
জাগীৰোড কলেজলৈ বিশেষ স্বীকৃতি, কটনৰ নাম নাই
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ ঐতিহ্যবাহী কটন কলেজ নহয়, ৰাজ্যৰ দ্বিতীয় প্ৰাচীন জগন্নাথ বৰুৱা কলেজো নহয়, ইণ্ডিয়া টুডে আলোচনীৰ দেশৰ শ্ৰেষ্ঠ কলেজৰ সমীক্ষাত স্থান লাভ কৰিছে অসমৰ অনামী মহাবিদ্যালয় কেইখনমানে৷ ২০২১ চনৰ দেশৰ শ্ৰেষ্ঠ কলেজৰ ইণ্ডিয়া টুডেই সমীক্ষাৰ জৰিয়তে প্ৰদান কৰা এই ৰেংকিঙত তিনিওটা শাখাতে স্থান অৰ্জন কৰি চমৎকাৰ সাফল্য অৰ্জন কৰিছে জাগীৰোড কলেজে৷ যোৱা ২৬ জুনত ঘোষণা কৰা এই সমীক্ষাত জাগীৰোড মহাবিদ্যালয়ে কলা শাখাত ১২৭ সংখ্যক, বিজ্ঞান শাখাত ১৩২ সংখ্যক আৰু বাণিজ্য শাখাত ১৩৭সংখ্যক স্থান অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে জাগীৰোড মহাবিদ্যালয়েই বাণিজ্য শাখাত স্থান লাভ কৰা অসমৰ একমাত্ৰ মহাবিদ্যালয়৷ বাণিজ্য শাখাৰ ৰাজ্যৰ শীৰ্ষ মহাবিদ্যালয় হিচাপে সততে চৰ্চা হোৱা গুৱাহাটী কমাৰ্চ কলেজে এই তালিকাত স্থান লাভ নকৰাতো লক্ষণীয়৷ ইপিনে বিজ্ঞান শাখাত জাগীৰোড মহাবিদ্যালয়ৰ উপৰি এই তালিকাত থকা ৰাজ্যৰ আন এখন মহাবিদ্যালয় হৈছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়৷ নগাঁৱৰ এডিপি মহাবিদ্যালয়ৰ স্থান হৈছে ১৩০৷ কলা শাখাত অসমৰ ৬খন মহাবিদ্যালয়ে এই তালিকাত স্থান লাভ কৰিছে৷ তাৰ ভিতৰত সোণাপুৰ মহাবিদ্যালয়ে ১০৯ সংখ্যক, ফৰকাটিং মহাবিদ্যালয়ে ১২০ সংখ্যক, চিলাপথাৰ মহাবিদ্যালয়ে ১২২ সংখ্যক, সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ে ১২৬ সংখ্যক,¸ জাগীৰোড মহাবিদ্যালয়ে ১২৭ সংখ্যক আৰু অভয়াপুৰী মহাবিদ্যালয়ে ১৫৮ সংখ্যক স্থান লাভ কৰিছে৷ দেশৰ বহুল প্ৰচাৰিত আলোচনী ইণ্ডিয়া টুডেই ‘মাৰ্কেটিং এণ্ড ডেভলপমেণ্ট ৰিচাৰ্ছ এছ’চিয়েট’ৰ [এম ডি আৰ এ] মুঠতে ১৪টা শাখাত দেশৰ বিভিন্ন বিষয়ৰ মহাবিদ্যালয়ৰ সমীক্ষা চলাইছিল৷ দেশৰ আই আই টি, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, মেডিকেল, ডেণ্টেল, আইন আদিকে ধৰি উচ্ছ শিক্ষানুষ্ঠানৰ স্থান সন্দৰ্ভত এনে সমীক্ষা বিগত ২৪ বছৰ ধৰি কৰি থকা হৈছে৷ বিগত তিনিটা বছৰ একেৰাহে সমীক্ষা চলাইছে এম ডি আৰ এ নামৰ স্বতন্ত্ৰ অনুষ্ঠানটোৱে৷ এই সমীক্ষাত মহাবিদ্যালয় সমূহে নিজাববীয়াকৈ অংশগ্ৰহণ কৰিব লাগে৷ সমীক্ষাত মুঠতে ১১২টা বিষয় সামৰি লোৱা হয়৷ য’ৰ মূল পাঁচটা বিষয় হৈছে ‘ইনটেক কোৱালিটী এণ্ড গৰ্ভনেন্স’, ‘একাডেমিক এক্সচেলেন্স’, ‘ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড লিভিং এক্সপিৰিয়েন্স’, ‘পাৰ্ছনেলিটি এণ্ড লিডাৰশ্বিপ ডেভলপমেণ্ট’ আৰু ‘কেৰিয়াৰ প্ৰগ্ৰেছন এণ্ড প্ৰেচমেণ্ট৷’ ‘ইণ্ডিয়া টুডে’ৰ সৰ্বভাৰতীয় তালিকাত স্থান লাভ কৰি স্বাভাবিকতে সুখী জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ ভবেন চন্দ্ৰ নেওগ আৰু সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দেৱব্ৰত খনিকৰ৷ ড॰ ভবেন চন্দ্ৰ নেওগে জনোৱা অনুসৰি বাণিজ্য শাখাত তেওঁলোকৰ মহাবিদ্যালয়ে একেৰাহে তিনি বছৰ স্থান লাভ কৰি আহিছে৷ ২০১৯ চনতো জাগীৰোড মহাবিদ্যালয়ে তিনিওটা শাখাত স্থান লাভ কৰিছিল আৰু ২০২০ চনত সৰ্বনিম্ন পাঠ্যক্ৰম মাচুলৰ ক্ষেত্ৰত দেশৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিল৷ নিজৰ মহাবিদ্যালয়খনৰ স্থিতি দেশৰ ভিতৰত কেনে ধৰণৰ সেয়া জানিবৰ বাবে কৰা এয়া আত্মপৰীক্ষা বুলি মন্তব্য কৰিছে ড॰ নেওগে৷ তেওঁৰ মতে মহাবিদ্যালয় একোখনৰ সৰ্বভাৰতীয় স্থিতিৰ বিষয়ে পৰিচিতি থাকিলে শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ সেয়ে ৰাজ্যৰ সকলো মহাবিদ্যালয়ে এনে সমীক্ষাত ভাগ লোৱা প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিলে ড॰ নেওগে৷
ইণ্ডিয়া টুডে’ৰ সমীক্ষাত উৎকৃষ্ট শিক্ষানুষ্ঠানৰ তালিকাত নগাঁৱৰ এডিপি কলেজ
জনপ্ৰিয় আলোচনী ‘ইণ্ডিয়া টুডে’ই দেশজুৰি বিজ্ঞান শিক্ষাৰ মহাবিদ্যালয়সমূহৰ মাজত চলোৱা সমীক্ষাত ২০২১ বৰ্ষত নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ে ১৫১ সংখ্যক স্থান লাভ কৰিছে৷ আলোচনীখনে দেশৰ ২০০০খন বিজ্ঞান শিক্ষাৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি, ফলাফল আদিৰ ওপৰত ভিত্তি কৰি সমীক্ষা চলাইছিল৷ ২০১৯ চনত মহাবিদ্যালয়খনে বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দক্ষতাৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা মন্ত্ৰণালয়ে ‘ষ্টাৰ কলেজ’ হিচাপে স্বীকৃতি দিছিল৷ উল্লেখ্য, মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে আছে পাঁচটাকৈ বিজ্ঞানাগাৰ আৰু ‘বায়’টেক হাব’৷ নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ৰ ক’লা শাখাটোৱে ইণ্ডিয়া টুডে আলোচনীয়ে ২০১৯ চনত দেশজুৰি চলোৱা সমীক্ষাত ১০৯ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় চমুকৈ এ ডি পি কলেজে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰা স্থানক লৈ সুখী মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ সুৰজিৎ ভাগৱতীয়ে কয়, মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকা সকলৰ ত্যাগ আৰু উন্নত আন্তঃগাঁঠনিৰ বাবে এনে স্থান লাভ কৰিব পৰা গৈছে৷