Logo
image

‘সাগৰীয় জাহাজ’ত উঠি ৰাজ্য ৰাজনীতি এৰিব নেকি সৰ্বানন্দই

আমাৰ অসম, ৯ জুলাইঃ ৰাজ্যৰ ৰাজনীতিৰ পৰা আঁতৰি যাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ আজিৰ তাৰিখত বাজপেয়ী ভৱনৰ বাহিৰে-ভিতৰে সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে এইটো৷ বুধবাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালক বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ কেবিনেটে মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই মন্ত্ৰণালয়টোৰ যথেষ্ট গুৰুত্ব আছে যদিও অসমৰ প্ৰেক্ষাপটত বিভাগটোৰ বিশেষ একো ভূমিকা নাই৷ মূলতঃ সাগৰীয় অঞ্চলসমূহতহে বিভাগটোৰ কাম-কাজ সৰ্বাধিক হয়৷ এক কথাত ক’বলৈ গ’লে কলকাতাই এই মন্ত্ৰণালয়টোৰ শেষ কৰ্মভূমি৷ যাৰ ফলত অসমৰ ৰাজনীতিৰ পৰা সোণোৱাল আঁতৰি যাব নেকি ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰশ্নৰ৷ লক্ষ্যণীয়ভাৱে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বত অসমত দুটা ‘পাৱাৰ চেণ্টাৰ’ সৃষ্টি হোৱাটো বিচৰা নাই৷ যাৰ বাবে প্ৰদেশ বিজেপিৰ সভাপতি পদ বিচৰাৰ পাছতো দলৰ হাইকামাণ্ডে তেওঁক এই পদত বহুৱাৰ পৰিৱৰ্তে দলৰ বিধায়ক ভৱেশ কলিতাক এই দায়িত্ব অৰ্পণ কৰে৷ বিজেপি দলে দ্বিতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰাৰ পাছতো সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত নকৰিলে৷ ইয়াৰ পৰিৱৰ্তে ড॰ হিমন্ত বিশ্ব শৰ্মাকহে মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে দলৰ শীৰ্ষ নেতৃত্বই৷ মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাই সৰ্বানন্দ সোণোৱালে দৃঢ়তাৰে ঘোষণা কৰিছিল যে তেওঁ মাজুলীৰ বিধায়ক হিচাপে কাম কৰি যাব৷ মাজুলীৰ বিধায়ক পদ এৰি তেওঁৰ দিল্লীলৈ যোৱাৰ কোনো ইচ্ছা নাই৷ কিন্তু ইয়াৰ পাছতো সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বুধবাৰে শপতগ্ৰহণ কৰে৷ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে সোণোৱালে দলৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাতৰ বাবে নতুন দিল্লীলৈ গৈছিল৷ তেওঁৰ ঘনিষ্ঠ মহলে দাবী কৰে যে হাইকামাণ্ডে তেওঁক দিল্লীলৈ জৰুৰীভাৱে তলব কৰিছিল৷ কিন্তু নতুন দিল্লীত সাত দিন বাহৰ পাতি থকাৰ পাছতহে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ লাভ কৰিছিল৷ লক্ষ্যণীয়ভাৱে সোণোৱালক যিটো মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে সেই মন্ত্ৰণালয়ৰ সৰ্বাধিক কাম-কাজ সাগৰকেন্দ্ৰিক৷ যাৰ ফলত সোণোৱালৰ কৰ্মভূমি হৈ পৰিব অসমৰ পৰা বহু দূৰত৷ সাগৰবিহীন ৰাজ্য অসমত কাম নাথাকিব সোণোৱালৰ দেশৰ যিসমূহ ৰাজ্যত সাগৰকেন্দ্ৰীয় বেপাৰ, বাণিজ্য হয়, সাগৰ পথেদি বৃহৎ বৃহৎ জাহাজ চলাচল কৰে, যিসমূহ ৰাজ্যত বৃহৎ বৃহৎ বন্দৰ আছে সেই ৰাজ্যসমূহত অধিক সময় ব্যস্ত থাকিব লাগিব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল৷ আনকি অসমৰ বাবে এই মন্ত্ৰণালয়ে বিশেষ একো আঁচনিও গ্ৰহণ কৰিব নোৱাৰিব৷ ভৌগোলিকভাৱে অসম যিহেতু সাগৰৰ পৰা বহু দূৰৈত অৱস্থান কৰি আছে সেয়ে কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছতো সোণোৱালে অসমত একো কাম কৰাৰ সুযোগ লাভ নকৰিব৷ ফলত সোণোৱালৰ একাংশ অনুৰাগী শেহতীয়াভাৱে অসমৰ ভৱিষ্যৎ ৰাজনীতিত তেওঁৰ প্ৰাসংগিকতাক লৈ শংকিত হৈ পৰিছে৷ মন্ত্ৰণালয়ৰ মূল মূল কাৰ্যালয়সমূহ আন্দামান আৰু লাক্ষাদ্বীপ, মুম্বাই, কলকাতা, পাৰাদ্বীপ, বিশাখাপট্টনম, চেন্নাই, কোচিন, হুগলী আদি অঞ্চলত অৱস্থিত৷ তেনে ক্ষেত্ৰত সোণোৱালে অসমৰ ৰাজনীতিত আগন্তুক সময়ত কিমান সময় দিব পাৰিব সেইটো সময়েহে ক’ব৷ সাগৰীয় জাহাজত উঠি সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজনীতিৰ পৰা আঁতৰি যাব নেকি? উল্লেখ্য, ভাৰত আৰু বিশ্বৰ অন্য যিসমূহ দেশৰ মাজৰ সাগৰীয় পথেদি বাণিজ্যৰ আদান-প্ৰদান হয় সেই দেশসমূহৰ সৈতেও ঘনিষ্ঠতা বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব বিভাগীয় মন্ত্ৰী সোণোৱালে৷

