
পুনৰ খোল খালে এ পি এছ চি দুৰ্নীতিৰ ফাইল
আমাৰ অসম, ২৬ জুনঃ বহু বিতৰ্কিত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ তদন্তৰ ফাইল পুনৰ খোল খাইছে৷ কুখ্যাত ৰাকেশ পালৰ আমোলত সংঘটিত এপিএছচি কেলেংকাৰি গোচৰত নতুনকৈ আন একাংশ বৰ্তমান কৰ্মৰত এ চি এছ-এপিএছ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ বাট মুকলি হৈছে৷ গুৱাহাটীস্থ বিশেষ ন্যায়াধীকৰণৰ আদালতে ২০১৫ বৰ্ষৰ লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৰাকেশ পাল বাহিনীয়ে ধনৰ বিনিময়ত বাছনি কৰা প্ৰাৰ্থীৰ মূল উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটৰ মাজত থকা বিসংগতি পৰীক্ষাৰ বাবে নিৰ্দেশ দিছে তদন্তকাৰী আৰক্ষীক৷ স্বাভাৱিকতেই আদালতৰ এই নিৰ্দেশত ২০১৫ বৰ্ষত এচিএছ, এপিএছ তথা সংলগ্ন সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰি বৰ্তমান কৰ্মৰত একাধিক বিষয়া অচিৰেই কাৰাগাৰৰ আলহী হোৱাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, কংগ্ৰেছ চৰকাৰৰ আমোলত অসম লোকসেৱা আয়োগক মাছৰ বজাৰলৈ পৰিণত কৰি মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰি ধন দিয়া প্ৰাৰ্থীক এচিএছ-এপিএছৰ দৰে প্ৰশাসনিক পদত বাছনি কৰিছিল কুখ্যাত ৰাকেশ পালে৷ ২০১৬ চনৰ অক্টোবৰত অংশুমিতা গগৈ নামৰ এগৰাকী দন্ত চিকিৎসকে দিয়া এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত কৰি এপিএছচি কেলেংকাৰিৰ চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছিল৷ ৰাকেশ পাল বাহিনীয়ে জাল উত্তৰ বহী ছপা কৰি ধন লোৱা প্ৰাৰ্থীক পৰীক্ষাৰ পাছত উত্তৰ লিখিবলৈ দি বাছনি কৰাৰ ব্যৱস্থা কৰিছিল৷ তদুপৰি উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটত শেষ মুহূৰ্তত নম্বৰ যোগ দি নিৰ্দিষ্ট প্ৰাৰ্থীক বাছনি কৰি ফলাফল প্ৰকাশ কৰিছিল৷ ২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা [যিটো পৰীক্ষাৰ ২০১৫ চনত ফলাফল প্ৰকাশ পাইছিল] আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা [যিটো পৰীক্ষাৰ ২০১৬ বৰ্ষত ফলাফল প্ৰকাশ পাইছিল]– এই দুই পৰীক্ষাত দুৰ্নীতিৰে বাছনি লাভ কৰা ৫০ জনতকৈ অধিক প্ৰাৰ্থীক ডিব্ৰুগড় আৰক্ষীয়ে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰি অভিযোগনামাও দাখিল কৰিছে৷ আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল, দুই পৰীক্ষা নিয়ন্ত্ৰক বসন্ত দলে, ছামেদুৰ ৰহমান, সহ পৰীক্ষা নিয়ন্ত্ৰক পবিত্ৰ কৈৱৰ্তকে ধৰি এপিএছচি গোচৰত এতিয়ালৈ গ্ৰেপ্তাৰ হৈছে ৭৪জন লোক৷ আনকি এই গোচৰটোত আয়োগৰ প্ৰাক্তন সদস্য বিনীতা ৰিন্জা আৰু দালাল পশু চিকিৎসক মৃগেন শইকীয়া ৰাজসাক্ষী হৈছে৷ লক্ষণীয়ভাৱে ২০১৫ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ৩৯জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰিছিল৷ ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৯৩৬/২০১৬ নম্বৰ গোচৰটোত ২০১৫ বেট্ছত পৰীক্ষাত বাছনি লাভ কৰা সকলো প্ৰাৰ্থী অৰ্থাৎ সৰ্বমুঠ ২৪১জন প্ৰাৰ্থীৰে উত্তৰ বহী ফৰেনচিকলৈ প্ৰেৰণ কৰি আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিতেই ৩৯জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত এই উত্তৰ বহীসমূহ আদালতৰ জিম্মাত দিছিল তদন্তকাৰী আৰক্ষীয়ে৷ শেহতীয়াকৈ ২০১৯ চনত ২০১৫ বষত উত্তীৰ্ণ সকলো প্ৰাৰ্থীৰ টেবুলেশ্বন শ্বীট [য’ত উত্তৰ বহীত লাভ কৰা নম্বৰ চূড়ান্ত ফলাফলৰ বাবে যোগ কৰা হয়] তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰি আদালতৰ অনুমতি সাপেক্ষে দেশৰ বিভিন্ন ফৰেনচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে ফৰেনচিক বিজ্ঞানাগাৰৰ পৰা প্ৰতিবেদন লাভ কৰাত পলম হৈছিল যদিও অৱশেষত প্ৰতিবেদন লাভ কৰাত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীৰ উপৰি আন একাংশ বাছনিকৃত প্ৰাৰ্থীৰ টেবুলেশ্বন শ্বীটত ব্যাপক বিসংগতি প্ৰকাশ পায়৷ অৰ্থাৎ আন একাংশ প্ৰাৰ্থীৰ পৰীক্ষাৰ উত্তৰ বহীত পৰীক্ষকে দিয়া নম্বৰ আৰু টেবুলেশ্বন শ্বীটত দেখুওৱা নম্বৰৰ ব্যাপক বিসংগতিৰ তথ্য পোহৰলৈ আহিছে৷ ফৰেনচিক প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে ২০১৫ বেট্ছৰ পৰীক্ষাত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ৩৯জন প্ৰাৰ্থীয়েই নহয় আৰু একাধিক প্ৰাৰ্থীক ৰাকেশ পাল বাহিনীয়ে জালিয়াতিৰে নিযুক্তি দিছিল৷ একোখন টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰাৰ [অ’ভাৰ লেপিং], মূল্যায়নকাৰীৰ জাল স্বাক্ষৰ, নম্বৰ কটা-কটি, পৃথক পৃথক কলম ব্যৱহাৰ ইত্যাদি তথ্য প্ৰমাণ স্পষ্ট হৈ পৰিছে৷ এই তথ্য প্ৰমাণৰ ভিত্তিতে তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰে ফৰেনচিক প্ৰতিবেদনক অস্ত্ৰ হিচাপে লৈ এইসকল দুৰ্নীতিগ্ৰস্ত এচিএছ-এপিএছ বিষয়াক এতিয়া গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে৷ সেই সূত্ৰেই শুকুৰবাৰে তদন্তকাৰী আৰক্ষীয়ে বিশেষ ন্যায়াধীশৰ আদালতত ফৰেনচিক প্ৰতিবেদন দাখিল কৰাৰ লগতে আদালতৰ জিম্মাত থকা সংশ্লিষ্ট প্ৰাৰ্থীসকলৰ উত্তৰ বহীৰ নম্বৰ আৰু টেবুলেশ্বন শ্বীটৰ বিসংগতি পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণৰ বাবে অনুমতি বিচাৰি আবেদন জনায়৷ উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি বিশেষ ন্যায়াধীশৰ আদালতে তদন্তকাৰী আৰক্ষীক অনুমতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে৷ অৱশ্যে আদালতত জনোৱা আবেদনৰ সন্দৰ্ভত তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰ আৰু