Logo
image

প্ৰাইভেট হাস্পতালৰ ক’ভিড চিকিৎসাৰ নিৰিখ পুনৰীক্ষণৰ নিৰ্দেশ

আমাৰ অসম, ২৬ জুনঃ ব্যক্তিগত খণ্ডৰ হাস্পতালৰ নিৰিখ পুনৰ বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত এটা অধিবক্তা সংগঠনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠে সকলো পক্ষৰ সৈতে আলোচনা কৰি ব্যক্তিগত খণ্ডৰ হাস্পতালৰ নিৰিখ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে৷ হাস্পতালৰ অন্যান্য নিৰিখৰ উপৰি চিংগল কেবিন, চেমি কেবিন আদিৰ নিৰিখ সন্নিবিষ্ট কৰিবলৈ নিৰ্দেশ দিছে বিচাৰপীঠেখনে৷ উল্লেখ্য এডভোকেট এছ’চিয়েছন ফৰ ইণ্ডিজেনাছ ৰাইটছ অব এছামিজ এণ্ড দা আদাৰ নামৰ এটা সংগঠনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত ৰুজু হোৱা ৩১/২০২১ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে বিচাৰপীঠখনে৷ আবেদনকাৰীয়ে আবেদনত উল্লেখ কৰিছে যে ক’ভিড সৃষ্ট পৰিস্থিতিত ব্যক্তিগতখণ্ডৰ হাস্পতালৰ নিৰিখ বেছিকৈ নিৰ্ধাৰণ কৰা হৈছে৷ সাধাৰণ মানুহৰ বাবে এনে নিৰিখ দিয়াটো সহজ নহয়৷ বিষয়টো বিচাৰপীঠৰ দৃষ্টি গোচৰ হোৱাটো অতি জৰুৰী৷