
আজিৰে পৰা ১৩-১৪ বৰ্ষৰ অৰ্ধশতাধিক বিষয়ালৈ যাব চমন
আমাৰ অসম, ২৮ জুনঃ বহু বিতৰ্কিত অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তৰ ফাইল নতুনকৈ খোল খোৱাৰ পাছতেই হাহাকাৰ লাগিছে ৰাজ্যত প্ৰশাসন যন্ত্ৰৰ ভিতৰচ’ৰাত৷ এজন বা দুজন নহয়, প্ৰায় অৰ্ধশতাধিক এ চি এছ, এপি এছ তথা সংযুক্ত সেৱাৰ বিষয়া যিকোনো মুহূৰ্ততে ৰঙাঘৰৰ আলহী হৈ পৰাতো নিশ্চিত হৈ পৰিছে৷ আজিৰ দিনটোত বুক ফিন্দাই চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, ডি এছ পি, কৰ বিষয়া, নিয়োগ বিষয়া, শ্ৰম বিষয়া, ডি টি অ’ আৰু আবকাৰী বিষয়া হিচাপে কৰ্মৰত হৈ থকা দুকুৰিৰো অধিক বিষয়াৰ অচিৰেই সান্দহ খোৱা বালি তল যোৱাৰ পথত৷ ২০১৩ বৰ্ষত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা [ফলাফল প্ৰকাশ পাইছিল ২০১৫ চনত] আৰু ২০১৪ বৰ্ষৰ সুংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা [ফলাফল প্ৰকাশ পাইছিল ২০১৬ চন]ত কুখ্যাত ৰাকেশ পাল বাহিনীয়ে ধনৰ বিনিয়মত ফলাফলৰ টেবুলেশ্বন শ্বীটত নম্বৰ বহাই দি প্ৰশাসনিক বিষয়াৰ পদত অধিস্থিত কৰোৱা অৰ্ধশতাধিক বিষয়া এতিয়া তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰ আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগৰ ৰাডাৰত৷ ২০১৩ চনৰ আৰু ২০১৪ চনৰ এ পি এছ চি পৰীক্ষাৰ ফলাফলৰ টেবুলেশ্বন শ্বীটত ব্যাপক বিসংগতি তথ্য ফৰেনচিক প্ৰতিবেদন স্পষ্ট হৈ পৰাত বক্ৰ পথেৰে চাকৰি লোৱা প্ৰাৰ্থীসকলক জেৰাৰ বাবে সাজু হৈ তদন্তকাৰী আৰক্ষী আৰু ন্যায়িক আয়োগ৷ ফৰেনচিক প্ৰতিবেদনত ২০১৩ বৰ্ষৰ পৰীক্ষাত বাছনিকৃত প্ৰায় ২৫জন সন্দেহজনক প্ৰাৰ্থীক চিনাক্ত কৰাৰ বিপৰীতে ২০১৪ বৰ্ষৰ পৰীক্ষাত বাছনিকৃত প্ৰায় ২০জন সন্দেহজনক প্ৰাৰ্থীক চিনাক্ত কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ তদন্তকাৰী আৰক্ষীয়ে শেহতীয়াকৈ ২০১৩ বৰ্ষৰ বাছনিকৃত প্ৰাৰ্থীসকলৰ মূল উত্তৰ-বহী আৰু টেবুলেশ্বন শ্বীটত নম্বৰৰ বিসংগতি পৰীক্ষা কৰি নিশ্চিত কৰাৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতৰ পৰা অনুমতি আদায় কৰিছে৷ সোমবাৰ বা মঙলবাৰে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে বিশেষ ন্যায়াধীশৰ আদালতৰ কক্ষত উত্তৰ-বহী আৰু টেবুলেশ্বন শ্বীটত লাভ কৰা নম্বৰৰ তাৰতম্য পৰীক্ষা কৰিব৷ এই আনুষ্ঠানিকতা শেষ হ’লেই তদন্তকাৰী বিষয়াই দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াসকলক প্ৰথমে কাহিলীপাৰৰ বিশেষ শাখাত জেৰা কৰিহস্তাক্ষৰ পৰীক্ষা ল’ব আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ কৰিব বুলি আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিছে৷ আনহাতে ২০১৩ বৰ্ষৰ ফলাফলৰ টেবুলেশ্বন শ্বীটৰ পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছতেই ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত বাছনিকৃত প্ৰাৰ্থীসকলৰো উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটৰ পৰীক্ষণ কৰাৰ বাবে আদালতৰ অনুমতি লৈ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিছে৷ ইতিমধ্যে, ২০১৩ আৰু ২০১৪ বৰ্ষত বাছনিকৃত দুৰ্নীতিগ্ৰস্ত প্ৰাৰ্থীসকলৰো বৰ্তমানৰ কৰ্মস্থানৰ ঠিকনা সংগ্ৰহ কৰি নজৰত ৰাখিছে তদন্তকাৰী আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে একে