Logo
image

দায়িত্ব লৈয়েই ‘দায়িত্বহীনতা’

লকডাউন, ডেল্টা সংক্ৰমণৰ মাজতে বাইহাটাত বিজেপি সভাপতিক আদৰিবলৈ জনসমুদ্ৰ
যি সময়ত ৰাজ্যৰ চাৰিখন জিলাত লকডাউন দিয়া হৈছে, সেই সময়ত বাইহাটা চাৰিআলিত হাজাৰ হাজাৰ বিজেপি কৰ্মী-সমৰ্থকৰ শোভাযাত্ৰা৷ যি সময়ত ৩৪ হাজাৰ শিশু ক’ভিডত আক্ৰান্ত হৈছে, সেই সময়ত বাইহাটা চাৰিআলিত বিজেপিৰ নতুন ৰাজ্যিক সভাপতিক আদৰণি জনাবলৈ দলীয় কৰ্মীৰ অবিশ্বাস্য ভিৰ৷ চৰকাৰ নিৰ্ধাৰিত সকলো ধৰণৰ ক’ভিড প্ৰট’কল উলংঘা কৰি দেওবাৰে পুৱা বাইহাটা চাৰিআলিৰ ৰাজপথলৈ হিল-দ’ল ভাঙি ওলাই আহে সহস্ৰাধিক লোক৷ কেৱল শোভাযাত্ৰাতে ক্ষান্ত নাথাকি উল্লাসিত দলীয় সমৰ্থকসকলে ফটকা ফুটাই, পুষ্পবৃষ্টি কৰি, গামোছা-জাপি, ফুলৰ মালা পিন্ধাই প্ৰদেশ বিজেপিৰ নবনিৰ্বাচিত সভাপতিজনক ৰাজপথতে আদৰণি জনায়৷ ইয়াৰ ফলত সৃষ্টি হয় অভাৱনীয় ঠেলা-হেঁচা৷ নিজৰ চকুৰ সন্মুখতে দলীয় সমৰ্থকসকল আনন্দ উল্লাসত মতলীয়া হৈ পৰাৰ পাছতো তেওঁলোকক কোনো ধৰণৰ  হকা-বাধা কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ বেপৰোৱা আৰু দায়িত্বহীনভাৱে স্বয়ং শাসকীয় দলৰ সভাপতিজনে এই সমদলত অংশ লয়৷ আৰক্ষী-প্ৰশাসনৰ চকুৰ সন্মুখতে এই ঘটনা ঘটাৰ পাছতো তেওঁলোকে এই ক্ষেত্ৰত ৰহস্যজনক নিৰৱতা গ্ৰহণ কৰে৷ ক’ভিডকালত শাসকীয় দলৰ এজন জনপ্ৰতিনিধিৰ এনে কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিছে৷ শাসকীয় দলৰ সভাপতিজনক আদৰণি জনাবলৈ ৰাজপথলৈ সহস্ৰাধিক লোক ওলাই আহি এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত চৰকাৰৰ দৃষ্টিত কোনো ধৰণৰ ক’ভিড প্ৰট’কল ভংগ নহয়, অথচ ক’ভিড পৰিস্থিতিৰ দোহাই দিয়ে এইখন চৰকাৰে হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰাখি ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ চৰম অনিশ্চয়তা নমাই আনিছে৷ আৰক্ষীৰ উপস্থিতিতে সহস্ৰাধিক লোক ৰাজপথলৈ ওলাই আহি দীৰ্ঘ সময়ধৰি হেঁচা-ঠেলা পৰিস্থিতিৰ সৃষ্টি কৰিলে, শোভাযাত্ৰা কৰিলে৷ অথচ সেই একে আৰক্ষীয়ে ক’ভিড নীতি-নিৰ্দেশনা উলংঘাৰ অভিযোগত ৰাইজৰ পৰা লাখ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে৷ কাৰ্ফিউ উলংঘাকাৰীক ৰাজপথতে খেদি খেদি প্ৰহাৰ কৰিছে৷ স্বয়ং ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই অসমবাসীক কঠোৰভাৱে সকীয়াই দি কৈছিল যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড এছ অ’ পি ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিব৷ এনে লোক সমাজৰ বাবে শত্ৰু৷  আই পি চিৰ অধীনত এনে লোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ’ব৷ হত্যাৰ অভিযোগ ৰুজু কৰা হ’ব৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক আদৰণি জনোৱাৰ বাবে সহস্ৰাধিক লোক ৰাজপথলৈ ওলাই আহি উবুৰি খাই পৰাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে কোনো ধৰণৰ বাধা নিদিলে৷ অথচ কোনো এজন লোকৰ মৃত্যু হ’লে ১০ জনতকৈ বেছি লোক আজিও শ্মশানত উপস্থিত থাকিব নোৱাৰে৷ বিয়া এখন পাতিলেও মাত্ৰ ১০জন লোককহে আমন্ত্ৰণ জনাবলৈ প্ৰশাসনে অনুমতি দিয়ে৷ সামাজিক দূৰত্ব, মুখত মাস্ক পিন্ধাৰ দৰে নিয়ম ধোৱাচাঙত তুলি দেওবাৰে পুৱাৰ পৰা বাইহাটা চাৰিআলি-গোৰেশ্বৰ পথত অপেক্ষাৰত হৈ আছিল সহস্ৰাধিক লোক৷ অথচ সকলো দেখাৰ পাছতো, জনাৰ পাছতো আৰক্ষী-প্ৰশাসন আছিল নিৰ্বিকাৰ৷ ২১ জুনত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমণ কতৃৰ্পক্ষই জাৰি কৰা ক’ভিড নীতি-নিৰ্দেশনা অনুসৰি গাঁৱতে হওঁক বা চহৰতে হওঁক কোনোধৰণৰ সভা আৰু সমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি নাই৷ ক’ভিড সংক্ৰমণ অব্যাহত থকাৰ বাবে ৰাজ্য চৰকাৰে সভা-সমাৱেশ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰিছিল৷  ২২ জুনৰ পুৱা ৫ বজাৰ পৰা ২৮ জুনৰ পুৱা ৫ বজালৈ এই নিৰ্দেশনা কাৰ্যকৰী হৈ আছিল৷ আনহাতে ২৮ জুনৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱা নতুন নিৰ্দেশনাত কামৰূপ জিলাত সকলো ধৰণৰ সভা আৰু সমাৱেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়৷ ক’ভিড নিৰ্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমণ আইন ২০০৫ ৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ কথা বাৰম্বাৰ সকীয়াই আহিছে ৰাজ্য প্ৰশাসনে৷  ইয়াৰ পাছতে ২৭ জুন দেওবাৰৰ পুৱা বাইহাটা চাৰিআলিত চৰকাৰী নীতি-নিৰ্দেশনা মুকলিভাৱে উলংঘা কৰি এজন নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাজপথতে গ্ৰহণ কৰিলে ৰাজহুৱা সম্বৰ্ধনা, সহস্ৰাধিক লোকৰ লগত অংশ ল’লে সমদলত৷ শাসকীয় দলৰ সভাপতিজন হৈ পৰিছিল বেপৰোৱা আৰু দায়িত্বহীন৷ ৰাজ্যিক সভাপতিৰ দায়িত্ব ল’বলৈ যোৱাৰ সময়তে জনপ্ৰতিনিধিজনে প্ৰদৰ্শন কৰিলে চৰম দায়িত্বহীনতাৰ৷