Logo
image

ওজন হ্ৰাস কৰাৰ বাবে লওক এই পাঁচটা বিশেষ যতন

আমাৰ অসম, ০৩ অক্টোবৰঃ আধুনিক জীৱনশৈলীয়ে সৃষ্টি কৰা বিভিন্ন শাৰীৰিক ব্যাধিৰ ভিতৰত মেদবহুলতা, শৰীৰৰ ওজনৰ ভাৰসাম্যহীনতা আদিও উল্লেখনীয়৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰতিদিনে কেইটামান বিশেষ কৌশল অৱলম্বন কৰিব পাৰে৷ ইয়াৰ ভিতৰত আছে– নিয়মিত ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, প্ৰয়োজনীয় নিদ্ৰা আদি৷ ওজন হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ পৰিৱেশ, স্বাস্থ্যকৰ খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ৷ 

ওজন হ্ৰাস কৰাৰ কেইটামান সহজ কৌশল–

 ঘৰুৱাভাৱে তৈয়াৰ কৰা পুষ্টিকৰ খাদ্য গ্ৰহণ৷ এই ক্ষেত্ৰত সেউজীয়া শাক-পাচলি, ফলমূল নিয়মীয়াকৈ খাদ্য তালিকাত ৰখাটো প্ৰয়োজন৷ ওজন নিয়ন্ত্ৰণত ৰাখিবৰ বাবে পুষ্টিকৰ খাদ্য খোৱাৰ বিপৰীতে জাংকফুড তথা বেছি তেল দিয়া আহাৰ এৰাই চলা উচিত৷

 খোৱাৰ সময়ত খৰ-খেদা নকৰি কম পৰিমাণে লাহে-ধীৰে খাদ্য গ্ৰহণ কৰা উচিত৷ পৰিমিত আহাৰে  সু-স্বাস্থ্য গঠনত সহায় কৰাৰ উপৰি   আপোনাক মেদবহুলতাৰ পৰা ৰক্ষা কৰিব৷

 ওজন হ্ৰাস কৰাৰ বাবে নিয়মীয়াভাৱে শাৰীৰিক পৰিশ্ৰম অথবা ব্যায়াম কৰাৰ প্ৰয়োজন৷ 

 নিয়মীয়া ব্যায়ামৰ উপৰি কেইটামান অভ্যাস ওজন নিয়ন্ত্ৰণৰ বাবে খুবেই প্ৰয়োজন৷ তাৰ ভিতৰত উল্লেখনীয় হ’ল– ধ্যান,  সংগীত চৰ্চা, গ্ৰন্থ অধ্যয়ন, গান শুনা আদি৷

 প্ৰয়োজনীয় নিদ্ৰাঃ কেৱল ওজন হ্ৰাস কৰাৰ বাবেই নহয় সু-স্বাস্থ্যৰ বাবে সুখনিদ্ৰা অতি প্ৰয়োজনীয়৷ ব্যক্তিভেদে নিদ্ৰাৰ সময় কম-বেছি হ’ব পাৰে৷ কোনোজনৰ ছ-ঘণ্টা আৰু আন কোনোজনৰ আঠ ঘণ্টা শুলেহে টোপনি পূৰ হয়৷ সু-স্বাস্থ্য আৰু ওজন নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় নিদ্ৰাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন৷