Logo
image

গান্ধীৰ নামত ৰাজ্যত শ কোটি টকাৰ দুৰ্নীতি

এমজিএনৰেগাত ১০০ শতাংশ সহনশীলতা

প্ৰতিবেদন-১

আমাৰ অসম, ২৫ জুনঃ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মূল শ্লোগান আছিল ‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল’ নীতি৷ কিন্তু চৰকাৰখনত এই নীতি দুৰ্নীতিৰ সপক্ষে সহনশীল আছিল নে দুৰ্নীতিৰ বিৰুদ্ধে সহনশীল আছিল সেয়াহে দুৰ্বোধ্য৷ আৰটিআইৰ তথ্যতো ওলাই পৰে বিগত চৰকাৰৰ পৰ্বতসম দুৰ্নীতিৰ তথ্য৷ মহাত্মাৰ গান্ধীৰ নামত ৰাজ্যত সংঘটিত হৈছিল শ শ কোটি টকাৰ কেলেংকাৰি৷ এমজি এনৰেগাত এশ শতাংশ সহনশীলতা নীতিহে যেন অৱলম্বন কৰিছিল সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ সোণোৱাল চৰকাৰৰ আমোলত এজন বিজেপি বিধায়কৰ পৰ্বতসম দুৰ্নীতিৰ তথ্য দেখিলে ইয়াৰ অন্তৰ্নিহিত কথাটো ওলাই পৰে৷ প্ৰাক্তন বিধায়কজনৰ নাম নাৰায়ণ ডেকা৷ এইজন নাৰায়ণ ডেকাই এইবাৰ বিজেপিৰ টিকটত বৰক্ষেত্ৰীত পুনৰ নিৰ্বাচন খেলিছিল যদিও মুখথেকেচা খায়৷ নাৰায়ণ ডেকাই নিজেই দাবী কৰে যে সমষ্টিত তেওঁ শ শ কোটি টকাৰ কাম কৰিছে, ৰাজ্যৰ ভিতৰতে এমজি এনৰেগাৰ সৰ্বাধিক কাম হৈছে বৰক্ষেত্ৰী সমষ্টিত৷ তেনেস্থলত কিয় ৰাইজে এইবাৰ নিৰ্বাচনত প্ৰত্যাখ্যান কৰিলে নাৰায়ণ ডেকাক? ৰাইজে নাৰায়ণ ডেকাক প্ৰত্যাখ্যান কৰাৰ মূল কাৰণ আছিল এমজি এনৰেগাৰ কাম৷ এই এমজি এনৰেগাৰ কামৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আছে নাৰায়ণ ডেকাৰ বিৰুদ্ধে৷ আমাৰ অনুসন্ধানত ওলাই পৰিছে নাৰায়ণ ডেকাৰ কেইবাকোটি টকাৰ কেইবাটাও বৃহৎ কেলেংকাৰি৷ দুৰ্নীতিৰ এটা উদাহৰণ দেখিলেই সকলোৱে স্বীকাৰ কৰিব যে সঁচাকৈয়ে নাৰায়ণ ডেকা এজন ‘সাহসী’ ব্যক্তি৷ তেওঁৰ দুৰ্নীতিৰ হিচাপ-নিকাচ এদিনৰ প্ৰতিবেদনত সম্পূৰ্ণ কৰা সম্ভৱ নহয়৷ মাথোঁ দুটামান উদাহৰণেৰে দেখুৱাব বিচাৰিছোঁ দুৰ্নীতিৰ আদৱ-কায়দা৷ এমজি এনৰেগাৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত বৰক্ষেত্ৰী সমষ্টিৰ লাৰকুছি পিডব্লিউডি পথৰ পৰা পেৰাধৰা বজাৰলৈ প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে এটা কৃষি বান্ধ নিৰ্মাণ কৰা দেখুওৱা হৈছিল৷ একেটা কামকে পুনৰবাৰ কৰা দেখুৱাই সম পৰিমাণৰ ধন মোকলাই লৈ যায় তেওঁ৷ অৰ্থাৎ কোনো কাম নকৰাকৈ ভুৱা জবকাৰ্ড দেখুৱাই ২০ লাখ টকা আত্মসাৎ কৰে বিধায়কজনে৷ এয়া মাথোঁ এটা সৰু উদাহৰণহে৷ ২০১৯-২০ বিত্তীয় বৰ্ষত সংঘটিত হৈছিল আন এক বৃহৎ কেলেংকাৰি৷ কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত উপভোক্তা আঁচনিৰ অধীনত প্ৰায় চাৰে চাৰি কোটি টকা আত্মসাৎ কৰা হৈছিল বিধায়কজনৰ নেতৃত্বত৷ আই বি এছৰ জৰিয়তে ২০১৯-২০ত প্ৰায় ৩০০ উপভোক্তাক মৎস্য পালনৰ বাবে ১,৪৭,০০০ টকাকৈ সাহায্য প্ৰদান কৰিছিল৷ কিন্তু আ(ৰ্যজনকভাৱে এই ৩০০ হিতাধিকাৰীয়েই আছিল ভুৱা৷ অৰ্থাৎ ভুৱা হিতাধিকাৰীৰ নামত প্ৰায় ৪.৫ কোটি টকা আত্মসাৎ কৰা হৈছিল৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে সোণাবৰ আলী নামৰ এজন লোক প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ অতি ঘনিষ্ঠ৷ এইজন সোণাবৰৰ সৈতে ৮ হাজাৰতকৈ বেছি ভুৱা হিতাধিকাৰীৰ বেংক একাউণ্ট থকাৰ অভিযোগ আছে৷ প্ৰধানতঃ চৰ অঞ্চলৰ নিৰক্ষৰ লোকৰ নাম লৈ এনেবোৰ একাউণ্ট খোলা হৈছে৷ যি বেংক একাউণ্টৰ কথা প্ৰকৃত হিতাধিকাৰীয়ে গমকে নাপায়৷ এনে ভুৱা হিতাধিকাৰীৰ জৰিয়তে সমষ্টিটোত বিগত ৫ বছৰত শ শ কোটি টকাৰ কাম কৰা দেখুৱাই সমূলঞ্চে চৰকাৰী ধন আত্মসাৎ কৰিছিল নাৰায়ণ ডেকা এণ্ড কোম্পানীয়ে৷ বৰ্তমানৰ চৰকাৰে যদি উপযুক্ত তদন্তৰ ব্যৱস্থা কৰে তেতিয়াহ’লে সোণোৱাল চৰকাৰৰ আমোলৰ এই সৰ্ববৃহৎ দুৰ্নীতি পোহৰলৈ আহিব৷