
কেন্দ্ৰত নতুনকৈ ২৭ মন্ত্ৰী, সোণোৱাল অপেক্ষাৰত
আমাৰ অসম, ২৮ জুনঃ এতিয়া মাথো অপেক্ষা দিল্লীৰ পৰা আহিবলগীয়া বহু প্ৰতিক্ষীত ফোন কলটোলৈ৷ সুদীৰ্ঘ সাত দিন অপেক্ষা কৰাৰ অন্তত শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে সাক্ষাৎ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ ইয়াৰ পূৰ্বে সোণোৱালৰ সাক্ষাৎ হৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি জে পি নাড্ডাৰ৷ এই সাক্ষাতৰ পিছতে শনিবাৰে পুৱাই দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হয় সোণোৱাল৷ উল্লেখ্য যে অসমত বিজেপি দলে দ্বিতীয় বাৰৰ কাৰণে চৰকাৰ গঠনৰ পিছতো মুখ্যমন্ত্ৰী পদ হেৰুৱাব লগীয়া হয় সৰ্বানন্দ সোণোৱাল৷ দলৰ হাইকামাণ্ডে সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী পতাৰ পৰিৱৰ্তে ড॰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীত বহুৱায়৷ ইয়াৰ পিছৰে পৰা নিজৰ ৰাজনৈতিক সংস্থাপনক লৈ তৎপৰ হৈ পৰে সোণোৱাল৷ ১৮ জুনত তেওঁক ৰাষ্ট্ৰীয় নেতৃত্বই জৰুৰীভাৱে নতুন দিল্লীলৈ তলব কৰা বুলি সোণোৱালৰ ঘনিষ্ঠ মহলে দাবী কৰিলেও নতুন দিল্লীত সুদীৰ্ঘ ৭ দিন বাহৰ পাতি থকাৰ পিছতহে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে তেওঁৰ সাক্ষাৎ হয়৷ এই সাক্ষাতৰ পিছতে সোণোৱাল দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত বাহৰ পাতে৷ সোণোৱালৰ ঘনিষ্ঠ মহলৰ দাবী ৩০ জুনত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব আৰু এই সম্প্ৰসাৰণত সৰ্বানন্দ সোণোৱালেও মোদী মন্ত্ৰীসভাৰ অন্তৰ্ভুক্ত হ’ব৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী মোদী মন্ত্ৰীসভাত শীঘ্ৰে ২৭জন নতুন মুখৰ অন্তভুক্তিৰ্ হ’ব৷ ইয়াৰে ভিতৰত জ্যোতিৰাদিত্য সিন্ধিয়া, সুশীল মোদী, সৰ্বানন্দ সোণোৱাল, নাৰায়ণ ৰাণে আৰু ভূপেন্দ্ৰ যাদব অন্যতম৷ ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পিছত মোদী মন্ত্ৰীসভাৰ এইটো প্ৰথম সম্প্ৰসাৰণ হ’ব৷ লক্ষণীয়ভাৱে সৰ্বানন্দ সোণোৱাল মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বৰ্তমান মোদী মন্ত্ৰীসভাত অসমক প্ৰতিনিধিত্ব কৰি থকা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী মন্ত্ৰী পদ হেৰুৱাটো প্ৰায় নিশ্চিত৷ প্ৰথম অৱস্থাত হাইকামাণ্ডে ৰামেশ্বৰ তেলীক প্ৰদেশ বিজেপিৰ সভাপতি পতাৰ পৰিকল্পনা কৰিছিল যদিও শেষ মুহূৰ্তত এই সিদ্ধান্ত সলনি কৰি প্ৰাক্তন মন্ত্ৰী তথা সোণোৱাল মন্ত্ৰীসভাৰ সদস্য তথা সোণোৱালৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ভৱেশ কলিতাক ৰাজ্যিক বিজেপিৰ সভাপতি পদত বহুৱায়৷ সম্প্ৰতি ডিব্ৰুগড়ত বাহৰ পাতি থকা সৰ্বানন্দ সোণোৱাল বৰ্তমান অপেক্ষা কৰি আছে দলৰ শীৰ্ষ নেতৃত্বৰ ফোন কলৰ য’ত তেওঁক মোদী মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব৷ সোণোৱালৰ ঘনিষ্ঠ মহলৰ দাবী তেওঁ ডিব্ৰুগড়ৰ পৰাই দিল্লীলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে৷ আনহাতে প্ৰদেশ বিজেপিৰ এক সূত্ৰৰ মতে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰিৱৰ্তে সোণোৱালক ‘নেডা’ৰ আহ৩ায়কৰ দায়িত্ব দিয়াৰ বিষয়টোও বিবেচনা কৰি আছে দলৰ কেন্দ্ৰীয় নেতৃত্বই৷ বৰ্তমান নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁৰ ওচৰত পূৰ্বৰ দৰে সময় নাই৷ সেয়ে লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোণোৱালৰ ওপৰত ‘নেডা’ৰ দায়িত্বও অৱশেষত ন্যস্ত কৰিব পাৰে দলৰ কেন্দ্ৰীয় নেতৃত্বই৷
সোণোৱাল-তেলীৰ ঘনিষ্ঠতাত মেলিছে ফাঁট
