Logo
image

ড্ৰাগ্‌, সোণ আৰু সুন্দৰী

আমাৰ অসম, ১ জুলাইঃ বহুবিতৰ্কিত আৰক্ষী উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰুৱতীৰ গোচৰত সাঙুৰ খালে সোণ, ড্ৰাগ আৰু সুন্দৰী যুৱতী৷ এইবাৰ জি আৰ পিৰ আৰক্ষী উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰুৱতীৰ সোণ কেলেংকাৰীৰ গোচৰত নাম সাঙোৰ খালে কাৰ্বি আংলং জিলাৰ বিশেষ শাখাৰ সুন্দৰী কনিষ্টবল সৰস্বতী হানুচাৰ নাম৷ বেংক একাউণ্ট আৰু মোবাইল ফোনৰ লিংকৰ আঁত ধৰি বুধবাৰে সন্ধিয়া মহানগৰ আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ ডিফুত অভিযান চলাই সুন্দৰী কনিষ্টবল সৰস্বতী হানুচাক গ্ৰেপ্তাৰ কৰি গুৱাহাটী লৈ আনে৷ আৰক্ষীয়ে কনিষ্টবল জনৰ ডিফুৰ ঘৰত অভিযান চলাই সোণ, নগদ ধন আৰু বহু অত্তিজনক সামগ্ৰী জব্দ কৰে৷ ধৃত বদ্ৰী প্ৰসাদে সুন্দৰী কনিষ্ঠবল সৰস্বতী হানুচাক ডিফুত এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰি দিছিল৷ গুৱাহাটী ৰেল ষ্টেচনৰ পৰা লুট কৰা সোণ আৰু টকা ডিফুৰ সুন্দৰী কনিষ্ঠবল সৰস্বতী হানুচাৰ ঘৰত জমা কৰি ৰাখিছিল৷ প্ৰেমৰ সম্পৰ্ক বজাই চলা বদ্ৰী প্ৰদাদে সঘনাই ডিফু লৈ গৈ সুন্দৰী কনিষ্টবল সৰস্বতী হানুচাৰ ঘৰত দিন অতিবাসীত কৰিছিল৷ এক প্ৰকাৰ বদ্ৰী প্ৰসাদৰ কলা অধ্যায়ত সুন্দৰী কনিষ্টবল সৰস্বতী হানুচাৰ অৱধান যথেষ্ট আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ ইপিনে, আৰক্ষীয়ে সুন্দৰী সৰস্বতী হানুচাক কামৰূপৰ বিশেষ আদালতত হাজিৰ কৰায়৷ আদালতে ধৃত মহিলা কনিষ্টবল গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আনহাতে, বদ্ৰী প্ৰসাদক ইনভা বিলাসী গাড়ী উপহাৰ দিয়া চুপাৰী মাফিয়া নয়নজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ আজিও সৎসাহস নহল মহানগৰ আৰক্ষীৰ৷ একাংশ আৰক্ষী বিষয়াই বদ্ৰী প্ৰসাদক কলা সাম্ৰাজ্যৰ পৃষ্ঠপোষকতা কৰাই আহিছে৷ শীৰ্ষ আৰক্ষী বিষয়া আৰ্শীবাদপুষ্ট বদ্ৰী প্ৰসাদে উপহাৰ হিচাপে লাভ কৰা ইনভা গাড়ীখন ভ্ৰাম্যমাণ আৰক্ষী থানা হিচাপে ব্যৱহাৰ কৰিছিল৷ গুৱাহাটী ৰেল ষ্টেচনত ৰেলৰ পৰা জব্দ কৰা সোণ আৰু অপৰাধীক জি আৰ পি থানালৈ নিয়াৰ বিপৰীতে বদ্ৰী প্ৰসাদৰ ইনভা গাড়ী খনলৈ নিছিল আৰু গাড়ী খনৰ ভিতৰৰ পৰাই বদ্ৰী প্ৰসাদে দৰ দাম কৰিছিল৷ দৰ দাম মিলিলে অপৰাধীক মুকলি কৰি দিছিল অন্যথা আধাতকৈ বেছি সোণ নিজৰ লগত ৰাখি আংশিক সোণসহ অপৰাধীক জেললৈ প্ৰেৰণ কৰিছিল৷ আনকি জি আৰ পি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশ অমান্য কৰি বদ্ৰী প্ৰসাদে একনায়কত্ব হিচাপে ৰাজত্ব কৰিছিল৷ এজন এ ডি জি পি, এজন ডি আই জি গডফাদাৰ হোৱাৰ বাবেই বদ্ৰী প্ৰসাদে স্বেচ্ছাচাৰী হৈ পৰিছিল৷ বদ্ৰীপ্ৰসাদক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বহুকেইগৰাকী উচ্ছপদস্থ আৰক্ষী বিষয়াৰ নাম চৰ্চালৈ আহিছিল৷ এ ডি জি পি, ডি আই জি আৰু এছ পি পৰ্যায়ৰ তিনিজন বিষয়াক বদ্ৰীপ্ৰসাদে নিয়মীয়াকৈ চোৰাং ব্যৱসায়ী চক্ৰৰ ধন আদায় দি অহা বুলিও আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা চলিছে৷ কিন্তু তদন্তকাৰী আৰক্ষী বিষয়াই চোৰাং সোণ সৰবৰাহৰ লগত