Logo
image

নাৰায়ণ নাৰায়ণ! গো-মাতাৰ নামতো কেইবাকোটি লুণ্ঠন

বৰক্ষেত্ৰী গ্ৰামোন্নয়নত ব্যাপক দুৰ্নীতিঃ ‘আমাৰ অসম’ৰ বাতৰিক লৈ তদন্ত

প্ৰতিবেদন-২

আমাৰ অসম, ২৯ জুনঃ কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে বৰক্ষেত্ৰীত৷ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত ১০০ শতাংশ সহনশীলতাই সকলোৰে চকু কপালত উঠাইছে৷ ‘আমাৰ অসম’ৰ পূৰ্বৰ প্ৰতিবেদনত তথ্যসহকাৰে দেখুওৱা হৈছিল– কিদৰে নাৰায়ণ ডেকা বাহিনীয়ে কেইবাকোটি টকা লুণ্ঠন কৰিছিল৷ ‘আমাৰ অসম’ৰ এই প্ৰতিবেদনৰ পাছত ভূৰখা মহলে আমাক তথ্যসহকাৰে অৱগত কৰাইছে যে এই দুৰ্নীতি ২০০ কোটি টকাৰ কম নহ’ব৷ উপভোক্তা আঁচনিৰ [এল বি এছ] জৰিয়তে প্ৰায় ৪.৫ কোটি টকা আত্মসাৎ কৰা বুলি আমাৰ হাতত তথ্য আছিল৷ কিন্তু বৰক্ষেত্ৰীৰ ৰাইজে দাবী কৰিছে যে এই ধন তাতকৈ কেইবাগুণো বেছি৷ অভিযোগ মতে, আই বি এছ লাভ কৰা ভুৱা হিতাধিকাৰী ৩০০গৰাকী নহয়, প্ৰায় ২০০০গৰাকী আছিল৷ ফিচাৰীৰ নামত ১.৪৭ লাখ টকাকৈ এই হিতাধিকাৰীসকলক প্ৰদান কৰা দেখুওৱা হৈছে৷ গৰিষ্ঠসংখ্যক হিতাধিকাৰী চৰ অঞ্চলৰ৷ অৰ্থাৎ বৰক্ষেত্ৰীৰ চৰ এলেকাত শ শ ফিচাৰী থাকিব লাগিছিল৷ কিন্তু এই ফিচাৰীৰ অস্তিত্ব হিতাধিকাৰীয়েও নাজানে, বিষয়ায়ো নাজানে৷ জানে মাথোঁ স্বয়ং নাৰায়ণ ডেকাই৷ বৰক্ষেত্ৰীৰ মিনি ষ্টেডিয়ামত মাটি পেলোৱাৰ নামত ২০১৮-১৯ বিত্তীয় বৰ্ষত কেইবালাখ টকা আত্মসাৎ কৰে নাৰায়ণ বাহিনীয়ে৷ কিন্তু ষ্টেডিয়ামত মাটিহে এচপৰাও নপৰিল৷ এনেকুৱা অসম্ভৱো সম্ভৱ হৈছে বৰক্ষেত্ৰী সমষ্টিত৷ নাৰায়ণ ডেকাৰ দুৰ্নীতিৰ অন্য এটা অজুহাত সমাজ সেৱা৷ বিহংগম দৃষ্টিত এয়া সমাজসেৱা যদিও সমাজ সেৱাৰ আঁৰৰ ঘটনা সম্পূৰ্ণ পৃথক৷ বৰক্ষেত্ৰীৰ ২০ বিঘা চৰকাৰী ভূমি দখল কৰি নাৰায়ণ ডেকাই আৰম্ভ কৰিলে এখন বৃহৎ প্ৰতিষ্ঠান৷ গো-বিজ্ঞান কেন্দ্ৰ৷ বৰ্ণশংকৰ কেইবাহাজাৰ গৰুৰে এই গো-বিজ্ঞান কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা নাৰায়ণ ডেকাৰ৷ গো-বিজ্ঞান কেন্দ্ৰৰ নামত ব্যয় কৰা হ’ল চৰকাৰী পুঁজিৰ কোটি কোটি টকা৷ চৰকাৰী ধন ব্যয় কৰা হ’ল যদিও অনুষ্ঠানটো চৰকাৰী নহয়৷ গো-বিজ্ঞান কেন্দ্ৰ পৰ্যৱসিত হ’ল ‘নাৰায়ণ ডেকা এণ্ড কোম্পানী’লৈ৷ কাৰণ গো-বিজ্ঞান