Logo
image

১৬ জুলাইত বাজেট দাখিল কৰিব অজন্তাই

আমাৰ অসম, ২৬ জুনঃ ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব৷ ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২১-২২ বৰ্ষৰ সাধাৰণ বাজেট৷ বিধানসভাৰ মুঠ কৰ্মদিন হ’ব ১৫ দিন৷ উল্লেখ্য, ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে ১৬ জুলাইত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিব৷ বিত্তমন্ত্ৰী হিচাপে ড॰ হিমন্তবিশ্ব শৰ্মাই জানুৱাৰী মাহত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা লেখানুদানৰ পাছত অজন্তা নেওগে দাখিল কৰিবলগীয়া ১৬ জুলাইৰ বাজেটেই হ’ব পূৰ্ণাংগ বাজেট৷ অসম বিধানসভা সচিবালয়ৰ সূত্ৰই জনোৱা মতে, জুলাই মাহৰ ১২, ১৩, ১৪, ১৫, ১৬, ১৯, ২০ তাৰিখ আৰু আগষ্ট মাহৰ ৪, ৫, ৬, ৯, ১০, ১১, ১২ আৰু ১৩ তাৰিখে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ এই অধিৱেশনত গো-সংৰক্ষণকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে৷

ছিপাঝাৰৰ চৰকাৰী ভূমিত কৃষিকৰ্মৰ বাবে গঠিত সমিতিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যৰ কৃষি অৰ্থনীতি উজ্জ্বীৱিতকৰণৰ দিশত এক প্ৰয়াস হিচাপে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি অঞ্চলত থকা বহু হাজাৰ বিঘা চৰকাৰী ভূমিত সমবায়ভিত্তিক খেতি কৰাৰ পৰিকল্পনা প্ৰস্তুতৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সমিতিৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই শুকুৰবাৰে এক বৈঠকত মিলিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত সমিতিখনে হাতত লোৱা প্ৰাৰম্ভিক কাম-কাজৰ বিষয়ে মুখ্যমন্ত্ৰীক সবিশেষ অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ সমাগত বাজেট অধিৱেশনৰ পূৰ্বে জুলাইৰ প্ৰথম সপ্তাহৰ ভিতৰত এই সম্পৰ্কীয় পৰিকল্পনাৰ খচৰা দাখিল কৰিবলৈ সমিতিক নিৰ্দেশ দিয়ে৷