
চৰকাৰী কাৰ্যালয়ৰো কেইবাশ কোটি টকা অনাদায়
আমাৰ অসম, ৩০ জুনঃ এ পি ডি চি এলৰ আজৱ কাণ্ড৷ এ পি ডি চি এলে কোনোধৰণৰ আগজাননী বা সতৰ্কবাণী নিদিয়াকৈয়ে মঙলবাৰে মহানগৰীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ বিদ্যুৎসংযোগ কৰ্তন কৰি দিয়ে৷ লগে লগে হাস্পতালখনত অভাৱনীয় হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰোগী আৰু অভিভাৱকসকলৰ মাজত লাগে হুৱা-দুৱা৷ সেই সময়ত হাস্পতালখনৰ অস্ত্ৰোপচাৰ কক্ষত কেইবাটাও গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ চলি আছিল৷ ফলত হাস্পতাল চৌহদত ব্যাপক উৎকণ্ঠা আৰু আতংকই বিৰাজ কৰে৷ অৱশ্যে কিছু সময় পাছত হাস্পতালৰ নিজা জেনেৰেটৰৰ জৰিয়তে বিদ্যুৎ সংযোগ দি অস্ত্ৰোপচাৰ কাৰ্য সম্পন্ন কৰা হয়৷ আশ্বস্ত হয় ৰোগী আৰু অভিভাৱকসকলো৷ অথচ বছৰৰ পাছত বছৰ ধৰি চৰকাৰী কাৰ্যালয়সমূহৰ শ শ কোটি টকা মাচুল অনাদায়ৰ পাছতো মৌন হৈ আছে ৰাজ্যৰ শক্তি বিভাগ৷ গুৱাহাটীৰ গড়চুকস্থিত আয়ুৰসুন্দ্ৰা হাস্পতাল কতৃৰ্পক্ষই জনোৱা মতে– হাস্পতালখনত বৰ্তমানে ১৪৫গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ইয়াৰে ভিতৰত আই চি ইউত আছে ৩০জন ৰোগী৷ হাস্পতালখনত বৰ্তমান ৩৫জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ উপৰি ৭জন ৰোগীয়ে নিয়মীয়াকৈ ডায়েল’চিছ কৰি আছে৷ সূত্ৰটোৱে সদৰী কৰা মতে– এ পি ডি চি এলে কোনোধৰণৰ আগজাননী বা সতৰ্কবাণী নিদিয়াকৈয়ে মঙলবাৰে পুৱা প্ৰায় ১০.৩০ বজাত হাস্পতালখনৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়ে৷ ঠিক সেই সময়তে হাস্পতালখনৰ অস্ত্ৰোপচাৰ কক্ষত এজন হৃদৰোগীকে ধৰি কেইবাজনৰো গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ চলি আছিল৷ আকস্মিকভাৱে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাত চিকিৎসক, ৰোগী আৰু অভিভাৱকসকল হতভম্ব হৈ পৰে৷ অৱশ্যে, লগে লগে জৰুৰীকালীন সময়ৰ বাবে মজুত কৰি ৰখা জেনেৰেটৰৰ সহায়ত বিদ্যুৎ সংযোগ কৰি অস্ত্ৰোপচাৰসমূহ সফলতাৰে সম্পন্ন কৰা হয়৷ লক্ষ্যণীয়ভাৱে এনেধৰণৰ হাস্পতালত বহু ৰোগীক বিভিন্ন আধুনিক যন্ত্ৰৰ সহায়ত জীৱন ৰক্ষা প্ৰক্ৰিয়া চলি থাকে৷ য’ত বিদ্যুৎ সংযোগ অবিহনে কোনো কামত নাহে যন্ত্ৰবোৰ৷ জানিব পৰা মতে, হাস্পতাল কতৃৰ্পক্ষই যোৱা মে’ মাহৰ বিদ্যুৎ বিল এ পি ডি চি এলক আদায় দিবলৈ বাকী আছিল৷ মে’ মাহৰ বিদ্যুৎ বিল আদায় দিয়াৰ শেষ সময়সীমা আছিল ২৬ জুন৷ সমান্তৰালকৈ হাস্পতাল কতৃৰ্পক্ষই এপ্ৰিল মাহ পৰ্যন্ত ১০ লাখ টকাকে ধৰি এ পি ডি চি এলক বিদ্যুৎ বিলৰ বাবদ আদায় দিবলৈ আছে ৩৩ লাখৰো অধিক টকা৷ চিকিৎসালয় কতৃৰ্পক্ষৰ মতে– ক’ভিড পৰিস্থিতিৰ সময়ৰ বিভিন্ন চৰকাৰী আঁচনিৰ ধন সময়মতে আদায় নিদিয়াৰ বাবেই বিভাগক মাচুল আদায় দিয়াত পলম হৈছিল৷ অৱশ্যে, হাস্পতাল কতৃৰ্পক্ষই আজিয়েই এ পি ডি চি এল কতৃৰ্পক্ষক ১১ লাখ টকাৰ মাচুল আদায় দিয়ে আৰু বাকী ধন ৭ দিনৰ ভিতৰত আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত