
পুনৰ অভিযুক্তৰ আৰক্ষী জিম্মাৰ পৰা পলায়ন, পুনৰ ভৰিত গুলী
আমাৰ অসম, ৩০ জুনঃ বিপদে যেন লগ এৰা নাই অসম আৰক্ষীক৷ বাৰে বাৰে আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই পলায়নৰ ঘটনা বৃদ্ধি পাইছে৷ যাৰ বাবে আৰক্ষীয়ে জিম্মাৰ পৰা পলায়ন কৰা অভিযুক্তক কৰায়ক্ত কৰিবলৈ গৈ গুলীচালনা কৰিব লগা ঘটনা বৃদ্ধি পাইছে৷ আনকি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা অভিযুক্ত গুলীবিদ্ধ হ’ব লগাও হৈছে৷ স্বাভাৱিকতেই অপৰাধীক কৰায়ত্ব কৰাটো আৰক্ষীৰ বাবে সফলতা যদিও জিম্মাৰ পৰা পলায়ন কৰা ঘটনাই আৰক্ষীৰ ব্যৰ্থতাকে প্ৰতীয়মান কৰিছে৷ গুৱাহাটীৰ চাঞ্চল্যকৰ অজিত দাস অপহৰণ কাণ্ডৰ ঘটনাত ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰা কনিষ্টবল ৰাজ বাবু সিঙে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰিবলৈ বাধ্য হৈছে ক্ৰাইম ব্ৰান্সে৷ আনকি এই গুলীচালনাত ৰাজ বাবু সিঙৰ এটা ভৰিত গুলী লগাত চিকিৎসাধীন হ’ব লগা হৈছে৷ উল্লেখ্য, ২৩জুনত গুৱাহাটীৰ পল্টন বজাৰ কালীবাৰীৰ বাসগৃহৰ পৰা অপহৰণ কৰা ড্ৰাগ্ ব্যৱসায়ী অজিত দাসক ২৮জুনৰ নিশা মৰিগাঁও জিলাৰ ঘগুৱা পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা লতাশিল আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে উদ্ধাৰ কৰিছিল৷ এই অপহৰণত জড়িত থকাৰ অভিযোগত ফাঁচী বজাৰ থানাৰ আৰক্ষী কনিষ্টবল ৰাজ বাবু সিং, পল্টন বজাৰ আৰক্ষী ৰিজাৰ্ভৰ হাবিলদাৰ জিতেন বাইলুং, জাগীৰোড থানাৰ গৃহৰক্ষী জোৱাৰ সুৰজ পাটৰ আৰু জাগীৰোডৰ এজন ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ কৰিছিল যদিও এই অপহৰণৰ মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধু পলাতক হৈ আছে৷ পলাতক অপহৰণকাৰী কে সিং সিদ্ধুৰ সন্ধান বিছাৰি সোমবাৰে নিশা আৰক্ষীয়ে ধৃত আৰক্ষী কনিষ্টবল ৰাজ বাবু সিঙক লগত লৈ ঘগুৱা পাহাৰত অভিযান চলায়৷ এই অভিযানৰ সময়তে ৰাজ বাবু সিঙে আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়েও ৰাজ বাবুক কৰায়ত্ব কৰিবলৈ গুলী চালনা কৰাত ৰাজ বাবুৰ ভৰিত গুলী লাগি আহত হয়৷ আহত ৰাজ বাবুক নিশাই মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰাই পাছত জিএমচিএইচত ভৰ্তি কৰায়৷ আনহাতে আৰক্ষীয়ে অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কে সিং সিদ্ধুৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে যদিও অপহৰণকাৰীক খাদ্য যোগান ধৰাৰ অভিযোগত জাগীৰোডৰ সত্য বৰদলৈ আৰু সঞ্জু বৰদলৈক গ্ৰেপ্তাৰ কৰে৷ মাত্ৰ কেইদিনমান পূৰ্বে ড্ৰাগছ মাফিয়াৰ পৰা উৎকোচ ল’বলৈ অস্বীকাৰ কৰি ১২ কোটি টকা মূল্যৰ ড্ৰাগছ ধৰাই দি অসম আৰক্ষীক গৌৰৱাম্বিত কৰা বৰসিং বে’ক অসম চৰকাৰে হোমগাৰ্ডৰ পৰা কনিষ্টবল পদলৈ উন্নিত কৰাৰ পিচতেই তিনিজনকৈ আৰক্ষীৰ লোক অপহৰণ কাণ্ডৰ লগত জড়িত হৈ অসম আৰক্ষীৰ গাত ক’লা দাগ লগোৱা ঘটনাই অসম আৰক্ষীক তীব্ৰ অস্বস্তিত পেলাইছে ৷ এই অপহৰণ ঘটনাটো অসম আৰক্ষীৰ বাবে কলংকিত অধ্যায় হৈ পৰাৰ বাবেই যোৱা নিশাৰ ঘটনাটো সন্দৰ্ভত তদন্তকাৰী আৰক্ষীয়ে মুখ খোলাৰ পৰা বিৰত আছে৷ গুৰুত্বপূৰ্ণ কথাটো হেণ্ডকাফ লগোৱা অৱস্থাতো অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন চেষ্টা চলোৱা আৰু কৰায়ত্ত কৰোতে গুলীবিদ্ধ হোৱা ঘটনাক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে সচেতন লোকৰ মনত৷ কিয়নো, ইয়াৰ পূৰ্বে আত্মসমৰ্পণ কৰা মুজামিল হক নামৰ এটা গৰু ছিণ্ডিকেট চক্ৰত জড়িত দালালকো জিম্মাৰ পৰা পলোৱাৰ বাবে বৰপেটা আৰক্ষীয়ে গুলীবিদ্ধ কৰিছিল৷ তদুপৰি ধুবুৰী আৰক্ষীয়েও কুখ্যাত শ্বহিদুল ইছলাম নামৰ এটা ডকাইতক জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত গুলীবিদ্ধ কৰিছিল৷ আনকি আবেলি ৪বজালৈ ঘৰতে থকা কুখ্যাত চুপাৰী কিলাৰ বাবু কোঁৱৰকো ২ঘণ্টাৰ পাছতেই ৰহস্যজনক এনকাউণ্টাৰত শিৱসাগৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল৷ শেহতীয়াকৈ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই পলায়ন কৰা ঘটনা বৃদ্ধি পোৱা আৰু পিছ মুহূৰ্ততে পলায়ন কৰা অভিযুক্তক কৰায়ত্ত কৰাৰ বাবে গুলীবিদ্ধ কৰিব লগা কাৰ্যত সহজভাৱে ল’ব পৰা নাই সচেতন ম’হলে৷ অৱশ্যে কনিষ্টবল ৰাজ বাবু সিং পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাত জড়িত আছিল৷ অভিযুক্তক পলুৱাই পঠোৱা, গুৱাহাটীৰ হোটেলত গুলী চালনা কৰা, নাৰী কেলেংকাৰিৰ সৈতেও জড়িত আছিল ৰাজ বাবু৷ তেনে এজন অপৰাধ মানসিকতাৰ কনিষ্টবল গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত কোনো অসম্ভৱ নহয়৷