Logo
image

পেট্ৰ’লৰ চেঞ্চুৰী

আমাৰ অসম, ১০ জুলাইঃ পেট্ৰ’লে চেঞ্চুৰী কোবোৱাৰ ফলত ক’ভিডে জুৰুলা কৰা ৰাজ্যবাসীৰ জীৱন আজি দুৰ্বিসহ৷ ইতিমধ্যে চাউল ডাইল, মিঠাতেল, নিমখ, শাক পাচলিৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ত্ৰাহি মধুসূদন সুৱৰাইছে৷ ক’ভিডসৃষ্টি পৰিস্থিতিত ৰাজহুৱা পৰিবহন ব্যৱস্থা ব্যাহত হোৱাৰ সময়ত পেট্ৰ’ল, ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ শ্ৰেণীৰ লোকক৷ কিয়নো ইতিমধ্যে ৰাজ্যত শতকৰ ঘৰ অতিক্ৰম কৰিছে প্ৰিমিয়াম পেট্ৰ’লৰ দামে৷ শতকৰ ঘৰ চুৱাৰ উপক্ৰম হৈছে সাধাৰণ পেট্ৰ’ল, ডিজেলৰ দাম৷ ফলত সৰ্বসাধাৰণ শ্ৰেণীৰ লোক দিশহাৰা হৈ পৰিছে৷ কাল কৰ’নাৰ ত্ৰাস, আংশিক লকডাউন, ব্যাপক হাৰত কৰ্ম সংস্থাপনহীতাই জুৰুলা কৰা ৰাজ্যবাসীৰ সন্মুখত সঁহিব নোৱাৰা ভৰ পেট্ৰ’ল ডিজেলৰ আকাশলংঘী মূল্য৷ শুকুৰবাৰৰ দিনটোত ৰাজধানী চহৰ গুৱাহাটীত প্ৰিমিয়াম পেট্ৰ’লৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিছে৷ শুকুৰবাৰে গুৱাহাটীত প্ৰিমিয়াম পেট্ৰ’লৰ দাম লিটাৰত ১০০.০৭টকা৷ শিলচৰত লিটাৰত ১০১.৩৫টকা,  চিৰাঙত ১০০.৫৬টকা, মাজুলীত ১০২.৮২টকা৷ সাধাৰণ পেট্ৰ’লৰ দাম বাগ্‌সাত লিটাৰ ৯৬.৮৭টকা, বৰপেটাত ৯৬.৬৪টকা বিশ্বনাথত ৯৭.১১টকা, বঙাইগাঁৱত ৯৬.৩৩টকা, কাছাৰত ৯৭.০৮টকা, চৰাইদেউত ৯৬.৮৪টকা, চিৰাঙত ৯৬.৩০টকা, দৰঙত ৯৭.০০টকা, ধেমাজিত ৯৭.৪০টকা, ধুবুৰীত ৯৭.৪০টকা, ডিব্ৰুগড়ত ৯৬.৮৮টকা, ডিমা হাচাঙত ৯৭.০৫টকা, গোৱালপাৰাত ৯৭.০৫টকা, গোলাঘাটত ৯৬.৩০টকা, হাইলাকান্দিত ৯৭.৩৪টকা, হোজাইত ৯৭.১৫ টকা যোৰহাটত ৯৬.৮৭ টকা, কামৰূপত ৯৬.৩৯টকা, কামৰূপ মহানগৰত ৯৬.৩৪টকা, কাৰ্বি আংলঙত ৯৭.৬৭ টকা, কৰিমগঞ্জত ৯৭.২০টকা, কোকৰাঝাৰত ৯৬.৪২টকা, লখিমপুৰত ৯৭.৭৭টকা, মাজুলীত ৯৮.৫৬টকা, মৰিগাঁৱত ৯৭.১৭টকা, নগাঁৱত ৯৬.৯২টকা, নলবাৰীত ৯৬.৯৬টকা, শিৱসাগৰত ৯৭.২০টকা, শোণিতপুৰত ৯৬.৭২টকা, তিনিচুকীয়াত ৯৬.৩০টকা, ওদালগুৰিত ৯৭.২২টকা আৰু পশ্চিম কাৰ্বি আংলঙত ৯৭.৬২টকা৷ ডিজেলৰ মূল্যও সমগ্ৰ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ পেট্ৰ’ল ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে  কংগ্ৰেছে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মী সমৰ্থকে ৰাজ্যত পেট্ৰ’ল-ডিজেল তথা পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত পেট্ৰ’ল পাম্পৰ সমূখত, উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ ঠায়ে ঠায়ে চাইকেল ৰে’লী উলিয়াই পেট্ৰ’ল ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে৷ পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিৰ বাবে অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই পেট্ৰ’ল-ডিজেলক জি এছ টিৰ আওতালৈ আনিবলৈ দাবী জনায়৷ তেওঁ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি কয়– আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কমাৰ পিছতো একমাত্ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ কৰ-কাতল সংগ্ৰহৰ বাবে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য৷ ‘এক দেশ এক কৰ’ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে পেট্ৰ’ল-ডিজেলৰ জি এছ টিৰ আওতালৈ আনক৷