সম্পূৰ্ণ ৫ ঘণ্টা পলমকৈ পুনৰ হাস্পতালখনত বিদ্যুৎ সংযোগ দিয়ে৷ কিন্তু কথা হ’ল– হাস্পতালৰ দৰে অনুষ্ঠান য’ত ৰোগীক জীৱন দানৰ প্ৰক্ৰিয়া চলি থাকে, অস্ত্ৰোপচাৰ চলি থাকে, আই চি ইউৰ ব্যৱহাৰ হৈ থাকে তেনে অনুষ্ঠানত কোনো ধৰণৰ আগজাননী নিদিয়াকৈ এ পি ডি চি এলে সম্পূৰ্ণ অমানৱীয়ভাৱে বিদ্যুৎ সংযোগ কৰ্তন কৰা ঘটনাই ৰাইজক বাৰুকৈয়ে ভবাই তুলিছে৷ ইপিনে, হাস্পতালখনৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ডেকাই জনোৱা মতে– হাস্পতালখনত বিদ্যুৎ সংযোগৰ সময়ত বিভাগত ৬২ লাখ টকা ‘লোড চিকিউৰিটী’ দিয়া আছে৷ তেনেস্থলত এ পি ডি চি এলে তাৰ পৰাই বিদ্যুৎ বিল কৰ্তন কৰিব পাৰিলেহেঁতেন৷ তাকে নকৰি হঠাতে বিদ্যুৎসংযোগ কৰ্তন কৰাৰ আঁৰত কি সেয়া তেওঁলোকেহে জানিব৷
ক’ভিড প্ৰট’কল ভংগ কৰি শিশুৰ সৈতে ফটো উঠিল ক্ৰীড়ামন্ত্ৰী বিমল বৰাই
ৰাজ্যত কৰ’নাৰ তৃতীয় ঢৌ শিশু, কিশোৰৰ বাবে অতি বিপজ্জনক হিচাপে দেখা দিছে৷ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন জিলাত কৰ’নাত আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ যি সময়ত ক’ভিডৰ তৃতীয় ঢৌ ঘাইকৈ শিশু আৰু কিশোৰ আক্ৰান্ত হ’ব বুলি দেশজুৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ তেনে সময়তে অসমৰ চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী তথা শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰাই চৰকাৰৰ সকলো ক’ভিড নীতি-নিয়ম উলংঘা কৰি সোমবাৰে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ বালিচৰৰ খেলপথাৰত মাস্ক নিপিন্ধাকৈয়ে শিশু তথা কিশোৰসকলৰ সৈতে ফটো উঠা ঘটনাই সমগ্ৰ বস্ত্ৰনগৰী শুৱালকুছিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ সমষ্টিৰ শুৱালকুছিত বহু আশা-আকাংক্ষাৰ প্ৰতীক হিচাপে নিৰ্মীয়মান অৱস্থাত থকা ৰাষ্ট্ৰীয়পৰ্যায়ৰ ষ্টেডিয়ামখনৰ অগ্ৰগতিৰ বুজ ল’বলৈ মন্ত্ৰী বিমল বৰা সোমবাৰে উপস্থিত হৈছিল বস্ত্ৰনগৰীত৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল কিন্তু ষ্টেডিয়ামৰ অগ্ৰগতিৰ বুজ লৈ উভতি যোৱাৰ সময়ত মন্ত্ৰীজনে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত অৱস্থিত খেলপথাৰলৈ গৈ ক্ৰিকেট খেলাৰ লগতে খেলপথাৰত খেলি থকা শিশু, কিশোৰসকলৰ সৈতেও খেলত ভাগ লয়৷ তাৰ পাছতেই মন্ত্ৰীজনে ওচৰতে এজাক শিশুক লগ পাই পাহৰি গ’ল সকলো চৰকাৰী ক’ভিড প্ৰট’কল৷ ক’ভিড প্ৰট’কল ভংগ কৰি এজাক শিশুৰ সৈতে এজনৰো মুখত মাস্ক নোহোৱাকৈয়ে ছেল্ফি উঠাত ব্যস্ত হৈ পৰে৷ যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯ত শিশুসকল আক্ৰান্ত হোৱা খবৰে অভিভাৱকসকলক শংকিত কৰি তুলিছে৷ ক’ভিড-১৯ ৰোধ কৰাৰ বাবেই দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ কৰি ৰখা হৈছে, গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহ বাতিল কৰা হৈছে৷ তেনে সময়তে ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰীৰ এই কাৰ্যই সচেতন মহলক হতচকিত কৰি তুলিছে৷
