Logo
image

যোৰহাটসহ আৰু চাৰিখন জিলাত ‘লকডাউন’ৰ যো-জা

আমাৰ অসম, ৫ জুলাইঃ ক’ভিডৰ দ্বিতীয় ঢৌৰ সংহাৰে অসমত প্ৰায় আঢ়ৈ মাহ অতিক্ৰম কৰিলে যদিও সংক্ৰমণ বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই৷ ৰাজ্যৰ গোৱালপাৰা, মৰিগাঁও, বিশ্বনাথ জিলাৰ লগতে  গোলাঘাট জিলাৰ বোকাখাত মহকুমাত এসপ্তাহ ধৰি সম্পূৰ্ণ লকডাউন বলৱৎ হৈ থকাৰ পাছতো পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই৷ আনহাতে, গোলাঘাট, যোৰহাট, শোণিতপুৰ আৰু লখিমপুৰ জিলাৰ ক’ভিড পৰিস্থিতি শেহতীয়াকৈ অতি বিপদজনক হৈ পৰিছে৷ গোলাঘাটৰ বোকাখাত মহকুমা সম্পূৰ্ণ কণ্টেইনমেণ্ট হোৱাৰ পাছতো সংক্ৰমণ দুগুণলৈ বৃদ্ধি পাইছে৷ সোমবাৰে স্বাস্থ্য বিভাগে ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰি নতুন এছ অ’ পি জাৰি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ স্বাভাৱিকভাৱেই ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পোৱা গোলাঘাট, যোৰহাট, শোণিতপুৰ আৰু মৰিগাঁও জিলাত সম্পূৰ্ণ লকডাউন তথা চৰকাৰী ভাষাত কঠোৰ কণ্টেইমেণ্ট ঘোষণা কৰাৰ সম্ভাৱনা নুই কৰা নাই স্বাস্থ্য বিভাগে৷ অৰ্থাৎ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা বৈঠকত এই চাৰিখন জিলাত সম্পূৰ্ণ ৰূপে লকডাউনৰ সিদ্ধান্ত গ্ৰহণত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে প্ৰকাশ কৰা মতে ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে সোমবাৰে পৰ্যালোচনা বৈঠকত সংক্ৰমণ বৃদ্ধি পোৱা জিলাসমূহক গুৰুত্ব দিব৷ মুখ্যমন্ত্ৰীয়ে শনিবাৰৰ দিনটোত কেৱল যোৰহাট আৰু গোলাঘাট জিলাতে ছয় শতাধিক লোক ক’ভিডত আক্ৰান্ত হোৱা বুলিও প্ৰকাশ কৰিছে৷ স্বাস্থ্য বিভাগৰ তথ্য মতে বিগত ১০ দিনত গোলাঘাট জিলাত ২,৬১৯জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ বিপৰীতে দহটা দিনত শোণিতপুৰত ১,৮৫৮জন, যোৰহাটত ১,৬২০জন আৰু লখিমপুৰত ১,২৫১জন লোক আক্ৰান্ত হৈছে৷ গোলাঘাট জিলাত শনিবাৰে পজিটিভিটীৰ হাৰ ৩.৭০ শতাংশলৈ বৃদ্ধি পাইছে৷ গোলাঘাটৰ বোকাখাত মহকুমাত লকডাউন বলৱৎ আছে যদিও জিলাখনৰ আন আন স্থানতো সংক্ৰমণ বৃদ্ধি পাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ৩টা ৰাজহ চক্ৰৰ অধীনৰ ৫টা এলেকা দেওবাৰে নতুনকৈ কণ্টেইনমেণ্ট ঘোষণা কৰিছে প্ৰশাসনে৷ বোকাখাত ৰাজহ চক্ৰৰ পাণবাৰী লাইন, শিলজুৰি ৩নং লাইন, হাতীঘুলিৰ ৬নং লাইন, দেৰগাঁৱৰ এনাইঘৰীয়া গাঁৱৰ বামুণগাঁও চুক আৰু মৰঙি ৰাজহ চক্ৰৰ মুৰফুলনি বাগান গাঁৱৰ ৰৌ-মৰা অঞ্চলক মাইক্ৰ’ কণ্টেইনমেণ্ট ঘোষণা কৰিছে৷ ইপিনে যোৰহাট জিলাতো ক’ভিডৰ ভয়ংকৰ ৰূপত সংক্ৰমণ বৃদ্ধি পাইছে৷ শনিবাৰে জিলাখনত ২৪২জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১১২জন লোকেই টীয়ক অঞ্চলৰ৷ আনহাতে যোৰহাট-শিৱসাগৰ সীমামূৰীয়া চিন্তামণিগড় অঞ্চলৰে ৮০জন লোক আক্ৰান্ত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত ঘোঁৰাচৰা পথাৰ আৰু নাওবৈচা অঞ্চলক কণ্টেইনমেণ্ট ঘোষণা কৰিছে প্ৰশাসনে৷ যোৰহাট জিলাত পজিটিভিটীৰ হাৰ ৩.১৫ শতাংশ স্পৰ্শ কৰিছে৷ ইপিনে শোণিতপুৰ জিলাৰ টাউন আৰু চাহ বাগান অঞ্চলসমূহত সংক্ৰমণ হ্ৰাস পাইছে যদিও জিলাখনৰ গ্ৰামাঞ্চলত ভয়ংকৰ হাৰত ক’ভিডে ছানি ধৰাৰ কথা স্বীকাৰ কৰিছে খোদ স্বাস্থ্যমন্ত্ৰীয়ে৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ ১০টা অঞ্চল কণ্টেইনমেণ্টত আছে বুলিও প্ৰকাশ কৰিছে৷ আনহাতে লখিমপুৰ জিলাতো গাঁৱে গাঁৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত স্বাস্থ্য বিভাগক চিন্তিত কৰি তুলিছে৷ এই জিলাখনৰো  ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰি আছে প্ৰশাসনে৷ আনহাতে লকডাউন অব্যাহত থকা বিশ্বনাথ জিলাত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও আন দুই জিলা মৰিগাঁও আৰু গোৱালপাৰাত পৰিস্থিতি এসপ্তাহে অপৰিৱৰ্তিত বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ লক্ষণীয়ভাৱে ৰাজ্যত দেওবাৰে এটি শিশুসহ ২০জন লোক ক’ভিডত মৃত্যু হৈছে৷ শনিবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত নুৰ ইছলাম নামৰ এটি ৮ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এটি শিশুৰ ক’ভিডত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,২১৩ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ কামৰূপ মহানগৰ জিলাত ১৪০ জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ দেওবাৰে তুলনামূলকভাৱে কমসংখ্যক লোকৰ ক’ভিড পৰীক্ষা কৰা দেখা যায়৷ দেওবাৰে ৰাজ্যত ৫৩,৮৪৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে পজিটিভিটীৰ হাৰ ২.২৫ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে বিগত ২৪ ঘণ্টাত ক’ভিড সুস্থ হৈছে ৯৪.৫৬ শতাংশ৷ আনহাতে, চি এ পৰীক্ষাৰ বাবে সোমবাৰে আন পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়াত শিথিল কৰি দিয়া বুলি এডিজিপি জি পি সিঙে জানিবলৈ দিছে৷