Logo
image

মুখ্যমন্ত্ৰী দিল্লীত, হাছিনাৰ আম দিছপুৰত

আমাৰ অসম, ৮ জুলাইঃ অৱশেষত দিছপুৰ পালেহি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ উপহাৰ হিচাপে পঠিওৱা সুস্বাদু হাড়িভাঙ্গা আম৷ বুধবাৰে নিশা গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্ছায়ুক্ত ড॰ তনভীৰ মনছুৰৰ পৰা হাছিনাৰ উপহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিন্‌হাই৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ এই উপহাৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিজহাতে গ্ৰহণ কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত বুধবাৰে নতুন দিল্লীলৈ যাবলগীয়া হোৱাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই শ্বেখ হাছিনাৰ উপহাৰ নিজে গ্ৰহণ কৰিব নোৱাৰিলে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়াই এই উপহাৰ গ্ৰহণ কৰে আৰু গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্ছায়ুক্তৰ জৰিয়তে এই উপহাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনালৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ হৈ কৃতজ্ঞতা-ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য, বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ উপৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ বাংলাদেশৰ পৃথিৱীবিখ্যাত হাড়িভাঙ্গা আম উপহাৰস্বৰূপে প্ৰেৰণ কৰে৷ কোৱা বাহুল্য যে এসময়ত অসম আৰু বাংলাদেশ বুলিলে যি তিক্ততা আছিল সেয়া এতিয়া বহুখিনি হ্ৰাস পাইছে৷ হিমন্ত বিশ্ব শৰ্মায়ো বহুবাৰ বাংলাদেশ ভ্ৰমণ কৰিছে৷ তেওঁ বাংলাদেশৰ বিখ্যাত ঢাকেশ্বৰী মন্দিৰৰ নিয়মিত উপাসক৷ বাংলাদেশৰে এসময়ৰ সেই তিক্ততা এতিয়া একেবাৰেই পাহৰি যোৱাৰ দৰেই হৈছে৷ অসমৰ সৈতে বাংলাদেশৰ মৈত্ৰীৰ সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বাংলাদেশৰ ৰংপুৰৰ বিখ্যাত হাড়িভাঙ্গা আম প্ৰেৰণ কৰে৷ নক’লেও হ’ব যে বাংলাদেশৰ হাড়িভাঙ্গা আম অতি মিঠা৷ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা ৩০০ কিলোগ্ৰাম হাড়িভাঙ্গা আম ডাউকি-টামাবিল সীমান্তৰে আহি বুধবাৰে গুৱাহাটী পায়হি আৰু লগে লগে আমৰ কাৰ্টন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণৰ দিহা কৰা হয়৷ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে দেওবাৰেই ২,৬০০ কিলোগ্ৰাম হাড়িভাঙ্গা আম প্ৰেৰণ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে৷ উভয় দেশৰ পেট্ৰাপ’ল সীমান্তৰে ট্ৰাকৰ জৰিয়তে মুঠ ২৬০টা কাৰ্টনত এই আম পঠিওৱা হৈছে৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগালৈও এশ কিলোগ্ৰামকৈ হাড়িভাঙ্গা আম পঠিয়াইছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে৷ ত্ৰিপুৰা আৰু মিজোৰামলৈ ত্ৰিপুৰাত থকা আখাউড়া সীমান্তৰে বাংলাদেশৰ ব্ৰাহ্মণবাড়িয়াৰ পৰা এই আম প্ৰেৰণ কৰা হয়৷

ঢাকাৰ পৰা ‘আমাৰ অসম’ৰ আবু আলীৰ সংযোজনঃ বুধবাৰে দুপৰীয়া প্ৰায় ১২ বজাত বাংলাদেশৰ ছিলেটৰ তামাবিল বন্দৰৰ পৰা অসম অভিমুখে পঠিওৱা হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰেৰণ কৰা হাড়িভাঙ্গা আমৰ কেইবাটাও কাৰ্টন৷ তামাবিলত হাছিনাৰ উপহাৰ চমজি লয় গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্ছায়ুক্ত ড॰ তনভীৰ মনছুৰে৷ বুধবাৰে আবেলি ৪ বজাত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বাবে হাছিনাই পঠিওৱা আম প্ৰদান কৰে ড॰ মনছুৰে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাৰ হৈ এই উপহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এম এছ ৰাওৱে৷ নিশা ৮ বজাত অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ পঠিওৱা আম গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিন্‌হাই৷ হাছিনাই পঠিওৱা আম বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হ’ব মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ৷ অসম, মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বাবে আহিছে মুঠ ৯০০ কিলোগ্ৰাম আম, প্ৰতিগৰাকী মুখ্যমন্ত্ৰীৰ বাবে ৩০০ কিলোগ্ৰামকৈ৷