Logo
image

ৰাজপথত নামিল চন্দ্ৰপুৰবাসী

আমাৰ অসম, ১ জুলাইঃ চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা৷ গুৱাহাটী মহানগৰীৰ জাৱৰৰে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰ পানীখাইটি চ’কত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চঃ চন্দ্ৰপুৰৰ উদ্যোগত ৰাজহুৱা ধৰ্ণা কাৰ্যসূচীৰে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, জি এম চি হায় হায়, ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰক, চন্দ্ৰপুৰলৈ জাৱৰ অনা বন্ধ কৰক আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলক উদ্দেশ্যি প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বিষ্ণুৰাম বড়োৱে কয় যে-চন্দ্ৰপুৰবাসী ৰাইজে কোনো কাৰণত চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ নিদিয়ে, সেয়েহে বুধবাৰে ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ স্থলিলৈ ওলাই আহিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ইপিনে আন এক বিবৃতিত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয়– গুৱাহাটী পৌৰনিগমে অতি শীঘ্ৰে চন্দ্ৰপুৰলৈ জাৱৰ অনা বন্ধ কৰিব লাগে৷ স্থানীয় বিধায়ক গৰাকীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ কৰে নেতৃত্বদ্বয়ে৷ বুধবাৰৰ এই কাৰ্যসূচীত প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থা প্ৰতিনিধি, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি, গুৱাহাটী জিলা ট্ৰাইবেল সংঘৰ প্ৰতিনিধি, চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ প্ৰতিনিধি, গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি, প্ৰাগজ্যোতিষপুৰ নাগৰিক সমিতিৰ প্ৰতিনিধি, প্ৰাগজ্যোতিষপুৰ জনজাতীয় মহিলা কল্যাণ সমিতিৰ প্ৰতিনিধি, গ্ৰীণ বাৰিঅৰ ফাউণ্ডেশ্যনৰ প্ৰতিনিধি লগতে চন্দ্ৰপুৰ অঞ্চলৰ প্ৰায় দুই সহাশ্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে৷