Logo
image

নাইজেৰিয়াৰ ব্যৰ্থতাৰ ওপৰতেই হিমাৰ আশা

আমাৰ অসম, ২৯ জুনঃ টু বি অৰ ন’ট টু বি, ডেটছ দ্য কুৱেচন’–বিশ্ব এথলেটিকছৰ মানচিত্ৰত অসমৰ নাম লিপিবদ্ধ কৰা হিমা দাসৰ অলিম্পিক যাত্ৰা আৰু যাত্ৰানাস্তিৰ ক্ষেত্ৰত শ্বেইক্সপিয়েৰৰ মহান নাটক হেমলেটৰ সেই চিৰন্তন সংলাপটো এতিয়া অবিকল পৰিপূৰক হৈ পৰিছে৷ মঙলবাৰে হিমাই অন্তিম সুযোগৰ দিনটোত খেলিব নে নেখেলিব? সেয়াই ১৩৫ কোটি ভাৰতবাসীৰ মাজৰ পৰা টকিঅ’ অলিম্পিকলৈ যাবলগীয়া অসম সন্তানগৰাকীৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰশ্ন৷ নাটকত প্ৰিন্স হেমলেটৰ স্বগতোক্তি আছিল–টু বি অৰ ন’ট টু বি? তাৰ গূঢ়াৰ্থ আছিল– জীয়াই থাকিব নে নাথাকিব৷ টকিঅ’ অলিম্পিকলৈ যাত্ৰাৰ বাবে মঙলবাৰৰ শেষ  সুযোগটোৰ দিনা অতি স্বাভাৱিকভাৱে দেশৰ ক্ৰীড়া পিপাসুৰ মনত হিমা দাসক লৈ সৃষ্টি হোৱা প্ৰশ্নটো প্ৰায় হেমলেটৰ অতি বিখ্যাত স্বগতোক্তিৰ সমাৰ্থক–হিমাই খেলিব নে নেখেলিব? তাতোকৈ সামান্য সহজকৈ ব্যাখ্যা কৰিবলৈ হ’লে মঙলবাৰে হিমাই অন্তিম যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাখনত ২০০ মিটাৰ আৰু ৪x১০০ মিটাৰৰ ফাইনেলত খেলিব পাৰিব নে নোৱাৰিব? 

এই মুহূৰ্তত এইটো প্ৰশ্ন তেনেই স্বাভাৱিক৷ কিয়নো প্ৰায় মসৃণ গতিত ২০০ মিটাৰত টকিঅ’ অলিম্পিকৰ দিশে ধাৱমান হোৱা হিমা দাসৰ হেমষ্ট্ৰিঙৰ গুৰুতৰ আঘাতে তেওঁৰ আৰু দেশবাসীৰ টকিঅ’ অলিম্পিকৰ সপোন প্ৰায় চুৰমাৰ কৰি দিয়াৰ আশংকাৰ সৃষ্টি কৰিছে৷ হিমাই আঘাত তেওঁৰ সম্ভাৱনাপূৰ্ণ ২০০ মিটাৰত পোৱা নাছিল, শনিবাৰে পাটিয়ালাত চলি থকা অন্তিম যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাত হিমাই হেমষ্ট্ৰিঙত আঘাত পাইছিল ১০০ মিটাৰৰ হিট্‌ছত৷ নিজৰ ‘পেট ইভেণ্ট’ ৪০০ মিটাৰ বিগত এক-ডেৰবছৰ ধৰি বাদ দিয়া হিমাৰ বাবে প্ৰচুৰ সম্ভাৱনা আছিল ব্যক্তিগত ২০০ মিটাৰ আৰু মহিলাৰ ৪x১০০ ৰীলেত৷ সেই সম্ভাৱনাৰ বিষয়ে সম্পূৰ্ণ জানিও কোনে হিমা দাসক ব্যক্তিগত ১০০ মিটাৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ঠেলি দিলে সেই লৈ এতিয়া সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰশ্ন উঠিছে৷ কিয়নো, ১০০ মিটাৰৰ ক্ষেত্ৰত সাধাৰণতে এথলীটৰ তীব্ৰ শক্তিক্ষয় হয় আৰু তাৰ ফলতেই হিমাই হেমষ্ট্ৰিঙত গুৰুতৰ আঘাত পোৱা বুলি ক্ৰীড়া বিশেষজ্ঞই ধাৰণা কৰিছে৷ অথচ হিমা দাসে ১০০ মিটাৰৰ বাবে চেষ্টা নচলাই ব্যক্তিগত ৪০০ মিটাৰ আৰু ৪x১০০ মিটাৰ ৰীলেত মনঃসংযোগ কৰাই বুদ্ধিমানৰ কাম হ’লেহঁতেন বুলি ক্ৰীড়া বিশেষজ্ঞই মতপ্ৰকাশ কৰে৷ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্বনে হিমাক ১০০ মিটাৰত কিয় ভাগ ল’বলৈ দিলে সিয়ো এই বিপদসংকুল পৰিস্থিতিত প্ৰয়োজনীয় প্ৰশ্ন৷ হিমাক লৈ দেশৰ এথলেটিকছত ‘হাইপ’ সৃষ্টি কৰি তেওঁৰ স্পনছ’ৰক সন্তুষ্ট কৰি ৰাখিবলৈকে এথলেটিকছ ফেডাৰেশ্বনৰ এনে হঠকাৰী সিদ্ধান্ত নেকি বুলিও ৰাষ্ট্ৰীয় স্তৰত বিতৰ্ক আৰম্ভ হৈ গৈছে৷ 

