Logo
image

দ্বিতীয় তৰংগত শিশুৰ সংক্ৰমণ ৯৬% কেন্দ্ৰ উদ্বিগ্ন

আমাৰ অসম, ৩ জুলাইঃ দেশজুৰি সংক্ৰমণ হ্ৰাস পাবলৈ লোৱাৰ সময়তে অসমত ১৮ বছৰৰ অনূৰ্ধ্ব শিশু-কিশোৰ অস্বাভাৱিক হাৰত ক’ভিডত আক্ৰান্ত হোৱাৰ ঘটনাত চৰম উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ দ্বিতীয় তৰংগৰ সময়ত অসমত শিশু-কিশোৰৰ সংক্ৰমণৰ হাৰ ৯৬.৬৭ শতাংশ, যিটো সংখ্যা দেশৰ সকলো ৰাজ্যৰ তুলনাত অস্বাভাৱিকভাৱে অধিক৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন [এন এইছ এম] অসমে প্ৰকাশ কৰা এই পৰিসংখ্যাত উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰে এই সংক্ৰান্তত পৰামৰ্শ প্ৰদানৰ বাবে কেন্দ্ৰৰ পৰা এটা দল অসমলৈ প্ৰেৰণৰ বাবে গুণা-গঁথা কৰিছে৷ উল্লেখ্য, ক’ভিডৰ তৃতীয় তৰংগত শিশু-কিশোৰ অধিক আক্ৰান্ত হ’ব বুলি আশংকা প্ৰকাশ কৰাৰ সময়তে উঠি অহা অসমৰ এই তথ্য স্বৰূপাৰ্থতে ভয়ংকৰ৷ কিয়নো এন এইছ এমে প্ৰকাশ কৰা তথ্য যোৱা ১ এপ্ৰিলৰ পৰা ২৬ জুনৰ ভিতৰৰ অৰ্থাৎ ৮৭ দিনৰ৷ তাৎপৰ্যপূৰ্ণভাৱে সময়ছোৱা তৃতীয় তৰংগৰ নহয়, দ্বিতীয় তৰংগৰহে৷ এই সময়ছোৱাত অসমত ১৮ বছৰতকৈ কম বয়সীয়া আক্ৰান্ত হৈছে প্ৰথম তৰংগতকৈ ৯৬.৬৭ শতাংশ অধিক৷ অথচ ৰাজ্যখনত মুঠ আক্ৰান্তৰ হাৰ হৈছে ২৭.৩১ শতাংশ৷ দ্বিতীয় তৰংগৰ ৯৬.৬৭ শতাংশ শিশু-কিশোৰ সংক্ৰমিতৰ ৫৫ শতাংশৰে বয়স ৫ বছৰ বয়সতকৈ কম৷ কেৱল সংক্ৰমণেই নহয়, মৃত্যুৰ সংখ্যাও এই সময়ছোৱাত ৩ গুণ বৃদ্ধি পাইছে৷ এন এইছ এমৰ তথ্য অনুসৰি প্ৰথম ঢৌৰ সময়ত ০-১৮ বছৰীয়া আক্ৰান্ত ১৭,৪৫৭ আৰু দ্বিতীয় ঢৌত এই সংখ্যা ৮৭ দিনতে ৩৪,৩৩৩ লৈ বৃদ্ধি হৈছে৷ প্ৰথম ঢৌত অসমত ০-৫ বছৰ বয়সীয়া আক্ৰান্ত হৈছিল ৩,০১৪ টি আৰু ৬-১৮ বছৰ বয়সীয়াৰ আক্ৰান্তৰ সংখ্যা আছিল ১৪,৪৪৩৷ কিন্তু দ্বিতীয় ঢৌত ০-৫ বছৰীয়া আক্ৰান্তৰ সংখ্যা ৫,৭৭৮ আৰু ৬-১৮ বছৰীয়া আক্ৰান্তৰ সংখ্যা ২৮,৫৫৫৷ অৰ্থাৎ শিশুৰ ক্ষেত্ৰত প্ৰথম তৰংগতকৈ দ্বিতীয় তৰংগত ৯১.৭১ শতাংশ সংক্ৰমণ বৃদ্ধি হৈছে আৰু ৬-১৮ বছৰীয়াৰ ক্ষেত্ৰত ৯৭.৭১ শতাংশ বৃদ্ধি পাইছে৷ প্ৰথম ঢৌত ০-৫ বছৰীয়া শিশুৰ মৃত্যুৰ সংখ্যা ৩ আৰু দ্বিতীয় ঢৌত বাঢ়িছে ১৯লৈ৷ আনহাতে প্ৰথম ঢৌত ৬-১৮ বছৰীয়াৰ মৃত্যুৰ সংখ্যা ৬ আৰু দ্বিতীয় ঢৌত এই সংখ্যা হৈছে ১৫৷ ১৮ বছৰৰ অনূধবৰ্ সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপত [ম] ৫,৩৪৬ টি আৰু ক্ৰমে ডিব্ৰুগড়ত ২,৪৩০, নগাঁৱত ২,২২৮, কামৰূপ গ্ৰাম্যত ২,০২৩ আৰু শোণিতপুৰত ১,৮৩৯ শিশু-কিশোৰ-কিশোৰী৷ স্বাভাৱিকতে এই পৰিসংখ্যাই কেন্দ্ৰীয় চৰকাৰক উদ্বিগ্ন কৰি তুলিছে৷ 