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ শুভ দিনক্ষণ চাইহে সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বিভাগীয় দায়িত্ব গ্ৰহণ কৰিব৷ লক্ষণীয়ভাৱে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৪৩ গৰাকী মন্ত্ৰীৰ ভিতৰত ৪১জন মন্ত্ৰীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্ৰহণ কৰে৷ কেৱল সৰ্বানন্দ সোণাৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই আজি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে৷ সৰ্বানন্দ সোণাৱালৰ কাৰ্যালয় সূত্ৰত জানিব পৰা মতে, পঞ্জিকা তথা শুভ দিনতহে তেওঁ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিব৷ সেই সূত্ৰে সোণোৱালে দেওবাৰে বন্ধৰ দিনাহে উক্ত দুই মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিব৷ ইপিনে, কিৰেণ ৰিজিজুয়ে আজি আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে ন্যায় আৰু আইন মন্ত্ৰালয়ৰ গুৰুদায়িত্ব গ্ৰহণ কৰে৷ একেদেৰে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ লগতে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে৷ উত্তৰপূৰ্বাঞ্চলৰ আন দুজন মন্ত্ৰী মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিঙে কেন্দ্ৰীয় বিদেশ আৰু শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে আৰু ত্ৰিপুৰাৰ প্ৰতিমা ভৌমিকে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে৷ ইপিনে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰি উৎফুল্লিত হৈ পৰা তেলীয়ে সাংবাদিকৰ আগত কয় মই মোৰ নামৰ সৈতে সংগতি থকা তেলৰ [পেট্ৰলিয়াম] দায়িত্ব লাভ কৰিছো৷ মোৰ ঘৰৰ সন্মুখতেই পেট্ৰলিয়াম আহৰণৰ কাম চলি থাকে৷ সেয়েহে এই বিভাগৰ দায়িত্ব মোৰ বাবে যথেষ্ট তাতপৰ্যপূৰ্ণ৷ চাহ বাগিচাৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে শ্ৰম বিভাগটোও মই ভালদৰেই সাম্ভালিব পাৰিম বুলি আশা কৰিছো৷ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়াৰ বাবে তেলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত কৃতজ্ঞতাও স্বীকাৰ কৰে৷ কেবিনেট মন্ত্ৰী হিচাপে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা কিৰেণ ৰিজিজুয়ে সাংবাদিকৰ আগত কয় যে শেহতীয়াকৈ এই বিভাগটো যথেষ্ট বিতৰ্কৰ মাজত সোমাই পৰিছে৷ সেয়েহে এয়া মোৰ বাবে এই দায়িত্ব যথেষ্ট প্ৰত্যাহ৩ানমূলক৷ বিভাগীয় কামকাজ ভালদৰে বুজাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হব বুলি তেওঁ মন্তব্য কৰে৷