অৱধাৰিতভাৱে এতিয়াই আহি পৰিব হিমাকেন্দ্ৰিক ‘টু বি অৰ ন’ট টু বি’ৰ ব্যাখ্যা৷ যদিহে নেখেলে বা খেলিব নোৱাৰে তেন্তে হিমা দাসৰ টকিঅ’ অলিম্পিকৰ যাত্ৰাৰ মঙলবাৰে পাটিয়ালাতে কৰুণ পৰিসমাপ্তি ঘটিব৷ ভংগ হ’ব দেশৰ ১৩৫ কোটি জনতাৰ সপোন আৰু অতি স্বাভাবিকভাৱেই অসমবাসীৰ ক্ৰীড়াক্ষেত্ৰৰ এতিয়ালৈকে এথলেটিকছত পাব পৰা সৰ্বোচ্ছ প্ৰাপ্তিৰ৷ মাথোঁ দেওবাৰে সংবাদ প্ৰতিষ্ঠান পি টি আয়ে এই সম্পৰ্কীয় প্ৰতিবেদনত লিখিছে–হিমা দাসে শনিবাৰে ১০০ মিটাৰৰ হিট্‌ছত হেমষ্ট্ৰিঙত যি আঘাত পাইছে, তাৰ ফলত তেওঁ প্ৰতিযোগিতাৰ পৰৱৰ্তী যিকোনো ইভেণ্টত ভাগ লোৱা সম্ভাৱনীয়তা প্ৰায় সম্পূৰ্ণৰূপে শেষ হৈছে৷ পৰৱৰ্তী ৪৮ ঘণ্টাত তেওঁ নাটকীয়ভাৱে সুস্থ হৈ উঠিব পাৰিলেহে পুনৰ মঙলবাৰে ট্ৰেকত নামিব পাৰিব৷ 