ক্ৰমাৎ দূৰত্ব বাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ৷ একালত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ছাঁটোৰ দৰে থকা কেন্দ্ৰীয় খাদ্য আৰু সংসাধন দপ্তৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হঠাৎ সংগ এৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ দিল্লী গমন চূড়ান্ত হোৱাৰ পিছতে বিজেপিৰ এই দুই প্ৰভাৱশালীৰ নেতাৰ মাজত থকা ঘনিষ্ঠতাত মেলিছে ফাঁট৷ সৌ সিদিনালৈকে প্ৰতিটো কাৰ্যসূচীত সংগ দিয়া তেলীয়ে শনিবাৰে সন্ধিয়া অৱশ্যে সৌজন্যৰ খাতিৰত সাক্ষাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷ অন্যহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰা দিনৰে পৰা দূৰত্ব বজাই ৰাখি আহিছে কেন্দ্ৰীয় মন্ত্ৰীজন৷ অথচ প্ৰাক্তন মুখ্যমন্ত্ৰীজনক কেন্দ্ৰীয় নেতৃত্বই দিল্লীলৈ তলব কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে সংগ দিছিল প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পিছত শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় সোণোৱাল৷ লক্ষ্মীনগৰ বাসগৃহতে দুদিন ধৰি বাহৰ পাতি থকা সোণোৱালে গুৱাহাটীত নৱনিযুক্ত ৰাজ্যিক বিজেপিৰ সভাপতিৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণৰ বিপৰীতে ডিব্ৰুগড়তে কেইবাটাও কাৰ্যসূচীত ব্যস্ত থাকে৷ বিশেষকৈ আজি পুৱাৰ ভাগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠানত অংশ লোৱাৰ পিছত তেজপুৰৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ সৈতে এক সৌহাৰ্দমূলক আলোচনাত মিলিত হয়৷ ইয়াৰ পিছতে তেওঁ টিংখাঙৰ মাহমৰাৰ বিশিষ্ট সমাজসেৱক, শিক্ষক প্ৰয়াত টংকেশ্বৰ নেওগৰ বাসগৃহত উপস্থিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনোৱা হয়৷ ইয়াৰ পৰাই তেওঁ পোনে পোনে জন্মস্থান মুলুকগাঁৱলৈ ৰাওনা হয়৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সমষ্টিটোৰ ৰাইজৰ মাজত সময় অতিবাহিত কৰা পৰিলক্ষিত হ’ল৷ কেন্দ্ৰীয় মন্ত্ৰীজনে শনিবাৰে দুলীয়াজানত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু ৫০ গৰাকী হিতাধিকাৰীৰ মাজত তাঁতশাল বিতৰণ কৰে৷ অনুষ্ঠানত দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ লগতে কৃষি আৰু হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ দেওবাৰে হঠাৎ দিল্লীলৈ উৰা মাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী৷ এতিয়া কথা হ’ল যিজন সৰ্বানন্দ সোণোৱালৰ চেষ্টাত ৰামেশ্বৰ তেলীয়ে দ্বিতীয়বাৰৰ বাবে সাংসদ হৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল সেই একেজন সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰিত্বৰ বাবে অকলশৰে থাকিবলগা হৈছিল দিল্লীত৷ উল্লেখ্য যে, চলিত মাহতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাটো নিশ্চিত হোৱাৰ লগে লগে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভূক্তিৰ বাবে চূড়ান্ত কৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ লগে লগে মন্ত্ৰিত্ব হেৰুৱাবলগীয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৰামেশ্বৰ তেলীৰ৷ উল্লেখ্য যে, যোৱা ১৮ জুনত হঠাতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোণোৱালক জৰুৰীভাৱে দিল্লীলৈ তলব কৰিছিল সোণোৱালক৷ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পদ প্ৰায় নিশ্চিত হোৱাৰ পাছতে একালৰ দুই ঘনিষ্ঠৰ মাজত বৃদ্ধি ব্যৱধানে দলীয় নেতৃত্বৰ মাজতো লাভ কৰিছে চৰ্চা৷