অতিৰিক্ত লোক অধিবক্তা পংকজ প্ৰতীম দত্তৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও কোনো তথ্য প্ৰকাশৰ পৰা বিৰত থাকে৷ স্বাভাৱিকতেই এতিয়া ২০১৫ বৰ্ষৰ পৰীক্ষাত বাছনি লাভ কৰা একাধিক প্ৰাৰ্থীৰ উত্তৰ বহীত জালিয়াতি পোহৰলৈ অহাত যিকোনো মুহূৰ্ততে আৰু বহু প্ৰশাসনিক বিষয়া গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈ পৰিছে৷ অৱশ্যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুখ্যাত ৰাকেশ পালে ধন লৈ বাছনি কৰা আৰু বৰ্তমান ৰাজকোষৰ পৰা নিয়মীয়াকৈ দৰমহা লাভ কৰি চৰকাৰী সুবিধা ভোগ কৰা দুৰ্নীতিগ্ৰস্ত এচিএছ-এপিএছ বিষয়াসকলক গ্ৰেপ্তাৰৰ অনুমতি দিব নে নাই, সেয়া সময়তহে স্পষ্ট হ’ব৷ আৰক্ষীৰ এটা সূত্ৰই দাবী কৰা মতে কেৱল ২০১৫ বৰ্ষৰ প্ৰাৰ্থীয়েই নহয়, কলংকিত ২০১৬ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত বাছনি লাভ কৰা আন একাংশ প্ৰাৰ্থীৰো টেবুলেশ্বন শ্বীট আৰু মূল উত্তৰ বহীত বেমেজালিৰ তথ্য স্পষ্ট হৈ পৰিছে ফৰেনচিক প্ৰতিবেদনত৷
এ পি এছ চিক কলংকিত কৰা তাৰাপ্ৰসাদ দাসক অগপৰ গুৰুদায়িত্ব
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই এ পি এছ চি কেলেংকাৰিৰ তদন্তৰ ফাইল নতুনকৈ খোল খোৱাৰ সময়তে এ পি এছ চিক প্ৰথমবাৰলৈ কলংকৰ দাগ সনা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰাপ্ৰসাদ দাসক বিজেপিৰ মিত্ৰদল অগপৰ গুৰুদায়িত্ব দিয়া হৈছে৷ অগপ দলে বিতৰ্কিত ডাঃ তাৰাপ্ৰসাদ দাসক আঞ্চলিকতাবাদৰ ধবজাবাহক দলটোৰ কেন্দ্ৰীয় উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে৷ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নিৰ্দেশত অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে তাৰাপ্ৰসাদ দাসক দলৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰে৷ উল্লেখ্য, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আস্থাভাজন ডাঃ তাৰাপ্ৰসাদ দাসে ১৯৯৪-৯৫ চনত লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব পালন কৰাৰ বিপৰীতে ১৯৯৫-২০০০ চনলৈ তেওঁ স্থায়ী অধ্যক্ষৰ দায়িত্বত আছিল৷ এইজন বিতৰ্কিত অধ্যক্ষৰ কাৰ্যকালতে স্বতন্ত্ৰ সংস্থা এ পি এছ চিৰ গাত কলংক লাগিছিল৷ দাসৰ কাৰ্যকালতে ধনৰ বিনিময়ত যোগ্যজনক বঞ্চিত কৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত অযোগ্য প্ৰাৰ্থীক এ চি এছ-এ পি এছ পদত বাছনি কৰাৰ অভিযোগ উঠিছিল৷ তাৰাপ্ৰসাদ দাসে বাছনি কৰা একাংশ সন্দেহজনক প্ৰাৰ্থীয়ে এতিয়া চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে বুলিও সততে চৰ্চা চলে৷ এনে এজন বিতৰ্কিত ব্যক্তিক অতুল বৰা আৰু কেশৱ মহন্তই অগপৰ উপ-সভাপতিৰ দায়িত্ব দিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