ইতিবাচকভাৱে যদি ঘটনাক্ৰম আগবাঢ়ে তেন্তে এতিয়াৰ পৰা পৰৱৰ্তী ২৪ ঘণ্টা অৰ্থাৎ আজি সোমবাৰৰ পৰা মঙলবাৰৰ সন্ধিয়া ৮.২৪ বজালৈকে ২৪টা ঘণ্টা হিমা দাস, অসমবাসী আৰু সৰ্বোপৰি দেশবাসীৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ অন্ততঃ ২০০ মিটাৰৰ ব্যক্তিগত ইভেণ্টত হিমাই ফাইনেলত ভাগ লৈ ২২.৮০ ছেকেণ্ড সময়মান প্ৰদৰ্শন কৰিব লাগে আৰু তাৰ জৰিয়তে টকিঅ’ অলিম্পিকৰ টিকট হাতত ল’ব লাগে৷ সুস্থ হৈ থকা হ’লে সেয়া আছিল অৱশ্যম্ভাৱী৷ কিয়নো শেহতীয়া গ্ৰাঁ প্ৰিত হিমাই ২০০ মিটাৰ দৌৰিছিল ২২.৮৮ ছেকেণ্ডত আৰু এক ছেকেণ্ডৰ ১০০ ভাগৰ ৮ ছেকেণ্ড তেওঁ পাটিয়ালাৰ শেষ প্ৰতিযোগিতাত পূৰ কৰিবই বুলি প্ৰশিক্ষক, শুভাকাংক্ষীক প্ৰতিশ্ৰুতি দিছিল৷ হিমাৰ অনুৰাগীৰ বাবে এতিয়া তেওঁ দিয়া প্ৰতিশ্ৰুতি আশাৰ শেষ সম্বল আৰু তেওঁৰ আঘাতৰ নাটকীয় উপশম অন্তিম আশা৷ হিমাৰ অলিম্পিক যাত্ৰা আৰু যাত্ৰানাস্তিৰ মাজত এতিয়া বাধাৰ প্ৰাচীৰ আঘাত আৰু এক ছেকেণ্ডৰ ১০০ ভাগৰ ৮ ভাগ সময়৷ হিমাৰ বাবে ‘বাই টাচিং দ্য মাৰ্ক’ হৈছে অন্তিম আৰু একমাত্ৰ  বিকল্প আৰু তেওঁ ‘মাৰ্ক’ স্পৰ্শ কৰিব লাগিব ২২.৮০ ছেকেণ্ডত৷ বিশ্ব ৰেংকিঙৰ জৰিয়তে হিমাৰ টকিঅ’ অলিম্পিক যাত্ৰাৰ সম্ভাৱনা নাই, কিয়নো ২০০ মিটাৰত বিশ্বত হিমাৰ স্থান ১০৮৷ মুঠতে ৫৬ গৰাকী এথলীটেহে স্থান লাভ কৰিব অলিম্পকত, যি যোগ্যতাৰে হিমাৰ প্ৰৱেশ অসম্ভৱ৷ আনহাতে, হিমাৰ আঘাতৰ উপশম নহ’লে ৪x১০০ মিটাৰ ৰীলেত হিমাৰ স্থান ল’ব কৰ্ণাটকৰ এ টি ধনেশ্বৰীয়ে৷ ধনেশ্বৰীয়ে ব্যক্তিগত ১০০ মিটাৰত পঞ্চম স্থান লৈ নিজকে হিমাৰ বিকল্প হিচাপে সাজু কৰি ৰাখিছে৷ ৪x১০০ মিটাৰ ৰীলেৰ বাকী তিনিগৰাকী হৈছে দ্যুতি চান্দ, ধনলক্ষ্মী আৰু অৰ্চনা সুশিন্দ্ৰন৷ অৱশ্যে নাইজেৰিয়া দলে যদি ৪x১০০ মিটাৰ ৰীলে ভাৰততকৈ বেয়া প্ৰদৰ্শন কৰে তেন্তে ভাৰতৰ এই শাখাত অলিম্পিক প্ৰৱেশৰ  সম্ভাৱনা থাকিব৷ তেতিয়া মঙলবাৰৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাত নেখেলাকৈও দলটোৰ ছজনীয়া সদস্যৰূপে হিমাৰ টকিঅ’ যাত্ৰা সম্ভৱ হ’ব  আৰু আঘাতৰ পৰা উপশম পালে তেওঁ টকিঅ’ত ট্ৰেকত নামিব পাৰিব৷ 

প্ৰসংগতঃ বিশ্বৰ সকলো এথলীটৰ বাবেই মঙলবাৰ হৈ পৰিছে ‘ডি-ডে’ সদৃশ৷ যিকোনো বৃহৎ সেনাভিযানৰ দৰেই মঙলবাৰেই বিশ্বৰ সকলো এথলীটে টকিঅ’ অলিম্পিকলৈ যোৱাৰ শেষ যুঁজত নমাৰ সুযোগ লাভ কৰিব৷ অৱধাৰিতভাৱে হিমাৰ বাবেও মঙলবাৰ ‘ডি-ডে’, অসমবাসী আৰু দেশবাসীৰ বাবেও৷