কেন্দ্ৰৰ সম্পূৰ্ণ কতৃৰ্ত্ব থাকিল এটা বিশেষ এন জি অ’ৰ হাতত– যিটো এন জি অ’ৰ মূল দায়িত্বত আছে স্বয়ং নাৰায়ণ ডেকাৰ ঘৰৰ মানুহ৷ এন জি অ’ৰ  প্ৰায় সকলো কাৰ্যবাহী সদস্য ডেকাৰ নিকট আত্মীয়৷ অৰ্থাৎ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ নামত চৰকাৰী পুঁজিৰ কোটি কোটি টকা ব্যয় কৰা হ’ল৷ আশ্চৰ্যজনক বিষয় এয়ে যে এই এন জি অ’ৰ মালিকানাধীন গো-বিজ্ঞান কেন্দ্ৰলৈ যোৱাৰ বাবে ১০ কোটি টকাৰো অধিক ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছে দুখনকৈ দলং৷ কিন্তু এনে এখন অভিলাষী আঁচনি আৰম্ভ কৰাৰ পাছতো ৰহস্যজনকভাৱে এই কামৰ পৰা সাধাৰণ জনতাক নিলগাই ৰখা হৈছে৷ অৰ্থাৎ চৰকাৰী পুঁজিৰ কোটি কোটি টকা ব্যয় কৰা এই গো-বিজ্ঞান কেন্দ্ৰত কি হৈ আছে বা কি হ’ব সেই সন্দৰ্ভত সাধাৰণ ৰাইজ সম্পূৰ্ণ অজ্ঞ৷ আনহাতে, ‘আমাৰ অসম’ত বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকাৰ আমোলত সংঘটিত গ্ৰামোন্নয়ন দুৰ্নীতিৰ তথ্য প্ৰকাশ পোৱাৰ পাছত বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে৷ কিন্তু তদন্ত ঘোষণাৰ এই প্ৰক্ৰিয়াকলৈও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ বিভাগীয় তদন্তৰ কথা প্ৰকাশ কৰা হৈছে জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ [ডি আৰ ডি এ] প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ পৰা৷ উল্লেখ্য, নলবাৰী ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালকৰ দায়িত্বত আছে টংকেশ্বৰ দাস৷ স্থানীয় ৰাইজৰ অভিযোগ মতে টংকেশ্বৰ দাস নাৰায়ণ ডেকাৰ অতি ঘনিষ্ঠ৷ এই তদন্ত পৰ্ব ভেকোভাওনা বুলিহে ক’ব বিচাৰে স্থানীয় ৰাইজে৷ ৰাইজৰ অভিযোগ মতে এই তদন্তৰ নামত মুকালমুৱা আৰু দাঁতিকাষৰীয়া কিছু অঞ্চলৰ লোকক হিতাধিকাৰীক সজাই তেওঁলোকৰ সদস্য কৰা হ’ব– যিসকল ভাগ্যৱান হিতাধিকাৰীয়ে চৰকাৰী ধন লাভ কৰিছিল৷ কিন্তু তাৰ বিপৰীতে চৰাঞ্চলৰ যিসকল ভুৱা হিতাধিকাৰীৰ নামত কোটি কোটি টকা আত্মসাৎ কৰা হৈছিল, তেওঁলোকৰ কোনো সাক্ষ্য গ্ৰহণ নকৰে তদন্তকাৰী বিষয়াসকলে৷ সেয়ে ৰাইজৰ দাবী– টংকেশ্বৰ দাসক আঁতৰাই নিৰপেক্ষ তদন্তৰ খাতিৰত অন্য বিষয়াক দায়িত্ব দিব লাগে৷ তেতিয়াহে জোলোঙাৰ মেকুৰী ওলাই পৰিব৷