ইপিনে অসমৰ চুবুৰীয়া তিনিখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মণিপুৰত ক’ভিডৰ সংক্ৰমণ তীব্ৰ হাৰত বৃদ্ধি পোৱাত তিনিওখন ৰাজ্যলৈ কেন্দ্ৰই দিল্লীৰ পৰা তিনিটা পৃথক দল প্ৰেৰণ কৰিছে৷ দেশৰ অন্যান্য অংশত সম্প্ৰতি ক’ভিডৰ সংক্ৰমণ নিম্নমুখী যদিও অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাকে ধৰি ৬খন ৰাজ্য ক্ৰমে কেৰালা, ওড়িশা আৰু ছত্তীশগড়ত ক’ভিডৰ সংক্ৰমণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় চৰকাৰে এই ৬খন ৰাজ্যলৈ একোটাকৈ দল প্ৰেৰণ কৰিছে৷ আজি শুকুৰবাৰে এই ৬খন ৰাজ্যলৈ প্ৰেৰণ কৰা দলকেইটাই পোনপটীয়াকৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব আৰু পৰিস্থিতি বিচাৰ কৰি সংশ্লিষ্ট ৰাজ্যকেইখনক ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পৰামৰ্শ প্ৰদান কৰিব৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰেৰণ কৰা প্ৰতিটো দলতে দুজনকৈ সদস্য আছে আৰু প্ৰত্যেকেই স্বাস্থ্যবিজ্ঞানী আৰু দেশৰ ‘ক’ভিড একচন টীম’ৰ সৈতে সম্পৰ্ক ৰাখি বিগত এবছৰীয়া ক’ভিড যুদ্ধৰে অভিজ্ঞ৷ মণিপুৰলৈ প্ৰেৰণ কৰা দলটোৰ নেতৃত্ব দিছে ই এম আৰৰ সঞ্চালক তথা অতিৰিক্ত সঞ্চালক প্ৰধান ডাঃ এল স্বস্তিচৰণে৷ আনহাতে অৰুণাচল প্ৰদেশৰ দলটোক নেতৃত্ব দিছে এ আই এইছ তথা পি এইছৰ অধ্যাপক ডাঃ সঞ্জয় সুধাকৰণ আৰু ত্ৰিপুৰাৰ দলটোক নেতৃত্ব দিছে আৰ অ’ এইছ এফ ডব্লিউৰ জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ ৰুচি জৈনে৷ এই দলকেইটাই সংশ্লিষ্ট ৰাজ্যক ক’ভিডৰ সংক্ৰমণ ৰোধত সহায় কৰাৰ লগতে ক’ভিড যুদ্ধৰ পৰিচালনা অৰ্থাৎ পৰীক্ষা, কণ্টেইনমেণ্ট অভিযান, ক’ভিডৰ যথাযথ ব্যৱহাৰ আৰু প্ৰয়োগ, চিকিৎসালয়ত ক’ভিড আক্ৰান্তৰ বিছনাৰ ব্যৱস্থা, ব্যাপক আৰু সুষম যোগাযোগ ব্যৱস্থা, এম্বুলেন্স, ভেণ্টিলেটৰ, অক্সিজেন তথা আই চি ইউৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ দিব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে  কৈছে যে, কেন্দ্ৰই ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত ‘সামগ্ৰিকভাৱে চৰকাৰ’, ‘সামগ্ৰিকভাৱে সমাজ’ৰ জৰিয়তে যুঁজ কৰিছে আৰু ‘সংঘবদ্ধ সহযোগিতা’ৰ ‘আমব্ৰেলা’ ৰণকৌশল ব্যৱহাৰ কৰিছে৷ এই যুঁজ আগবঢ়াই নিয়াৰ বাবেই কেন্দ্ৰই সম্প্ৰতি পুনৰ সংক্ৰমণ বৃদ্ধি পোৱা ৬খন ৰাজ্যলৈ দিল্লীৰ পৰা দল প্ৰেৰণ কৰিছে৷ উল্লেখ্য, ভাৰত ক’ভিডত বিধবস্ত হোৱা বিশ্বৰ শীৰ্ষৰ ১০ খন ৰাষ্ট্ৰৰ অন্যতম আৰু শেহতীয়া ৩৯ দিনত দেশখনত ১,০০,০০০ ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷

গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি

নাগৰিকে ভেকচিনৰ বাবে হাহাকাৰ কৰিছে যদিও শুকুৰবাৰৰ দিনটোত ২.১৫ লাখ ড’জ ভেকচিন প্ৰদান কৰা হয়৷ শেহতীয়াকৈ কেন্দ্ৰই ভেকচিন প্ৰেৰণ নকৰাত অসমত ব্যাপক সমস্যাই দেখা দিছিল৷ ৰাইজে নিশা দূপৰৰ পৰা শাৰী পাতি অপেক্ষা কৰাৰ পাছতো পুৱা কতৃৰ্পক্ষই ভেকচিন কেন্দ্ৰসমূহত ‘ন’ ভেকচিন’ পোষ্টাৰ লগাই দিছিল৷ আনকি ক্ষুণ্ণ ৰাইজে ৰাজপথো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ অৱশ্যে বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে অসমলৈ ৭ লাখ ড’জ ভেকচিন প্ৰেৰণ কৰাত বৃহস্পতিবাৰে ১.৭২ লাখ ড’জ ভেকচিন প্ৰদান কৰাৰ বিপৰীতে শুকুৰবাৰে সৰ্বাধিক ২.১৫ লাখ ড’জ ভেকচিন প্ৰদান কৰে৷ অৱশ্যে, শুকুৰবাৰে পুৱা দেৰগাঁৱৰ কমল দুৱৰা কলেজ আৰু দেৰগাঁও উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰৰ গেট খোলাৰ পাছতেই ৰাইজে শাৰী পাতিবলৈ ঠেলা-হেঁচাকৈ দৌৰা-দৌৰি কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে৷ স্বাভাৱিকতেই ভেকচিন কেন্দ্ৰৰ পৰা ৰাইজৰ দেহত ক’ভিড সংক্ৰমণ হোৱাৰহে আশংকা প্ৰৱল হৈ পৰিছে৷ লক্ষণীয়ভাৱে, ৰাজ্যত ক’ভিড বাধা-নিষেধাজ্ঞা তথা লকডাউন অব্যাহত থকাৰ পাছতো ঠাইবিশেষে সংক্ৰমণ বৃদ্ধি পাইছে৷ ইপিনে কাৰামুক্ত বিধায়ক অখিল গগৈয়ে ক’ভিড বিধি উলংঘনেৰে গুৱাহাটীৰ পৰা শিৱসাগৰ সমষ্টিলৈ যাত্ৰা কৰাৰ সময়ত হোৱা সমাগমেও ক’ভিড সংক্ৰমণ বৃদ্ধি কৰিব বুলিহে বিভিন্নজনে মত ব্যক্ত কৰা দেখা গৈছে৷ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত এনেদৰে সমাগম কৰি ঘূৰি ফুৰিলে জিলাখনতো ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰিছে সচেতন মহলে৷ ইপিনে শুকুৰবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৪৫৩জন লোক৷ কামৰূপ মহানগৰ জিলাত ১৮৬ জন লোক আক্ৰান্ত হৈছে৷ গুৱাহাটীত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে৷ আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু হৈছে ২৭ জন ৰোগী৷