সময়তে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত গঠিত অৱসৰপ্ৰাপ্ত ন্যয়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগেও ২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিসংগতিৰ তদন্ত অব্যাহত ৰাখিছে৷ চলিত মাহৰ প্ৰথম সপ্তাহত ন্যায়িক তদন্ত আয়োগে ২০১৩ বৰ্ষৰ বাছনিকৃত প্ৰাৰ্থীৰ উত্তৰ-বহী আৰু টেবুলেশ্বন শ্বীটৰ বিসংগতি পৰীক্ষা কৰাত কুখ্যাত ৰাকেশ পাল বাহিনীয়ে ধন লোৱা প্ৰাৰ্থীক বাছনি কৰাৰ বাবে বহু মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰাৰ বিস্ফোৰক তথ্য উন্মোচন কৰে৷ য’ত বৰ্তমান চৰকাৰী ৰাজভোগ কৰি থকা প্ৰায় ২০১ পৰা ২৫জন এ চি এছ, এ পি এছ তথা সংযুক্ত সেৱাৰ বিষয়াক ৰাকেশ পাল এণ্ড কোম্পানীয়ে কি দৰে উত্তৰ-বহীত লাভ কৰা নম্বৰতকৈ টেবুলেশ্বন শ্বীটত অধিক নম্বৰ দি বাছনি কৰিছিল, সেয়া স্পষ্ট হৈ পৰে৷ এই দুষ্কাৰ্য উন্মোচন হোৱাত আয়োগে সন্দেহ কৰা বিষয়াসকলক কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা স্থিতি অৱগত কৰাৰ বাবে চমন জাৰি কৰিব৷ এই তালিকাত এগৰাকী অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াৰ ডি এছ পি পুত্ৰ আৰু এজন ৰাজনৈতিক নেতাৰ আত্মীয়ৰ নাম থকা বুলিও বিশেষ সূত্ৰই নিশ্চিত কৰিছে৷ ইতিমধ্যে, সংশ্লিষ্ট বিষয়াসকলৰ কৰ্মস্থান আৰু বাসগৃহৰ ঠিকনা চৰকাৰৰ পৰা সংগ্ৰহ কৰিছে৷ চমন লাভ কৰা বিষয়াসকলে ১৫ দিনৰ ভিতৰত আয়োগৰ ওচৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে নিৰ্দোষিতা প্ৰমাণ কৰিব লাগিব৷ লক্ষণীয়ভাৱে আয়োগৰ অনুসন্ধানত পৰীক্ষাৰ উত্তৰ-বহীত পৰীক্ষকে দিয়া নম্বৰৰ বিপৰীতে টেবুলেশ্বন শ্বীটৰ পৃথক অধিক নম্বৰ থকাত সেই সময়ত পৰীক্ষাৰ উত্তৰ-বহী, টেবুলেশ্বন শ্বীট আৰু স্ক্ৰুটিনী শ্বীট আদিৰ দায়িত্বত থকা পৰীক্ষক-নিৰীক্ষক অধ্যাপক-অধ্যাপিকাৰ তালিকা বিচাৰিত এ পি এছ চিলৈ জাননী জাৰি কৰিছে ন্যায়িক তদন্ত আয়োগে৷ জুলাই প্ৰথম সপ্তাহৰ ভিতৰত এ পি এছ চি কতৃৰ্পক্ষই এই তালিকা ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যালয়ত জমা দিব লাগিব৷ ন্যায়িক তদন্ত আয়োগে ৰাকেশ পালৰ আশীষধন্য অধ্যাপক-অধ্যাপিকাকো চমন দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে ন্যায়িক আয়োগৰ তদন্তত ৰাকেশ পাল বাহিনীয়ে বহু-মেধাৱী প্ৰাৰ্থীক সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাতে অশুদ্ধ ‘এনছাৰ-কী’ৰ জৰিয়তে বঞ্চিত কৰি অহা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ এ পি এছ চি ‘এনছাৰ কী’ ভুলৰ বাবে উত্তীৰ্ণ হ’ব লগা প্ৰাৰ্থীক লোকসেৱা আয়োগে প্ৰাৰম্ভিক পৰীক্ষাতে ইচ্ছাকৃতভাৱে ফেইল কৰোৱাৰ তথ্য উন্মোচন হোৱাত ৰাকেশ পালৰ আমোলত সকলো পৰীক্ষাতে যে দুৰ্নীতি হৈছিল, সেয়া স্পষ্ট হৈ পৰিছে৷ আনহাতে আয়োগৰ ষ্ট্ৰং ৰূমৰ তলাৰ দুপাত চাবি থাকিব লাগে৷ ইয়াৰে এপাত মুখ্য পৰীক্ষা নিয়ন্ত্ৰক আৰু আন পাত অধ্যক্ষৰ হাতত থাকিব লাগে৷ কিন্তু ষ্ট্ৰং ৰূমৰ কি কাৰণত আন এপাত চাবি সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকৰ হাতলৈ গ’ল তাক লৈও ৰহস্যৰ গোন্ধ পাইছে তদন্ত আয়োগে৷ ইপিনে ফৰেনচিক প্ৰতিবেদনত ২০১৪ বৰ্ষৰ পৰীক্ষাৰ টেবুলেশ্বন শ্বীটত জালিয়াতি পোহৰলৈ অহাত ২০১৪ বৰ্ষৰ পৰীক্ষাকো ন্যায়িক তদন্ত আয়োগৰ আউটিলৈ অনাৰ দাবী জনাইছে আৰ টি আই কৰ্মী ওক্ৰাম প্ৰশান্ত সিংহই৷