Logo
image

কাইলৈহে নতুন এছঅ’পি

আমাৰ অসম, ২৫ জুনঃ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত শনিবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব নতুন এছ অ’ পি৷ ৰাজ্যৰ কেইবাখনো জিলাত ক’ভিডৰ ২২০টা হটস্পট চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে৷ জিলা উপায়ুক্ত সকলৰ সৈতে কাইলৈ অৰ্থাৎ শুকুৰবাৰে মুখ্যমন্ত্ৰীৰে হ’বলগা ভিডিঅ’ কনফাৰেন্সৰ পাছতেই হটস্পট জিলা-অঞ্চলত লকডাউন তথা কণ্টেইনমেণ্টৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ সংশ্লিষ্ট জিলা উপায়ুক্তৰ মতামতৰ ভিত্তিত কেৱল হটস্পট অঞ্চলসমূহত কণ্টেইনমেণ্ট বা সমস্ত জিলাখনতে লকডাউন দিয়াৰ সন্দৰ্ভত শনিবাৰে এছ অ’ পি জাৰি কৰিব ৰাজ্য চৰকাৰে৷ ক’ভিড সংক্ৰমিত ‘ৰেড ডিষ্ট্ৰিক’ত লকডাউন দিয়াক লৈ ব্যাপক উৎকণ্ঠাই বিৰাজ কৰাৰ সময়ত ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমক কয়– কাইলৈ জিলা উপায়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত শনিবাৰে ক’ভিডৰ নতুন এছ অ’ পি প্ৰকাশ পাব৷ কিয়নো বৰ্তমানেও গোলাঘাট আৰু বিশ্বনাথ জিলাৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক হৈ আছে৷ তাৰ তুলনাত কাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়া আদি অধিক সংক্ৰমিত জিলাসমূহত লাহে লাহে পৰিৱেশ কিছু উন্নত হৈছে৷ বিগত ৩দিন ধৰি চলা বৃহৎ ভেকচিন প্ৰদান কাৰ্যসূচীয়ে ক’ভিড পৰিস্থিতি কিছু উন্নত কৰাৰ আশা কৰা হৈছে৷ ইতিমধ্যে ২২০টা ক’ভিড হটস্পট অঞ্চল চিনাক্ত কৰা হৈছে৷ কোনোৱে হটস্পট অঞ্চলসমূহত কঠোৰ কণ্টেইনমেণ্টৰ পৰামৰ্শ দিয়াৰ বিপৰীতে আন কোনো সমগ্ৰ জিলাখনতে লকডাউনৰ পৰামৰ্শ দিছে৷ সেইয়ে এই বিষয়টো লৈ জিলা উপায়ুক্ত সকলৰ সৈতে কাইলৈ বিস্তৃত আলোচনা কৰা হ’ব৷ উপায়ুক্তসকলে যি ধৰণে মতামত দিব, সেইমতে সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ বৰ্তমান ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ২শতাংশৰ তললৈ নামিছে৷ দৈনিক সংক্ৰমণৰ সংখ্যা ২৫০০ৰ ওচৰ চাপিছে যদিও আৰু ৬০০-৫০০ কমিলে, অসম কিছু স্বাভাবিক অৱস্থালৈ ঘূৰি আহিব৷

একেদিনাই ৩৪জনৰ মৃত্যু, সৰ্বাধিক আক্ৰান্ত জিলাৰ শীৰ্ষত গোলাঘাট, শোণিতপুৰ

ৰাজ্যত ক’ভিড সংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত নতুনকৈ ২,৭৮১জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ বৃহস্পতিবাৰে ক’ভিড পৰীক্ষা কৰা ১.২৪ লাখ লোকৰ বিপৰীতে ২.২৪ শতাংশ পজিটিভিটী লাভ কৰিছে৷ ক’ভিড সংক্ৰমিত জিলাৰ শীৰ্ষত আছে গোলাঘাট আৰু শোণিতপুৰ জিলা৷ বৃহস্পতিবাৰৰ দিনটোত গোলাঘাটত ২৪৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে শোণিতপুৰ জিলাত ২২৮ জন লোক আক্ৰান্ত হৈছে৷ অৱশ্যে ৰাজ্যৰ আন জিলাসমূহত আক্ৰান্তৰ সংখ্যা ২০০১ তলত৷ গুৱাহাটীৰ পৰিস্থিতি প্ৰতিদিনেই উন্নত হ’বলৈ ধৰিছে৷ বৃহস্পতিবাৰে মহানগৰীত ১৬২ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত মৃত্যু হৈছে ৩৪ জন ৰোগীৰ৷ যোৰহাটত ৫ জন, কামৰূপ মহানগৰত ৪ জন, কাৰ্বি আংলঙত ৪ জন, নগাঁৱত ৪ জন আৰু তিনিচুকীয়াত ৪জন ৰোগীৰ মৃত্যু হৈছে৷ চৰাইদেউত ২ জন, দৰঙত ২ জন, হোজাইত ২ জন আৰু বৰপেটা, ডিব্ৰুগড়, গোলাঘাট, কৰিমগঞ্জ, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰত এজনকৈ ৰোগীৰ মৃত্যু হৈছে৷