শোণিতপুৰত তিনিজনৰ মৃত্যু

শোণিতপুৰত শুকুৰবাৰে তিনিজন কৰ’নাক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭২জন কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে৷ আনহাতে, জিলাখনত কৰ’নাত শিশু আক্ৰান্ত হোৱাৰ সংখ্যাও অব্যাহত আছে৷ কৰ’নাৰ সংক্ৰমণে ক্ৰমাণ্বয়ে জটিল ৰূপ ধাৰণ কৰা শোণিতপুৰত শুকুৰবাৰে আক্ৰান্ত হোৱাসকলৰ ভিতৰত ৩৯টা শিশু আৰু কিশোৰ-কিশোৰী আছে৷ চৰকাৰীভাৱে প্ৰকাশিত তথ্য অনুসৰি, শোণিতপুৰৰ চাৰিদুৱাৰ নিবাসী গোপাল তাঁতী[৬৯], তেজপুৰ পৰোৱাৰ জগন্নাথ সিং[৮১]আৰু মিছামাৰীৰ মেজেংজুলিৰ জগৎ চন্দ্ৰ দাসৰ[২৪] শুকুৰবাৰে কৰ’নাত মৃত্যু ঘটিছে৷ আনহাতে, জিলাখনত কৰ’নাৰ পৰা সুস্থ হৈ উঠাৰ পাছতো কিছুসংখ্যক লোকৰ কৰ’নাত মৃত্যু ঘটাৰ বিষয়ে প্ৰকাশ কৰি স্বাস্থ্য বিভাগৰ এক সূত্ৰই কয় যে, সাধাৰণতে আন জটিল ৰোগত পূৰ্বৰে পৰা ভুগী থকা লোকেই কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পাছতো মৃত্যুমুখত পৰিবলগীয়া হৈছে৷ ইয়াৰ বিপৰীতে জিলাখনত কৰ’নাত আক্ৰান্ত হোৱা শিশু তথা কিশোৰ-কিশোৰীসকলৰ আৰোগ্যৰ হাৰ যথেষ্ট সন্তোষজনক বুলি উল্লেখ কৰি সূত্ৰটোৱে কয় যে, ইতিমধ্যেই যথেষ্টসংখ্যক কৰ’নাক্ৰান্ত শিশু আৰু কিশোৰ-কিশোৰী সুস্থ হৈ উঠিছে৷ কিন্তু জিলাখনত কৰ’নাৰ সংক্ৰমণ তথা মৃত্যুৰ সংখ্যা এনেদৰেই অব্যাহত থাকিলে শোণিতপুৰত বৰ্তমানতকৈ অধিক কঠোৰ ক’ভিডবিধিৰ বলৱৎ হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে স্থানীয় বহুলোকেই কিছুদিনৰ বাবে তেজপুৰত তলাবন্ধৰ বাবে আহ্বান জনাইছে৷

ভেক্‌চিন ল’বলৈ আহি উভতি যাবলগীয়া হৈছে হাজাৰ হাজাৰ লোক

সমগ্ৰ দেশতেই কৰ’নাই শলঠেকত পেলোৱাৰ সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ জনগণক ক’ভিডৰ পৰা ৰক্ষা পাবলৈ ভেক্‌চিন প্ৰদান কৰি অহা সময়ত ওদালগুৰি জিলাৰ ৰাইজ ভেক্‌চিনৰ অভাৱত হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ওদালগুৰি জিলাৰ ভেক্‌চিনেশ্বনৰ স্বাস্থ্য কেন্দ্ৰসমূহত এতিয়া দৈনিক হাজাৰ হাজাৰ ৰাইজে দিনৰ দিনটো ভিৰ কৰা পৰিলক্ষিত হৈছে৷ যিসময়ত ৰাজ্য চৰকাৰে দৈনিক তিনি লাখতকৈ অধিক ভেক্‌চিন প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰি অহাৰ সময়তে ওদালগুৰি জিলাৰ এইধৰণৰ ভেক্‌চিনৰ নাটনিয়ে চিন্তিত কৰিছে জিলাখনৰ সকলো শ্ৰেণীৰ জনতাক৷ ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য খণ্ডতো দেখিবলৈ পোৱা গৈছে সেই একেই দৃশ্য৷ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌতা, মাজবাট, ওৰাং অঞ্চলৰ গাঁওসমূহৰ পৰা দৈনিক ঘৰৰ কাম-বন এৰি চৰকাৰে জনোৱা আহ্বানমৰ্মে ৰাইজ স্বাস্থ্য কেন্দ্ৰলৈ ভেক্‌চিন লোৱাৰ বাবে ওলাই আহিছে ঠিকেই কিন্তু দিনৰ দিনটো অপেক্ষা কৰি হাবাথুৰি খাবলগীয়া হৈছে সাধাৰণ জনতাই৷ 

