
সাৱধান! ডেল্টাৰ ‘টাৰ্গেট’ হৈছে শিশু
আমাৰ অসম, ২৮ জুনঃ ক’ভিডৰ দ্বিতীয় তৰংগৰ পৰিসমাপ্তি নৌঘটোতেই তৃতীয় তৰংগৰ সূচনা হ’ল নেকি? তৃতীয় তৰংগত ডেল্টা প্লাছ প্ৰজাতিয়ে সংহাৰ আৰম্ভ কৰিব নেকি আৰু তাৰ মূল বলি শিশু আৰু কিশোৰ হ’ব নেকি? এনে আশংকাৰে পৰিপূৰ্ণ প্ৰশ্নৰে এতিয়া আক্ষৰিক অৰ্থতে উত্তাল হৈ পৰিছে সমগ্ৰ দেশ, য’ৰ পৰা বিচ্ছিন্ন নহয় অসমো৷ দেশত তৃতীয় তৰংগই সংহাৰ চলাব বুলি নিশ্চিত ভৱিষ্যদ্বাণী কৰা কঠিন হ’লেও এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই এসপ্তাহৰ পূৰ্বেই ভাৰতত ৬-৮ সপ্তাহৰ ভিতৰত ক’ভিডৰ তৃতীয় তৰংগই আঘাত হানিব বুলি মন্তব্য কৰিছে৷ তদুপৰি কানপুৰ আই আই আই টিৰ এটা সমীক্ষা অনুসৰি তৃতীয় তৰংগ তুংগত থাকোতে দেশত দৈনিক ৫ লাখ লোক ক’ভিডত সংক্ৰমিত হ’ব৷ এই সকলো আশংকাৰ উদ্ভব হৈছে ভাৰতত নতুনকৈ সন্ধান লাভ কৰা ক’ভিড ভাইৰাছৰ নৱতম প্ৰজাতি ডেল্টা প্লাছৰ বাবে৷ উল্লেখ্য, ডেল্টাৰ পৰা মিউটেচন বা উৎপৰিৱৰ্তন হৈ নতুন ৰূপ লোৱা ডেল্টা প্লাছ ইমানেই সংক্ৰমক যে ডেল্টা প্লাছৰ দ্বাৰা সংক্ৰমিত এজন ব্যক্তিৰ কাষেৰে মাস্ক পৰিধান নকৰাকৈ পাৰ হৈ যাওঁতেই সংক্ৰমিত হ’ব পাৰে বুলি এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই দাবী কৰিছে৷ এই ডেল্টা প্লাছৰ সংক্ৰমণৰ চিকাৰ শিশু আৰু কিশোৰ-কিশোৰী অধিক হ’ব পাৰে বুলি ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত চৰ্চা আৰু আলোচনা হৈছে৷ এয়া নিশ্চিত কোনো গৱেষণালব্ধ আগজাননী নহয় সঁচা, কিন্তু এনেধৰণৰ ভৱিষ্যদ্বাণীয়ে এতিয়া সমগ্ৰ দেশকে ধৰি অসমতো গভীৰ আতংকৰ সৃষ্টি কৰিছে৷ ডেল্টা প্লাছৰ দ্বাৰা সংক্ৰমিত ৰোগী ইতিমধ্যে দেশৰ ১০ খন ৰাজ্যত ধৰা পৰিছে আৰু সেয়া স্বাভাবিকতে ভীতিৰ কাৰণ হৈ পৰিছে৷ চৰকাৰীভাৱে অসমত এতিয়াও ডেল্টা প্লাছ প্ৰজাতি ধৰা পৰা বুলি কোৱা হোৱা নাই, কিন্তু ৰাজ্যৰ ৭৭ শতাংশ ডেল্টা প্ৰজাতিৰ দ্বাৰা সংক্ৰমিত লোকৰ মাজত এতিয়া সৰ্বদিশে শ শ শিশু আৰু কিশোৰ সংক্ৰমণৰ বলি হোৱাত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে৷ সামগ্ৰিকভাৱে দ্বিতীয় ঢৌ ক্ৰমাৎ নিম্নগামী হৈ পৰাৰ সময়তো নিৰ্দিষ্ট কেইখনমান জিলাত দ্বিতীয় ঢৌৰ প্ৰাবল্য অব্যাহত আছে৷ কোৱা বাহুল্য মাথোঁ, দ্বিতীয় ঢৌত সংক্ৰমিত লোকৰ ৭৭ শতাংশই ডেল্টা প্ৰজাতিৰ দ্বাৰা আক্ৰান্ত আৰু ইয়াৰ বৃহৎ সংখ্যক আক্ৰান্ত হৈছে শিশু আৰু কিশোৰ৷ তাৎপৰ্যপূৰ্ণ এয়াই যে দেশৰ প্ৰথম ক’ভিড ঢৌত তেনেই নগন্য সংখ্যক শিশু আৰু কিশোৰ আক্ৰান্ত হৈছিল, য’ত অসমত শিশু-কিশোৰৰ সংক্ৰমণ আছিল আঙুলিৰ মূৰত লিখিব পৰা৷ পিছে এইবাৰ শ শ শিশু-কিশোৰ ক’ভিডত সংক্ৰমিত হৈছে আৰু ইয়াৰ গৰিষ্ঠ সংখ্যকেই হৈছে ডেল্টা প্ৰজাতিৰ চিকাৰ৷ সম্প্ৰতি যোৰহাট জিলাত বিগত ১৬ দিনত ১১০টা শিশু ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত নৱজাতকৰ পৰা ১৮ বছৰীয়ালৈকে আক্ৰান্ত হৈছে৷ আনহাতে ডিব্ৰুগড় জিলাত বিগত এপষেকত ১১৭টা শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে৷ দুৰ্ভাগ্যজনকভাৱে চলিত মাহতে ৫ টি শিশুৰ ক’ভিডত মৃত্যু হৈছে৷ ইপিনে বিগত এপষেকত নগাঁও জিলাত ১৭২টা শিশু আৰু কিশোৰ ক’ভিডত আক্ৰান্ত হৈছে৷ শোণিতপুৰত এই পৰ্যন্ত আক্ৰান্ত হৈছে ২৫৯টা শিশু আৰু কিশোৰ৷ আক্ৰান্তৰ ভিতৰত দুমহীয়া শিশুও আছে আৰু দুমাহ ৯ দিন বয়সীয়া এটি শিশুৰ মৃত্যুও ঘটিছে৷ সমগ্ৰ ৰাজ্যত আক্ৰান্ত শিশু-কিশোৰৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিছে৷ সেয়ে স্বাভাৱিকতে এই বিষয়টোৱে পিতৃ-মাতৃ আৰু অভিভাৱকক চিন্তিত আৰু আতংকিত কৰি তুলিছে৷ গভীৰ উদ্বেগৰ বিষয় হৈছে, গুৱাহাটীৰ উপৰি কেইখনমান জিলাৰ সদৰৰ বাহিৰে অসমৰ অধিকাংশ চহৰৰ হাস্পতালতে আই চি ইউ নাই৷ শিশুৰ আই চি ইউ দূৰ অস্ত৷ জিলাৰ সদৰ বঙাইগাঁও, বিশ্বনাথ চাৰিআলিৰ চিকিৎসালয়ত আই চি ইউ নাই৷ কেইবাখনো চহৰৰ চৰকাৰী হাস্পতালত আই চি ইউ নামৰ ঘৰটো থাকিলেও তাত কোনো চিকিৎসা সৰঞ্জাম নাই আৰু কাৰিকৰী চিকিৎসা কৰ্মীও নাই৷ এনে ক্ষেত্ৰত ৰাজ্যত বৃহৎ হাৰত সংক্ৰমণৰ বলি হৈ থকা শিশু-কিশোৰৰ অৱস্থা জটিল হৈ পৰিলে কেনেদৰে চিকিৎসা কৰা হ’ব সেই লৈ গভীৰ উদ্বেগৰ সৃষ্টি হৈছে৷ আই চি ইউ নথকাৰ বাবে ৰাজ্য চৰকাৰে তেনে স্থানত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কোনেও নাজানে৷ নামত অসমৰ স্বাস্থ্য ব্যৱস্থা উন্নত বুলি চৰ্চা হ’লেও বাস্তৱ ক্ষেত্ৰত ইয়াৰ ছবি কিন্তু সম্পূৰ্ণ ওলোটা৷ অসমৰ ৭০ শতাংশ চহৰৰ চৰকাৰী হাস্পতালত আই চি ইউ নথকাৰ বাবে ক’ভিড আক্ৰান্ত হৈ জটিল পৰিস্থিতিলৈ যোৱা শিশু-কিশোৰ ৰোগীৰ ভৱিষ্যত কি হ’ব সেই চিন্তাত পিতৃ-মাতৃ অভিভাৱকৰ পেটতে হাত-ভৰি লুকাইছে৷ আই চি ইউৰ অভাব আৰু উন্নত চিকিৎসা ব্যৱস্থাৰ অভাবে অসমৰ গাঁও-চহৰত, ঘাইকে সংক্ৰমিত শিশু-কিশোৰৰ ক্ষেত্ৰত ভয়ংকৰ সংহাৰৰ সৃষ্টি কৰিব পাৰে আৰু সংহাৰৰ মূল কাৰকেই হৈ পৰিব ডেল্টা তথা ডেল্টা প্লাছ প্ৰজাতি৷
শোণিতপুৰত কৰ’নাৰ দ্বিতীয়টো ঢৌত ২৫৯ শিশু আক্ৰান্ত
কৰ’নাৰ দ্বিতীয় ঢৌত শোণিতপুৰত এই পৰ্যন্ত মুঠ ২৫৯টা শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে৷ শোণিতপুৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জে আহমেদে প্ৰকাশ কৰা তথ্য অনুসৰি এই আক্ৰান্ত শিশুসকলৰ ভিতৰত দুমহীয়া শিশুও আছে৷ অৱশ্যে আক্ৰান্ত শিশুসকলৰ ভিতৰত যোৱা ১৫ জুনত তেজপুৰৰ নিকটৱৰ্তী গুডামঘাটৰ তাইজুল ইছলাম নামৰ দুমাহ নদিন বয়সৰ শিশুটিৰ মৃত্যু ঘটাৰ বাহিৰে বৰ্তমান একাংশৰ চিকিৎসা অব্যাহত আছে আৰু বাকীসকল সুস্থ হৈ উঠিছে৷ উল্লেখযোগ্য