উচ্ছপদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ তথ্য লাভ কৰা নাই বুলি স্পষ্ট কৰি দিছে৷ যদিহে সোণৰ চোৰাং সৰবৰাহৰ তদন্ত সঠিক দিশত আগবাঢ়ে, তেন্তে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ তথ্য পোহৰলৈ আহিব বুলি চৰ্চা অব্যাহত আছে৷ বিশেষকৈ বদ্ৰীপ্ৰসাদৰ দৰে উপ-পৰিদৰ্শক এজনে কোনো শীৰ্ষ বিষয়াৰ ছত্ৰছায়াত চোৰাং সোণৰ সৰবৰাহ অব্যাহত ৰাখিছিল নেকি, সেয়া লক্ষণীয় হৈ পৰিছে৷ ইপিনে, গ্ৰেপ্তাৰ নহ’ল বহুবিতৰ্কিত আৰক্ষী উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰুৱতীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছিল ন ন তথ্য৷ বদ্ৰীপ্ৰসাদৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে মঙ্গলবাৰে নিশা গোলাঘাটত অভিযান চলাই নয়নজ্যোতি শৰ্মা নামৰ এজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছিল৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বদ্ৰীপ্ৰসাদ বাৰুৱতীক ইন’ভা দিছিল নয়নজ্যোতি শৰ্মা নামৰ লোকজনে৷ কাৰ্বি আংলঙত কৰ্মৰত হৈ থকা সময়ৰে পৰা বদ্ৰীপ্ৰসাদে চোৰাং ব্যৱসায়ীৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷ চোৰাং সোণ, চুপাৰি, কয়লা বহিঃৰাজ্যলৈ সৰবৰাহৰ সুবিধা কৰি দিয়াৰ বিনিময়ত চোৰাং বেপাৰীৰ পৰা নিয়মীয়াকৈ ধন লাভ কৰিছিল আৰক্ষী উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদে৷ চোৰাং ব্যৱসায়ী চক্ৰৰে সু-সম্পৰ্ক ৰক্ষা কৰাৰ সুবাদতে নয়নজ্যোতি শৰ্মাই বদ্ৰীক উপহাৰ দিছিল ইন’ভা৷ ইফালে আৰক্ষীয়ে বদ্ৰীপ্ৰসাদৰ বাসভৱনৰ পৰা এখন বিলাসী বাহন জব্দ কৰিছিল৷ এই বিলাসী বাহনখনৰ গৰাকী চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুৰ বুলি জানিব পৰা গৈছে৷ চোৰাং ব্যৱসায়ীৰে সু-সম্পৰ্ক ৰক্ষা কৰি বদ্ৰীপ্ৰসাদে নামে-বেনামে গঢ়িছিল সম্পত্তিৰ পাহাৰ৷ চুপাৰি মাফিয়া বাবলুৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰাৰ তথ্য লাভ কৰি মহানগৰ আৰক্ষীয়ে মঙ্গলবাৰে নিশা গোলাঘাট আৰক্ষীৰ সহযোগত বাবলুৰ বাসভৱনত অভিযান চলায়৷ অৱশ্যে আৰক্ষীয়ে বাবলুক আটক কৰিবলৈ সক্ষম হোৱা নাই৷ চুপাৰি মাফিয়া বাবলুৰ বিশ্বস্ত সহযোগী নয়নজ্যোতিক মহানগৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰি পুনৰ মুকলি কৰি দিয়াত সৰ্বসাধাৰণ নাগৰিকে সহজ ভাবে লব পৰা নাই৷ ইপিনে, চুপাৰী ছিণ্ডিগেটৰ মাফিয়া বাবলুক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ আৰক্ষীয়ে দিছিল যদিও আজিও চুপাৰী মাফিয়াজন থানাত উপস্থিত নহল৷ আনহাতে, আৰক্ষী আৰু বন কৰ্মীৰ ৫ জনীয়া দলে অপহৰণ কৰা ড্ৰাগ মাফিয়া অজিত দাসক পালাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়৷ আদালতে ধৃত অজিত দাসক দুদিনৰ বাবে আৰক্ষীৰ জিনমালৈ প্ৰেৰণ কৰে৷ পালাশবাৰী আৰক্ষীয়ে থানাত ৪০৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ড্ৰাগ মাফিয়া অজিত দাসক জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ড্ৰাগ মাফিয়া অজিত দাসক অপহৰণ কৰাৰ অভিযোগত আৰক্ষীয়ে ফাঁচী বজাৰ আৰক্ষী চকীৰ কনিষ্ঠবল ৰাজু বাবু সিং সহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল৷