
হিমন্তবিশ্বৰে বৈঠক, গ্ৰেপ্তাৰ নহয়, হাগ্ৰামাক আদৰণিৰ যো-জা
আমাৰ অসম, ৩০ জুনঃ একালৰ মিত্ৰ হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলক পুনৰ আদৰিবলৈ সাজু হৈছে বিজেপিয়ে৷ ইতিমধ্যে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এই সন্দৰ্ভত অনুষ্ঠিত হৈছে কেবালানি বৈঠক৷ আনকি বিজেপিৰে পুনৰ মিত্ৰতা হেৱাৰ পিছত বিপিএফ দল শৰ্মা মন্ত্ৰীসভাত যোগ দিবলৈও সাজু আছে৷ উল্লেখ্য যে কংগ্ৰেছৰ সংগ নিশাটোৰ ভিতৰতে ত্যাগ কৰি ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত গঠন হোৱা বিজেপি চৰকাৰত অংশ লৈছিল বিপিএফ দলে৷ বিপিএফ দলৰ ৩জনকৈ বিধায়কে সোণোৱাল মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ স্থানো লাভ কৰিছিল৷ সকলো ঠিকে ঠাকে চলি আছিল৷ কিন্তু পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ঘূনে ধৰে বিজেপি আৰু বিপিএফৰ মাজৰ মিত্ৰতাত৷ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত বিপিএফৰ সংগৰ ত্যাগ কৰি বিজেপি দলে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ সৈতে মিত্ৰতা কৰে আৰু পৰৱৰ্তী সময়ত দুয়োটা দলে বিটিআৰত পৰিষদ গঠন কৰে৷ বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ সময়তে বিজেপি আৰু বিপিএফৰ মাজৰ মিত্ৰতাৰ যৱনিকা পৰিছিল যদিও বিপিএফৰ তিনিজনে মন্ত্ৰী সোণোৱাল মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰি আছিল৷ বিধানসভাৰ বিগত নিৰ্বাচনত বিজেপি আৰু বিপিএফ দল সমুখ সমৰত নামি পৰে৷ বিশেষকৈ হাগ্ৰামা মহিলাৰী আৰু ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ আক্ৰমন-প্ৰত্যাক্ৰমন আৰু বাক-যুদ্ধই পৰিষদীয় নিৰ্বাচনৰ পৰিৱেশ অধিক উত্তাল কৰি তোলে৷ ইজনে-সিজনৰ বিৰুদ্ধে বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰ গঠনৰ পিছত জে’ললৈ প্ৰেৰণৰ হুংকাৰ পৰ্যন্ত দিছিল৷ বিপিএফদল নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সন্মুখত সদলবলে পিকনিক খাব বুলি কটাক্ষ কৰিছিল ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত সংঘটিত প্ৰতিটো দুৰ্নীতিৰ তদন্ত কৰি তেওঁক জে’ললৈ প্ৰেৰণ কৰা হ’ব বুলিও ৰাজহুৱা ঘোষণা কৰিছিল ড॰ শৰ্মাই৷ ইয়াৰ বিপৰীতে ড॰ হিমন্ত বিশ্ব শৰ্মাকো জে’ললৈ প্ৰেৰণ কৰাৰ হুংকাৰ দিছিল হাগ্ৰামা মহিলাৰীয়ে৷ কিন্তু ৰাজনীতিত নহয় কি? ঠিক দুমাহ পূৰ্বে ইজনে সিজনক হুংকাৰ দিয়া হাগ্ৰামা মহিলাৰী আৰু ড॰ হিমন্ত বিশ্ব শৰ্মা আজি পুনৰ একেলগে চৰকাৰ চলাবলৈ গৈ আছে৷ বি পি এফ দলৰ দুই জ্যেষ্ঠ নেতা ৰিহণ দৈমাৰী আৰু প্ৰবীণ বড়োই ইতিমধ্যে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সংগ বি পি এফ দলে ত্যাগ কৰা বুলি ঘোষণা কৰিছে৷ যোৱা শুকুৰবাৰে হাগ্ৰামা মহিলাৰীয়ে সদলবলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে যদিও গুৱাহাটীত থকাৰ পাছতো শনিবাৰে অনুষ্ঠিত মহাজোঁটৰ সংবাদ মেলত উপস্থিত নাথাকিল বি পি এফৰ কোনো এজন নেতাই৷ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ত্যাগ কৰাৰ পাছত হাগ্ৰামা মহিলাৰী কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশ লৈছিল যদিও এতিয়া পুনৰ মহাজোঁট ত্যাগ কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত অংশ লোৱাৰ পথত আগবাঢ়িছে৷ লক্ষ্যণীয়ভাৱে এনে পৰিস্থিতিত বিজেপিৰ বৰ্তমানৰ মিত্ৰদল ইউ পি পি এলৰ কি হ’ব? ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৰ কি হ’ব? জানিব পৰা মতে প্ৰমোদ বড়ো নিজে বি টি আৰ ত্যাগ কৰি দিছপুৰলৈ আহিবলৈ ইচ্ছুক৷ দিছপুৰত মন্ত্ৰী হ’ব বিচাৰিছে প্ৰমোদ বড়োই৷ সেয়ে প্ৰমোদ বড়োক কিদৰে সংস্থাপিত কৰিব পাৰি সেই বিষয়টোক লৈয়ে বি পি এফ আৰু বিজেপিৰ মাজত অব্যাহত আছে মাৰাথান বৈঠক৷ সকলো ঠিকে ঠাকে থাকিলে হয়তো হাগ্ৰামা মহিলাৰীয়ে শীঘ্ৰে লাভ কৰিব তেওঁৰ হৃত মৰ্যাদা৷