দৈনিক এটা ভেক্‌চিন চেণ্টাৰত ১০০/২০০জনক ভেক্‌চিন প্ৰদান কৰা হয় যদিও এটা চেণ্টাৰত দৈনিক লানি নিছিঙা ভিৰ হোৱা পৰিলক্ষিত হৈছে৷ দিনত এটা ভেক্‌চিনেশ্বচন চেণ্টাৰৰ পৰা ৩০০/৪০০ত কৈ অধিক লোক উভতি যোৱাটো সাধাৰণ কথা হৈ পৰিছে৷ ভেক্‌চিনেশ্বচন কেন্দ্ৰসমূহত সময়মতে এতিয়া এটাও ভেক্‌চিন নথকাৰ ফলত ঘৰৰ পৰা পুৱাই সকলো কাম-বন কণ কণ লৰা-ছোৱালীক ঘৰত থৈ ভিতৰুৱা গাঁও অঞ্চলৰ পৰা ওলাই অহা হাজাৰ হাজাৰ লোকে জিলাখনত এটাও ভেক্‌চিন নথকা কথা জানিবলৈ পাই ঘূৰি যাবলগীয়া হৈছে৷ ঘৰৰ পৰা এটা ভেক্‌চিন ল’বলৈ ওলাই অহাসকলে অতিকমেও তিনি-চাৰিদিন ধৰি স্বাস্থ্য কেন্দ্ৰসমূহত আহিও ভেক্‌চিন লাভ নকৰাত চিন্তিত হৈছে গাঁও অঞ্চলৰ ৰাইজ৷ যোৱা ২৯ তাৰিখৰ পৰা ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভেক্‌চিনৰ নাটনি হোৱাত ঘূৰি যাবলগীয়া হৈছে পুৱা পাঁচবজাৰ পৰা ভেক্‌চিন ল’বলৈ শাৰী পাতি থকা পুৰুষ-মহিলাসকল বঞ্চিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আহিছে৷ অসম চৰকাৰে সাধাৰণ জনতাক ভেক্‌চিন ল’বলৈ বাৰম্বাৰ আহ্বান জনাই অহাৰ সময়ত ওদালগুৰি জিলাৰ স্বাস্থ্য কেন্দ্ৰসমূহত ভেক্‌চিনৰ অভাৱ হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে৷ এটা স্বাস্থ্য কেন্দ্ৰত অতিকমেও চাৰি, পাঁচশ লোকে ভেক্‌চিন ল’বলৈ পুৱা পাঁচ বজাৰ পৰাই শাৰী পাতি থকা সময়ত ভেক্‌চিনেশ্বচন স্বাস্থ্য কেন্দ্ৰত মাত্ৰ ১০০/২০০জন লোকক ভেক্‌চিন প্ৰদান কৰি বাকী থকাসকলক উভতি যাবলৈ বাধ্য কৰোৱা ঘটনাই চিন্তিত কৰিছে জিলাখনৰ সচেতন মহলক৷ যিটো ভেক্‌চিনেশ্বচন স্বাস্থ্য কেন্দ্ৰত প্ৰায় ৫০০জন লোক ভেক্‌চিনৰ সন্ধানত ওলাই আহে সেই ভেক্‌চিনেশ্বচন চেণ্টাৰত মাত্ৰ ১০০/২০০টা ভেক্‌চিন মজুত থাকিলে চৰকাৰে জনোৱা আহ্বান কিদৰে পালন কৰিব তাক লৈয়ো চিন্তিত হৈছে গাঁওসমূহৰ সাধাৰণ ৰাইজ৷ আনফালে, চৰকাৰে সদিৰ কৰা অনুযায়ী চৰকাৰী চাকৰি কৰা লোকে ভেক্‌চিন গ্ৰহণ নকৰিলে দৰমহা বন্ধ আদি কিছু চৰ্ত ৰখাটো কিমান যুক্তি-যুক্ততা আছে তাক লৈয়ো চিন্তিত বহুলোক৷ তদুপৰি, ক’ভিশ্বিল্ডৰ দ্বিতীয় পালি ল’বলৈ শ শ লোকৰ মাজত হাঁহাকাৰ সৃষ্টি হৈ থকাটো এতিয়া নিত্য-নৈমিত্তিক স্বাভাৱিক ঘটনা হৈ পৰিছে৷ অনতিপলমে পৰ্যাপ্ত পৰিমাণে ভেক্‌চিন প্ৰদান কৰিবলৈ চৰকাৰ, সংশ্লিষ্ট বিভাগক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে৷