
৩০ জুনত ‘শপত’ ল’ব সৰ্বানন্দ সোণোৱালে!
আমাৰ অসম, ২৫ জুনঃ ৰাজনৈতিক সংস্থাপনৰ লক্ষ্যৰে বিগত ৬ দিন নতুন দিল্লীত বাহৰ পাতি থকা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই পৰ্যন্ত সাক্ষাৎ হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে৷ অসমত বিজেপি দলে দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰে যদিও সৰ্বানন্দ সোণোৱালে হেৰুৱাবলগীয়া হয় মুখ্যমন্ত্ৰী পদ৷ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী পদত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ বাছনিত নুঠিল সোণোৱাল৷ তেওঁৰ পৰিৱৰ্তে বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰে ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ মুখ্যমন্ত্ৰী পদ হেৰুওৱাৰ পাছতে তেওঁক ৰাজনৈতিকভাৱে সংস্থাপিত কৰাৰ বিষয়টো সক্ৰিয়ভাৱে বিবেচনা কৰে দলৰ শীৰ্ষ নেতৃত্বই৷ অৱশ্যে, এই ক্ষেত্ৰত সোণোৱালৰ সৰ্বাধিক পছন্দৰ আছিল ৰাজ্যিক বিজেপিৰ সভাপতি পদটো৷ কিন্তু সোণোৱালক সভাপতি পদত বহুৱাই অসমত দুটা ‘পাৱাৰ চেণ্টাৰ’ কোনো কাৰণতে সৃষ্টি কৰিব বিচৰা নাই দলৰ নেতৃত্বই৷ সেয়ে সোণোৱালক দিল্লীলৈ লৈ গৈ মোদী মন্ত্ৰীসভাত স্থান দিব বিচাৰিছে কেন্দ্ৰীয় নেতৃত্বই৷ হাইকমাণ্ডৰ জৰুৰী নিৰ্দেশত সোণোৱাল ১৯ জুনত দিল্লী অভিমুখে ৰাওনা হয় যদিও এই পৰ্যন্ত তেওঁ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিছে৷ কিন্তু ৬ দিন দিল্লীত বাহৰ পাতি থকাৰ পাছতো প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে সাক্ষাৎ হোৱা নাই সোণোৱালৰ৷ উল্লেখ্য, বৰ্তমান ৰামেশ্বৰ তেলী মোদী মন্ত্ৰীসভাত থকাৰ পৰিপ্ৰেক্ষিতত সোণোৱালৰ অন্তভুক্তিৰ্ৰ বিষয়টোৱে কিছু জটিলতাৰ সৃষ্টি কৰিছে৷ ৰামেশ্বৰ তেলীক মন্ত্ৰীসভাৰ পৰা আতৰাই দিলে বিজেপিৰ শক্তিশালী ভোট বেংক হিচাপে গঢ়ি উঠা চাহ জনগোষ্ঠীৰ মাজত ক্ষোভৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিছে দলৰ নেতৃত্বই৷ সেয়ে তেলীক ৰাজ্যিক বিজেপিৰ সভাপতি পদত বহুৱাব বিচাৰিছে দলৰ হাইকামাণ্ডে৷ কিন্তু এই সমীকৰণটোও বৰ্তমানলৈ মিলি উঠা নাই৷ সেয়ে সোণোৱালক কোনোবা এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়াৰ বিষয়টোও দলৰ নেতৃত্বই বিবেচনা কৰি আছে যদিও সক্ৰিয় ৰাজনীতিৰ পৰা আতৰি আহি সোণোৱালে ৰাজ্যপাল হ’বলৈ মুঠেই ইচ্ছুক নহয় বুলি সোণোৱালৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে৷ এই সূত্ৰটোৰ মতে জুন মাহৰ শেষৰ পিনে অৰ্থাৎ ৩০ জুনত সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ এক সম্ভাৱনা আছে৷ অৱশ্যে এই পৰ্যন্ত কিন্তু তেওঁৰ ভৱিষ্যৎ ৰাজনৈতিক সংস্থাপনৰ বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণ সিদ্ধান্তত উপনীত হোৱা নাই বিজেপিৰ শীৰ্ষ নেতৃত্ব৷