Logo
image

অৰ্ধশতাধিক ৰাজপত্ৰিত বিষয়ালৈ আজি জাননী?

আমাৰ অসম, ৩০ জুনঃ অসম লোকসেৱা আয়োগৰ বহুচৰ্চিত নিযুক্তি কেলেংকাৰিৰ গোচৰৰ তদন্তত নতুনকৈ ৯জনকৈ ডি এছ পিৰ নাম সাঙোৰ খাই পৰাৰ পাছতেই হাহাকাৰ লাগিছে গৃহ বিভাগত৷ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগে ২১জনকৈ ৰাজপত্ৰিত বিষয়াৰ টেবুলেশ্বন শ্বীটত নম্বৰ জালিয়াতি পোহৰলৈ অহাত সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে৷ ২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত বাছনিকৃত এইসকল সন্দেহজনক প্ৰাৰ্থীক ৰাকেশ পালে ধনৰ বিনিময়ত উত্তৰ বহীত লাভ কৰা নম্বৰৰ বিপৰীতে টেবুলেশ্বন শ্বীটত অধিক নম্বৰ দি এ চি এছ-এ পি এছ তথা সংলগ্ন সেৱাৰ বিষয়া হিচাপে বাছনি কৰিছিল৷ সোমবাৰে ন্যায়াধীশ শৰ্মাই সন্দেহজনক ২১জন বিষয়াক সোধা-পোছা কৰি জবানবন্দী লোৱাৰ বাবে জাননীত স্বাক্ষৰ কৰাৰ পাছত মঙলবাৰে প্ৰাৰম্ভিকভাৱে জ্জজন বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে৷ লক্ষ্যণীয়ভাৱে সন্দেহজনক বিষয়াৰ ২১জনীয়া তালিকাত আছে ৯জন ডি এছ পি৷ এক কথাত এই ৯জন ডি এছ পিয়ে স্মাৰ্ট অসম আৰক্ষীক শুৱনি কৰি বিভিন্ন গোচৰ মীমাংসাতো নিয়োজিত হৈ আছে৷ আনকি নিজেই অপৰাধত লিপ্ত হৈ জালিয়াতিৰে পুলিচৰ চাকৰি লোৱাৰ পাছতো ৰাজকোষৰ পৰা দৰমহা আদায় কৰি অহাই নহয়,  বিভিন্ন অপৰাধৰ তদন্ত কৰি আদালতত অভিযোগনামাও দাখিল কৰিছে৷ সংশ্লিষ্ট এ পি এছ বিষয়াকেইজনৰ তালিকা গৃহ বিভাগৰ হাতত পৰাৰ পাছতেই হাহাকাৰ লাগিছে গৃহ বিভাগৰ ভিতৰচ’ৰাত৷ কিয়নো ন্যায়াধীশৰ জাননী লাভ কৰিব লগা এইকেইজন বিষয়া যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ নিশ্চিত হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, কুখ্যাত ৰাকেশ পালে বাছনি কৰা এই ৯জন প্ৰাৰ্থীক ২০১৩ বৰ্ষৰ পৰীক্ষা এ পি এছৰ তালিকাৰ শীৰ্ষ প্ৰায় ৬০টা স্থানতে তালিকাভুক্ত কৰা দেখা গৈছিল৷ আনকি পাল বাহিনীয়ে প্ৰাৰ্থীকেইজনক উত্তীৰ্ণ কৰোৱাৰ স্বাৰ্থত কোনো কোনো বিষয়ৰ উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটত ২০০ নম্বৰৰ ভিতৰত ২০০, ১৮৮, ১৯১পৰ্যন্ত নম্বৰ দিছিল৷ যিটো কোনো মেধাৱী প্ৰাৰ্থীৰ বাবেও সম্ভৱ নাছিল৷ লক্ষ্যণীয়ভাৱে লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰায় অৰ্ধশতাধিক প্ৰাৰ্থীৰ টেবুলেশ্বন শ্বীটত নম্বৰৰ জালিয়াতি ফৰেনছিক প্ৰতিবেদনত প্ৰকাশ পাইছে৷ পৰ্যায়ক্ৰমে এইসকল সন্দেহজনক প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও তদন্তকাৰী আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিছে৷