Logo
image

সঘন এনকাউণ্টাৰেও ক্ষান্ত কৰিব পৰা নাই অপৰাধীক

আমাৰ অসম, ১২ জুলাইঃ ৰাজ্যত এটাৰ পাছত এটাকৈ সংঘটিত হৈছে এনকাউণ্টাৰ৷ আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত এনকাউণ্টাৰত গুলীবিদ্ধ হোৱাৰ লগতে কেইবাজনকো গুলীয়াই হত্যাও কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষী এতিয়া কঠোৰ হৈ পৰিছে৷ প্ৰতি নিশাই আৰক্ষীৰ ৰাইফলৰ পৰা গৰ্জন হোৱাই নহয়, চিকিৎসালয়ৰ বিচনাত গুলীবিদ্ধ অপহৰণকাৰী, ধৰ্ষণকাৰী, ড্ৰাগ্‌ছ মাফিয়া, ডকাইতৰ আৰ্তনাদ শুনা গৈছে৷ কিন্তু অসম আৰক্ষীৰ এনে স্থিতিৰ পাছতো কোনো শিক্ষা লোৱা নাই অপৰাধীয়ে৷ বিগত ২৪ ঘণ্টাত তিনিটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে তিনিটা ডকাইতি ঘটনাও সংঘটিত হৈছে৷ আৰক্ষীৰ তিনিটা এটা এনকাউণ্টাৰত দুজন গুলীবিদ্ধ হোৱা লগতে আন এজনৰ মৃত্যু হৈছে৷ আনহাতে, জাগীৰোড, নগাঁও আৰু নগৰবেৰাত সংঘটিত ডকাইতি ঘটনাত তিনিটা ডকাইতক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ শনিবাৰে নিশা নগাঁৱৰ মৰিকলং বৰঘাটত আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়তে এখন বাইকত অহা দুই ড্ৰাগ্‌ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত আজিজুল হক নামৰ এটা ড্ৰাগ্‌ছ মাফিয়া গুলীবিদ্ধ হয় যদিও আনটো ড্ৰাগ্‌ছ মাফিয়াই বাইকলৈ পলায়ন কৰে৷ আনহাতে, নগাঁও আৰু ধিং আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা ধিঙৰ শালাকাটিত জয়নাল আবেদিন নামৰ এটা অভিযুক্তক গুলীয়াই হত্যা কৰে৷ আৰক্ষীয়ে জয়নাল আবেদিন চুৰি-ডকাইতিৰ লগতে ড্ৰাগ্‌ছ সৰবৰাহ আৰু আৰক্ষীৰ অস্ত্ৰ লুটত জড়িত আছিল বুলিও দাবী কৰিছে৷ আনকি আৰক্ষী আৰু ডকাইতৰ দলটোৰ সৈতে হোৱা সংঘৰ্ষত এটা পিষ্টল জব্দ কৰা বুলিও সদৰী কৰিছে৷ অৱশ্যে আৰক্ষীৰ এই দাবীৰ বিপৰীতে স্থানীয় লোকসকলে জয়নাল আবেদিন কোনো চোৰ-ডকাইত নাছিল বৰঞ্চ এটা মদাহীহে আছিল বুলি প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে বাঃ বাঃ লোৱাৰ বাবে সাধাৰণ এটা মদাহীক গুলীয়াই অপৰাধী সজোৱাৰ চেষ্টা কৰা বুলিও স্থানীয় গাঁওবুঢ়াৰ লগতে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ব্যাপক প্ৰতিক্ৰিয়া ব্যস্ত কৰিছে৷ ইপিনে, শদিয়া আৰক্ষীয়ে আলফাৰ লিংকমেনৰ সন্দেহত এজন যুৱকক গুলীবিদ্ধ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ অ’ এন জি চি অপহৰণ কাণ্ডৰ তদন্ততে আলফাৰে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত শদিয়াৰ চোংচাপ আৰক্ষীয়ে তপন বুঢ়াগোহাঁই নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে৷ আন আন অভিযুক্তই জিম্মাৰ পৰা পলাই যোৱাৰ দৰে অনুৰূপ দাবী কৰি  আৰক্ষীয়ে প্ৰথমবাৰলৈ অপহৰণকাৰী-ধৰ্ষণকাৰীৰ পৰিৱৰ্তে আলফাৰ লিংকমেনজনক গুলীয়াই আহত কৰে৷ বৰ্তমান গুলীবিদ্ধ যুৱকজন ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ আ(ৰ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছতেই অসমত এতিয়ালৈ ২৯টা এনকাউণ্টাৰ সংঘটিত হৈছে৷ ৪১ দিনত সংঘটিত এই ২৯টা এনকাউণ্টৰত ২৩জন লোক গুলীবিদ্ধ হোৱাৰ বিপৰীতে পাঁচ জনক হত্যা কৰিছে আৰক্ষীয়ে৷ এই আটাইবিলাক এনকাউণ্টাৰত অভিযুক্তসকল আৰক্ষীৰ জিম্মাতে নিৰস্ত্ৰ অৱস্থাত হেণ্ডকাফসহ থকাত স্বাভাৱিকতেই বিভিন্নজনে আৰক্ষীৰ এনকাউণ্টাৰক লৈও সন্দেহৰ দৃষ্টিয়ে চাইছে৷ অসম আৰক্ষীয়ে একাউণ্টাৰেৰে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ আৰক্ষীৰ নীতি গ্ৰহণ কৰিলেও উত্তৰ প্ৰদেশৰ দৰে অসমতো অপৰাধ হ্ৰাস পোৱা নাই৷ ক’ভিড মহামাৰীয়ে জন-জীৱন তথা অৰ্থনীতি বিধবস্ত কৰি তোলাৰ ফলত বহুজনে ইজি মানীৰ লোভত বা হতাশাত ভূগি অপৰাধ জগতত ভৰি দিছে৷ অনিচ্ছা সত্ত্বেও চুৰি-ডকাইতিৰ দৰে অপৰাধ কৰ্মত জড়িত হৈ পৰিছে৷ শনিবাৰে নিশা কামৰূপ জিলাৰ নগৰবেৰাৰ সৰুদোৱাত ৰঞ্জিত দাস নামৰ এজন লোকৰ ঘৰত চাৰিজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে প্ৰৱেশ কৰিছিল৷ কিন্তু দাসৰ পত্নী দুৰ্গাবালা দাসে ডকাইতৰ আগমনৰ কথা জানিব পাৰি চিঞৰ-বাখৰ কৰাত মহিলাগৰাকীক ডিঙিত আঘাত কৰি ডকাইতৰ দলটোৱে পলায়ন কৰে৷ ইপিনে জাগীৰোডত  কাগজ কলৰ আৱাসিক এলেকাত শনিবাৰে নিশা লুট-পাট চলাই ডকাইতৰ দলে৷ আহিয়া হুছেইন আৰু মণিকা পাঠক নামৰ দম্পত্তিৰ কোৱাটাৰত প্ৰৱেশ কৰি ডকাইতৰ দলে প্ৰায় পাঁচ লাখ টকাৰ নগদ ধনসহ সোণৰ আ-অলংকাৰ লুট কৰি নিয়ে৷ ইপিনে, শনিবাৰে সন্ধিয়া নগাঁও চহৰৰ চকীটোপৰ চেলিম উদ্দিন নামৰ শক্তি বিভাগৰ এজন অভিযন্তাৰ ঘৰত তিনিজনীয়া ডকাইতৰ দলে লুট-পাটৰ চেষ্টা চলায়৷ ডকাইতৰ দলটোৱে অভিযন্তাজনক মাৰপিট কৰাত এটা সময়ত অভিযন্তাজনে সহায়ৰ বাবে চিঞৰ-বাখৰ কৰে৷ চেলিমউদ্দিন চিঞৰ শুনি ওচৰ-চুবুৰীয়া ওলাই আহি আছিকুৰ ৰহমান, আব্দুল শ্বৰীফ আৰু ৰছ আলি নামৰ তিনিওটা ডকাইতকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে৷ ইপিনে, আদালতৰ বিচাৰাধীন গোচৰৰ অভিযুক্তলৈ গুলীচালনাৰ ঘটনা সম্পূৰ্ণ মানৱ অধিকাৰ বিৰোধী কাৰ্য আৰু ই গণতান্ত্ৰিক দেশ এখনৰ বিচাৰ ব্যৱস্থাৰ বাবে লজ্জাজনক কথা বুলি অভিহিত কৰিছে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে৷ আৰক্ষীৰ গুলীচালনাৰ ঘটনাই অসমক পুনৰ ক’লা দিনলৈ লৈ যোৱা বুলি বিধায়কজনে মন্তব্য কৰিছে৷

