প্ৰৱীন অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান
◾প্ৰৱীন অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান।
◾পুৱা ৭.৩০ বজাত মৃত্যু হয় কিংবদন্তী অভিনেতা গৰাকীৰ।
◾৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান অভিনেতা গৰাকীয়ে।
◾বিগত বহুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল অভিনেতা গৰাকী।
◾মুম্বাই হিন্দুজা হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অভিনেতা গৰাকীৰ।
◾১৯২২ চনৰ ১১ ডিচেম্বৰত জন্ম গ্ৰহণ কৰিছিল দিলীপ কুমাৰে।
◾ছবিজগতৰ প্ৰায় ৬৫ খন ছবিত অভিনয় কৰিছিল দিলীপ কুমাৰে।
◾অভিনেতা দিলীপ কুমাৰৰ প্ৰকৃত নাম আছিল মহম্মদ ইউছুফ খান।
◾'ট্ৰেজেদী কিং' নামেৰে জনপ্ৰিয় আছিল অভিনেতা দিলীপ কুমাৰ।
◾তেখেতৰ অভিনিত প্ৰথমখন ছবি আছিল 'জোৱাৰভাটা'(১৯৪৪ চন)।
◾১৯৯১ চনত তেওঁ লাভ কৰিছিল পদ্মভূষণ সন্মান।
◾১৯৯৪ চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল অভিনেতাজনে।
◾তেওঁ পদ্মবিভূষণ সন্মানেৰে বিভূষিত হৈছিল ২০১৫ চনত।
◾১৯৯৮ চনৰ 'কিলা' ছবিখনেই আছিল তেওঁৰ শেষৰ খন ছবি।