ক’ভিড প্ৰট’কল ভংগ কৰাৰ বাবে অনুশোচনা বিমল বৰাৰ
সকলো জনসাধাৰণৰ সৰ্বাংগীণ বিকাশেই আমাৰ মূল লক্ষ্য৷ এই দাবী দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে সন্ধিয়া বিটিআৰৰ সদৰ কোক্ৰাঝাৰ চহৰত উপস্থিত হৈ বাহৰ পতা ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ৷ মঙলবাৰে কোক্ৰাঝাৰ চহৰৰ অসম ৰাজ্যিক বিদু্যৎ পৰিষদৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ ফকিৰাগ্ৰাম আৰু ধুবুৰী জিলাৰ বিলাসীপাৰা, ৰাণীগঞ্জ আদি অঞ্চল পৰিভ্ৰমণ কৰি বিদু্যৎ যোগান ব্যৱস্থা, বিদু্যৎ মাচুল পৰিশোধ তথা গ্ৰাহক ৰাইজৰ সমস্যাবোৰৰ বিষয়ে ক্ষেত্ৰভিত্তিক নিৰীক্ষণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কোক্ৰাঝাৰ আৰু ধুবুৰী জিলাৰ বিভিন্ন সংমণ্ডল পৰিদৰ্শন কৰি দুয়োখন জিলাৰ গ্ৰাহকসকলে বিদু্যতৰ যোগান নিয়মীয়াকৈ পাইছে বুলি জানিবলৈ দি তেওঁ গ্ৰাহকসকলে তেওঁলোকৰ বিল নিয়মীয়াকৈ পৰিশোধ নকৰাৰ অভিযোগ কৰে৷ ফকিৰাগ্ৰামত কেইবাহাজাৰ গ্ৰাহকে বিল পৰিশোধ নকৰাৰ লগতে বিলাসীপাৰাত ৫৪হাজাৰ গ্ৰাহকৰ ভিতৰত মাত্ৰ ৮হাজাৰ গ্ৰাহকেহে বিল পৰিশোধ কৰাৰ তথ্য সদৰি কৰে৷ ৪২কোটি টকাৰ এতিয়াও বিলৰ ধন বাকী হৈ থকা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ গ্ৰাহকসকলক সময়মতে বিল পৰিশোধ কৰিবলৈ আহ্বান জনায়৷ আনকি তেওঁৰ পৰিদৰ্শনকালত ধুবুৰী জিলাৰ ৰাণীগঞ্জ নামৰ ঠাইত হাজাৰ হাজাৰ মানুহে বিদ্যুৎ চুৰিকাৰ্যৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰি বিভাগৰ তৰফৰ পৰা বিদু্যৎ চুৰ কৰাসকলৰ সংযোগ কাটিব যাওঁতে শাৰীৰিকভাৱে আক্ৰমণ কৰা কাৰ্যক গৰিহণা দিয়ে৷ শক্তিমন্ত্ৰীজনে লগতে প্ৰতি মাহৰ একৰ পৰা দহ তাৰিখৰ ভিতৰত বিদ্যুতৰ বিল আদায় নিদিলে সংযোগ বিছিন্ন কৰা হ’ব বুলিও কয় লগতে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ কথা ঘোষণা কৰে৷ উল্লেখ্য যে, মন্ত্ৰীজনৰ সৈতে সংগ দিয়ে নামনি অসম এলএআৰ মুখ্য প্ৰৱন্ধক দীপজ্যোতি দাস৷ দুপৰীয়া এক বজাত বিলাসীপাৰাৰ পৰা কোক্ৰাঝাৰত উভতি অহা মন্ত্ৰী বৰাই গ্ৰাহক ৰাইজক সময়মতে বিদ্যুৎ মাচুল পৰিশোধ কৰা আৰু বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে উত্থাপিত গাফিলতিৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকৰ আগত কয়৷ আনপিনে বিপিএফ দলক বিজেপি দলে পুনৰ আঁকোৱালি ল’ব নেকি বুলি সাংবাদিকে জানিবলৈ বিচৰাত বিজেপি দলে সকলোকে লৈ একেলগে আগবাঢ়ি যাব বিচাৰে বুলি কয়৷ তদুপৰি শুৱালকুছিত ক’ভিড প্ৰট’কল ভংগ কৰি ফুটবল খেলা সন্দৰ্ভত ক্ৰীড়াৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই আবেগিক হৈ ক’ভিড প্ৰট’কল ভংগ পাহৰি ফুটবলত অংশগ্ৰহণ কৰাটো ভুল হৈছে বুলি স্বীকাৰ কৰে৷ উল্লেখ্য যে, শক্তিমন্ত্ৰী বিমল বৰাই কোক্ৰাঝাৰ চহৰস্থিত জিলা বিজেপি কাৰ্যালয়ত আয়োজিত এখন দলীয় ভাৰ্চুৱেল কাৰ্যকৰী সভাতো অংশগ্ৰহণ কৰে৷