গৰু চোৰত নামিল আমছুৰ নেতা কমৰুজ জামান সৰকাৰ 

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৮ জুলাইৰ নিশা নগাঁও জিলাৰ  আৰক্ষী বিষয়া আৰু জুৰিয়া আৰক্ষীৰ সহযোগত চোৰাং গৰুৰ বিৰুদ্ধে জুৰিয়া কালিয়াডিঙিয়াত অভিযান চলাই আঠটাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে সূৰুজ আলী নামৰ গৰু ব্যৱসায়ীজনৰ লগতে নিজকে আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা সংখ্যালঘু নেতা ৰূপে খ্যাত কমৰুজ জামান  সৰকাৰৰ ঘৰৰ পৰা গৰুকেইটা উদ্ধাৰ কৰি থানালৈ লৈ আহে৷ সূৰুজ আলীৰ ঘৰৰ পৰা পাঁচটা আৰু আমছুৰ নেতা কমৰুজৰ ঘৰৰ পৰা তিনিটাকৈ গৰু জব্দ কৰে৷ আচৰিত কথাটো হ’ল একেটা পৰিয়ালৰে মাক, ভায়েক আৰু আমছু নেতা কমৰুজ জামান সৰকাৰে তিনিটাকৈ গৰু হেনো সমাগত ঈদৰ কোৰবানি দিবলৈ আনিছে৷ এই কথা শুনাৰ পাছত ৰাইজৰ মাজতে চলিছে আলোচনা৷ যিহেতু আমছুৰ নেতা কমৰুজৰ নেতৃত্বতে নিজা ভায়েক গৰু ব্যৱসায়ৰ লগত জড়িত৷ তিনিটাকৈ গৰু আৰক্ষীয়ে লৈ অহাৰ পাছত ঈদৰ কোৰবানিৰ বাবে কিনাৰ কথা কৈ জাঙুৰ খাই পৰিছে আমছুৰ নেতা কমৰুজ জামান সৰকাৰ৷ আৰক্ষীৰ তদন্তত হে আচল কথা পোহৰলৈ আহিব৷

জাগীৰোডত অভিযন্তাক হাত-ভৰি বান্ধি ডকাইতে নিলে ধন-সোণ

জাগীৰোডৰ নগাঁও কাগজ কলৰ বিষয়াৰ ঘৰত ডকাইতি কাণ্ড৷ নিশা প্ৰায় ২ বজাত দুৱাৰ ভাঙি অভিযন্তা আহিয়া হুছেইন নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰে প্ৰায় ৬-৭ জনীয়া এটা ডকাইতৰ দল৷ কাগজ কলৰ চি-২৫/৩ নম্বৰ কোৱাৰ্টাৰত শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা৷ গৃহস্থৰ হাতভৰি বান্ধি, ডিঙিত চোকা অস্ত্ৰ ৰাখি ডকাইতৰ দলটোৱে চলায় লুটপাত৷ ঘৰৰ সকলো সামগ্ৰী লণ্ড-ভণ্ড কৰি সোণৰ আ-অলংকাৰৰ লগতে ডকাইতে লুটি নিয়ে প্ৰায় ৫ লক্ষাধিক টকা৷ ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷ উল্লেখ্য যে বেতন বঞ্চিত হৈ থকাৰ পাছত এতিয়া নিৰাপত্তাহীনতা ভুগিছে বন্ধ হৈ থকা জাগীৰোডৰ নগাঁও কাগজ কলৰ কৰ্মচাৰী সকল৷ 

