ বাৰুৱতী নামৰ আৰক্ষী বিষয়াজনেই অসম আৰক্ষীৰ চুপাৰি লিংক৷ অসম আৰক্ষীত বিশেষ প্ৰভাৱ থকা বদ্ৰীপ্ৰসাদ বাৰুৱতী ক’লা বেপাৰী আৰু ছিণ্ডিকেট-চক্ৰৰ অতি ঘনিষ্ঠ৷ ৫০ লাখ টকাৰ সোণ কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে বদ্ৰীপ্ৰসাদৰ বিষয়ে অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে বিশেষ একো জনা নাছিল যদিও তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগেই আৰক্ষী আৰু অপৰাধীৰ সম্পৰ্কৰ ক’লা অধ্যায় এটাৰ পাছত আনটো মুকলি হ’বলৈ ধৰিছে৷ বহু শীৰ্ষ আৰক্ষী বিষয়াৰে বদ্ৰীপ্ৰসাদৰ দহৰম-মহৰম৷ ডিআইজিসহ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া বদ্ৰীপ্ৰসাদৰ ‘গডফাদাৰ’৷ বদ্ৰীপ্ৰসাদক কৰা জেৰাত এনেধৰণৰ বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে উচ্ছপদস্থ আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেই বিষয়ে এতিয়ালৈকে একো জানিব পৰা হোৱা নাই৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, চুপাৰী আৰু সোণৰ ছিণ্ডিকেটৰ সৈতেও সম্পৰ্ক বদ্ৰীপ্ৰসাদৰ৷ বদ্ৰীপ্ৰসাদলৈ প্ৰতিমাহে চুপাৰি ছিণ্ডিকেটৰ ধন আহিছিল৷ এই ধনৰ একাংশ নিজৰ বাবে ৰাখি আন একাংশ উচ্ছপদস্থ বিষয়াসকলক ভগাই দিছিল বদ্ৰীয়ে৷ বদ্ৰীপ্ৰসাদে জেৰাত প্ৰকাশ কৰা তথ্যৰ আধাৰত ইতিমধ্যে গুৱাহাটীৰ ভৰলুমুখ আৰক্ষীয়ে বদ্ৰীপ্ৰসাদৰ সহযোগী তথা গোলাঘাটৰ চুপাৰি মাফিয়া নয়নমণি শৰ্মাক আটক কৰিছে৷ আটকাধীন নয়নমনি শৰ্মা গোলাঘাটৰ চুপাৰী ছিণ্ডিকেটৰ নায়ক আব্দুল হান্নান ওৰফে বাবলুৰ মেনেজাৰ৷ আৰক্ষীৰ জেৰাত নয়নমনি শৰ্মাই আৰক্ষী বিষয়া বদ্ৰী প্ৰসাদক এ এছ-০১-ডি আৰ-৯৯০০ নম্বৰৰ ইন’ভা গাড়ী উপহাৰ হিচাপে দিয়াৰ কথা স্বীকাৰ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে গাড়ীখন জব্দ কৰিছে৷ আৰক্ষীয়ে আব্দুল হান্নান ওৰফে বাবলুক থানাত হাজিৰ হবলৈ নিৰ্দেশ জাৰি কৰিছে৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষী থানাত থকা অৱস্থাত বদ্ৰীপ্ৰসাদ চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত হৈ পৰিছিল৷ বদ্ৰীপ্ৰসাদে এজন এডিজিপি, এজন ডিআইজি আৰু এজন আৰক্ষী অধীক্ষকলৈ নিয়মীয়াকৈ পঠিয়ায় চুপাৰি ছিণ্ডিকেটৰ ধন৷ তদন্তকাৰী আৰক্ষীয়ে দুজন গৃহৰক্ষী জোৱানকো জেৰা কৰিছে৷ উল্লেখ্য যে, ৫০ লাখ টকাৰ সোণসহ গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়া বদ্ৰীপ্ৰসাদসহ দুজন অভিযুক্তৰ পাঁচদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত মঙলবাৰে তেওঁলোকক কামৰূপ জিলাৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে দুই অভিযুক্তক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ বদ্ৰীপ্ৰসাদৰ জামিনৰ বাবে তেওঁৰ অধিবক্তাই আদালতত আবেদন জনাইছিল যদিও আদালতে জামিন আবেদন নাকচ কৰে৷ তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰা মতে, বদ্ৰীপ্ৰসাদৰ সোণৰ ক’লা সাম্ৰাজ্যৰ বহু তথ্য পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত আছে৷ ম্যানমাৰৰ পৰা চোৰাং সোণ সৰবৰাহ কৰা ব্যৱসায়ীৰে বুজাবুজি কৰি গুৱাহাটীৰ মাজেৰে ৰে’লেৰে বহিঃৰাজ্যলৈ সোণ সৰবৰাহ কৰাৰ সুবিধা কৰি দিছিল জিআৰপিৰ উপপৰিদৰ্শক বদ্ৰীপ্ৰসাদে৷ বিনিময়ত বদ্ৰীপ্ৰসাদে চোৰাং বেপাৰীৰ পৰা বেংক একাউণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল৷ মাজে সময়ে সোণৰ বিস্কুট উপহাৰ লৈছিল৷ নগাঁৱৰ বিকনাৰী জুৱেলাৰীত এই সোণ বদ্ৰীপ্ৰসাদে বিক্ৰী কৰিছিল৷ চোৰাং সোণ ব্যৱসায়ী চক্ৰৰ পৰা জিআৰপিৰ হোমগাৰ্ড, কনিষ্টবল আদিৰ বেংক একাউণ্টৰ জৰিয়তেও ধন আদায় লৈছিল বদ্ৰীয়ে৷ ইতিমধ্যে জিআৰপিৰ কামেশ্বৰ ৰাভা নামৰ কনিষ্টবলজনৰ সাক্ষ্য আদালতে গ্ৰহণ কৰিছে৷ বদ্ৰীপ্ৰসাদ-কাণ্ডৰে জড়িত অসম পুলিচৰ বহু ৰৌ-বৰালিক ৰাজনৈতিক নেতাবিশেষে আশ্ৰয় দিবলৈ চেষ্টা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ বহুচৰ্চিত স্মাৰ্ট পুলিচ আৰু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা অভিযানে এইসকল ৰৌ-বৰালিক কেনেদৰে প্ৰভাৱিত কৰে সেয়া নিশ্চয় লক্ষণীয় হ’ব৷