যে, কৰ’নাৰ দ্বিতীয়টো ঢৌত জিলাখনত বহু সংখ্যক শিশু সংক্ৰমিত হোৱাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে কালি তেজপুৰৰ ধনোৱা নগৰত থকা মিছনেৰী অফ ছেৰিটীৰ কৰুণালয় শিশু ভৱনত ১১জন দিব্যাংগ শিশু তথা কিশোৰ আক্ৰান্ত হয় কৰ’নাত৷ এই সকলৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে কৰ’নাত আক্ৰান্ত পৰিচৰ্য্যাকাৰী সকলকো তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ ইপিনে, শোণিতপুৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক আহমেদে এই সন্দৰ্ভত আৰু কয় যে, ইতিমধ্যে কৰ’নাত আক্ৰান্ত কৰুণালয় শিশু ভৱনৰ কৰ্মচাৰীৰ পৰাই দিব্যাংগ সকললৈ সংক্ৰমন হোৱা বুলি আশংকা কৰা হৈছে৷ আনহাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকাই চিকিৎসাধীন ১১জন দিব্যাংগৰ চিকিৎসাৰ বাবে কভিড ৱাৰ্ডত নিয়োজিত চিকিৎসকৰ উপৰি এগৰাকী শিশু বিশেষজ্ঞ, এগৰাকী অস্থিৰোগ বিশেষজ্ঞ আৰু এগৰাকী ঔষধ বিশেষজ্ঞকলৈ এখন বিশেষ চিকিৎসা সমিতি গঠন কৰি দিছে৷ আনহাতে শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে কৰ’নাত আক্ৰান্ত দিব্যাংগ শিশুসকলৰ প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা তদাৰকৰ বাবে শোণিতপুৰৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিছে বুলি উপায়ুক্তজনে সদৰি কৰিছে৷
ডিব্ৰুগড়ত আক্ৰান্ত শতাধিক শিশু, পাঁচটিৰ মৃত্যু
ভয়াৱহ ক’ভিড পৰিস্থিতিয়ে স্তব্ধ কৰিছে ৰাজ্যৰ জনজীৱন৷ মহামাৰী ক’ভিডৰ দ্বিতীয় ঢৌত হাহাকাৰ পৰিৱেশ ৰাজ্যৰ চৌদিশ৷ ৰাজ্যত প্ৰতিদিনেই সহস্ৰাধিক লোক ক’ভিড-১৯ত সংক্ৰমণৰ সমান্তৰালভাৱে মৃত্যু হৈছে শতাধিক ৰোগীৰ৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ পিছত ভয়ংকৰ ৰূপত তৃতীয় ঢৌৰ অহাৰ সম্ভাৱনা বিশেষজ্ঞসকলে দাবী কৰি থকাৰ মাজতে এইবাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে শিশু৷ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়তে ক’ভিড-১৯ত চিকিৎসাধীন হৈ আছে বহুজন৷ জুন মাহৰ পৰা আজিৰ দিনটোলৈকে ক’ভিডত পাঁচটি শিশুৰ মৃত্যু হৈছে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই জানিবলৈ দিয়ামতে, এ এম চিত বৰ্তমানলৈকে ক’ভিড-১৯ত প্ৰায় এশৰো অধিক আক্ৰান্ত শিশুক চিকিৎসা কৰা হৈছে৷ এই পৰ্যন্ত অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিডত আক্ৰান্ত হৈ ৮টি শিশু চিকিৎসাধীন হৈ আছে৷ ক’ভিডত আক্ৰান্ত এই শিশুৰ বয়স ১২ বছৰৰ ভিতৰৰ বুলি জনাইছে এ এম চিৰ নডেল বিষয়া ডাঃ ৰীমামনি দলেয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ১০ শিশুৰ ভিতৰত অনুৰণন মহন আৰু অনুপ্ৰাণিত মহন নামৰ দুই শিশুৱে আজি আৰোগ্য লাভ কৰিছে৷ শেহতীয়াকৈ চিকিৎসাধীন হৈ থকা ৮ টি শিশুৰ ভিতৰত তিনিটি শিশুৰোগ বিভাগৰ ক’ভিড আইছ’লেশ্যন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে আৰু ২ টি পেয়িং কেবিনত আৰু ৩ টি শল্য চিকিৎসা বিভাগৰ ভৱনত চিকিৎসাধীন হৈ আছে৷ ইফালে এ এম চিৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই প্ৰকাশ কৰামতে, শনিবাৰে এ এম চিত এটি শিশুৰ মৃত্যু হৈছে৷ মৃত শিশুটিৰ ঘৰ টিংখাঙৰ বুলি জনাইছে এ এম চিৰ অধীক্ষকগৰাকী৷ উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ সংক্ৰমণৰ হাৰ হ্ৰাস পালেও বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা৷ শনিবাৰৰ দিনটোলৈকে জিলাখনত জ্জ্ব জনকৈ লোকৰ মৃত্যু হৈছিল ক’ভিড-১৯ত৷ ইফালে ৰাজ্য চৰকাৰে ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে বলৱৎ কৰা সান্ধ্য আইন সোমবাৰৰ পৰা শিথিলতা পাব৷ তেনেস্থলত পুনৰ জিলাখনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাব নেকি তাক লৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে৷
যোৰহাটত আক্ৰান্ত ১১০টি শিশু
যোৰহাট জিলাত ক’ভিডত পুনৰ ছজন লোকৰ মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে৷ জিলাখনৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে প্ৰকাশ কৰা মতে, যোৰহাট কাছগড়ালৰ ৰুণুমী খাউণ্ড [৬২], দীনেশ খাউণ্ড [৬৭], কাকজানৰ মফিজুৰ ৰহমান [৫৮], মৰিয়নি পুখুৰীয়াৰ ধনসিং গড় [২৮], ছটাই ঘৰফলীয়াৰ গণেশ গগৈ [৬০] আৰু দেৱেৰাপাৰ বাগিচা আলিৰ মফিজ আলী [৪৫]-ৰ ক’ভিডত মৃত্যু হয়৷ সেয়ে জিলাখনত চৰকাৰী তথ্য মতে ক’ভিডত মৃত্যুৰ সংখ্যা ২১৮জনলৈ বৃদ্ধি পালে৷ ইফালে জিলাখনত আজি ১১৬জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হয়৷ জিলাখনত আজি ১,০২০ জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় আৰু ইয়াৰে ৯৩জনৰ ক’ভিড পজিটিভ পোৱা যায়৷ আনহাতে, আৰটিপিচিআৰট্ৰুনাট যোগে ২৩জন ক’ভিড ৰোগীক চিনাক্ত কৰা হয়৷ সেই মৰ্মে জিলাখনত ক’ভিডত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ২৩,৩৪৩ জনলৈ বৃদ্ধি পালে৷ সম্প্ৰতি জিলাখনত ২,০২২ জন লোকৰ শৰীৰত ক’ভিড বীজাণু সক্ৰিয় হৈ আছে৷
১৬ দিনত ১১০টা শিশুৰ ক’ভিড পজিটিভঃ ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে যোৰহাট জিলাতো শিশুৰ মাজত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ যোৰহাট জিলাত ১৬দিনৰ ভিতৰতে ১১০টা শিশু ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ এইসকলৰ ভিতৰত নৱজাতকৰ পৰা ১৮ বছৰ বয়সলৈকে অন্তৰ্ভুক্ত হৈ আছে৷ ইয়াৰে সাতটা পৰিয়ালত মাতৃগৰাকীৰ ক’ভিড পজিটিভ হোৱাত তেওঁলোকৰ সন্তানো আক্ৰান্ত হয়৷ সম্প্ৰতি যোৰহাট চিকৎসা মহাবিদ্যালয়ত ৪টা ক’ভিড আক্ৰান্ত শিশু চিকিৎসাধীন হৈ আছে৷