নগাঁও চহৰত নিশা ৰাইজৰ হাতত বন্দী ৩ ডকাইত 

সন্ধ্যা ওকলাৰ কিছু সময়ৰ পাছতে ডকাইতি কৰিবলৈ গৈ গৃহস্থক মাৰধৰ কৰি ৰাইজৰ ৰোষত পৰিল কেইটামান ডকাইত৷ গৃহস্থৰ চিঞৰ-বাখৰ শুনি কাষ চাপি আহিল চুবুৰীয়া আৰু ধৰিলে ডকাইতক৷ তাৰ পাছত পৰিল গণপ্ৰহাৰ৷ এই ঘটনা নগাঁও চহৰৰ শনিবাৰৰ নিশা৷ নগাঁও চহৰৰ গাতে লাগি থকা চকীটোপত এই ঘটনা সংঘটিত হয়৷ চকীটোপৰ চেলিম উদ্দিন নামৰ বিদু্যৎ পৰিষদৰ অভিযন্তাজনৰ ঘৰত আন কোনো নথকাৰ সুযোগ লৈ তিনিজনীয়া ডকাইতৰ দল এটাই প্ৰৱেশ কৰে৷ ডকাইতৰ দলটোৱে অভিযন্তাজনক মাৰপিট কৰি অত্যাচাৰ কৰে৷ অভিযন্তাজনে সিহঁতৰ কবলৰ পৰা মুকলি হোৱাৰ উপায় নেদেখি সহায় বিচাৰি চিঞৰ-বাখৰ কৰে৷ চেলিম উদ্দিনৰ চিঞৰ শুনি একাংশ চুবুৰীয়া তেওঁৰ ঘৰৰ কাষ চাপি আহে৷ প্ৰথমে স্থানীয় লোকসকলে দুটা ডকাইতক আটক কৰে৷ এটাই পলায়ন কৰে৷ পাছত পলাতক ডকাইতটোকো ধৰি ৰাইজে প্ৰহাৰ কৰে৷ ধৃত ডকাইত কেইটা হ’ল- শিয়ালমাৰীৰ আছিকুল ৰহমান, আব্দুল শ্বৰীফ আৰু আজাদ নগৰৰ ৰছ আলী৷ চোৰক মোৰে পোৱাৰ দৰে হ’ল চোৰ কেইটাৰ অৱস্থা৷

ভৰলুমুখত গাজাসহ হাজোৰ যুৱক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ভৰলুমুখ থানাৰ অন্তৰ্গত ভুতনাথত আজি আৰক্ষীয়ে অভিযান চলাই গাজাসহ হাজোৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱকজন হৈছে হাজোৰ মইনুল আলী৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত ভৰলুমুখ আৰক্ষীয়ে ভুতনাথ অভিযান চলাই ১৩.২০০ কিলোগ্ৰাম গাজা জব্দ কৰে৷ এই সংক্ৰান্তত আৰক্ষীয়ে হাজোৰ মইনুল আলীক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত ধৃত মইনুল আলীয়ে জব্দকৃত গাজাখিনি হাজোৰ পৰা ভুতনাথত এজন লোকক দিবলৈ অনা বুলি স্বীাৰৰোক্তী দিয়ে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এন ডিপিএছ অক্টৰ অধীনত থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