Logo
image

পঁইতা ভাত, পিটিকাই বাজীমাৎ কৰিলে বিদেশত

আমাৰ অসম, ১৫ জুলাইঃ হঠাতে পঁইতা ভাত বিশ্ববিখ্যাত হ’ল৷ পঁইতা ভাত আৰু আলু পিটিকাই বাজীমাৎ কৰিলে অষ্ট্ৰেলিয়াত৷ খাদ্য একেবিধেই, পিছে অষ্ট্ৰেলিয়াত এয়া অসমৰ পঁইতা ভাত বুলি বিখ্যাত হোৱা নাই, বিখ্যাত হ’ল বাংলাদেশৰ পান্তা ভাত হিচাপে৷ অসমীয়া আলু পিটিকা হিচাপেও নহয়, বাংলাদেশী আলু সেদ্ধ বা আলু ভৰ্তা হিচাপে বিখ্যাত হৈ পৰিল অষ্ট্ৰেলিয়াত৷ অষ্ট্ৰেলিয়াত অনুষ্ঠিত ‘মাষ্টাৰচেফ অষ্ট্ৰেলিয়া’ নামৰ খাদ্য সম্পৰ্কীয় ৰিয়েলিটী শ্ব’ৰ ত্ৰয়োদশ অধ্যায়ত এই পঁইতা ভাত পৰিবেশন কৰি এগৰাকী বাংলাদেশী প্ৰতিযোগীয়ে ফাইনেলত স্থান লাভ কৰাটোৱে অসমৰো অনেকৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ কিয়নো বাংলাদেশত আৰু পশ্চিম বংগত পান্তা ভাত হিচাপে ব্যৱহাৰ কৰা এইবিধ খাদ্য অসমতো বছৰ বছৰ ধৰি পঁইতা ভাত হিচাপে ব্যৱহাৰ হৈ আহিছে৷ অষ্ট্ৰেলিয়াত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত কিশ্বৰ চৌধুৰী নামৰ এগৰাকী মহিলাই ফাইনেলত প্ৰৱেশৰ পূৰ্বে পঁইতা ভাত আৰু আলু পিটিকা পৰিবেশন কৰে৷ বিচাৰকসকলে এইবিধ খাদ্য খাই প্ৰতিযোগী কিশ্বৰ চৌধুৰীক উচ্ছ প্ৰশংসা কৰে আৰু খাদ্যবিধো অতি উৎকৃষ্ট বুলি মন্তব্য কৰে৷ চূড়ান্ত পৰ্বত প্ৰৱেশ কৰাৰ পূৰ্বে পঁইতা ভাত পৰিবেশন কৰি প্ৰতিযোগী কিশ্বৰ চৌধুৰীয়ে কয় যে, এইবিধ খাদ্য ৰেষ্টোৰাঁত পোৱা নাযায়৷ এই খাদ্য ঘৰুৱাভাৱে প্ৰস্তুত কৰা হয় আৰু বাংলাদেশত সাধাৰণতে কঠোৰ পৰিশ্ৰম কৰা লোকসকলে পুৱাৰ আহাৰ হিচাপে ব্যৱহাৰ কৰে৷ কিশ্বৰৰ পৰিবেশন দেখি এজন বিচাৰকে কয়, এইবিধ খাদ্যত যিদৰে ইতিহাস লুকাই আছে সেইদৰে এই খাদ্য সুস্বাদু৷ অৰ্থাৎ দুই দিশৰ পৰাই শক্তিশালী৷ অন্য এজন বিচাৰকে কয়, এই খাদ্য বৈপৰীত্য আৰু বৈচিত্ৰ্যৰ সমাহাৰ৷ উল্লেখ্য, প্ৰতিযোগী কিশ্বৰ চৌধুৰীয়ে পঁইতা ভাত আৰু আলু পিটিকাৰ সৈতে ছাৰ্দিন মাছ আৰু ছালছাও পৰিবেশন কৰিছিল৷ ফাইনেলৰ পূৰ্বৰ সকলোকেইটা ৰাউণ্ড ভিন ভিন খাদ্য পৰিবেশন কৰি ক্ৰমাৎ আগবাঢ়ি যোৱা কিশ্বৰ চৌধুৰীয়ে পঁইতা ভাতেৰে ফাইনেলত প্ৰৱেশ কৰিব পাৰিব বুলি ভবাই নাছিল৷ অৱশেষত প্ৰত্যেকজন বিচাৰকে তেওঁৰ খাদ্যৰ উচ্ছ প্ৰশংসা কৰাত বাংলাদেশ আৰু পূব ভাৰতৰ এই গ্ৰাম্য খাদ্যবিধক লৈ তেওঁ গৌৰৱবোধ কৰে৷ অতি আচৰিতভাৱে কিশ্বৰ চৌধুৰীৰ পঁইতা ভাতৰ পৰিবেশন আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশত সেই খাদ্যৰ জৰিয়তে বিশ্বখ্যাত প্ৰতিযোগিতাখনত ফাইনেলত প্ৰৱেশ কৰা ঘটনা বাংলাদেশ আৰু ভাৰত উভয় ঠাইতে ব্যাপকভাৱে প্ৰচাৰ হৈছে৷

৩৮ বছৰীয়া কিশ্বৰ চৌধুৰী মেলবৰ্ণৰ বাসিন্দা আৰু তেওঁ অষ্ট্ৰেলিয়াৰ নাগৰিক৷ পিছে তেওঁ নিজৰ শিপা পাহৰা নাই৷ সেয়েহে কিশ্বৰ চৌধুৰীয়ে এনে উচ্ছমানৰ প্ৰতিযোগিতাত অতি গাঁৱলীয়া খাদ্য পৰিবেশন কৰাৰ সাহস দেখুৱাব পাৰিলে৷ পেছাত ছপা ব্যৱসায়ী কিশ্বৰ চৌধুৰীয়ে লণ্ডনৰ ইউনিভাৰ্চিটী অব্‌ আৰ্টছত গ্ৰাফিক ডিজাইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ জাৰ্মানীতো পঢ়া-শুনা কৰে৷ জীৱনৰ মাথোঁ ছটা বছৰ তেওঁ বাংলাদেশত কটাইছিল৷ এতিয়া কিশ্বৰ চৌধুৰী অষ্ট্ৰেলিয়াৰ প্ৰতিষ্ঠিত ব্যৱসায়ী৷ উল্লেখ্য, ফাইনেলত প্ৰৱেশ কৰিলেও অৱশ্যে কিশ্বৰ চৌধুৰী এই প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী নহ’ল৷ বিজয়ী হয় এজন ভাৰতীয় বংশোদ্ভৱ জাষ্টিন নাৰায়ণ৷ প্ৰসঙ্গতঃ উল্লেখযোগ্য, পূব ভাৰতত পইতা ভাত আৰু আলু পিটিকা এবিধ গ্ৰাম্য ব্যঞ্জন৷ চহা খেতিয়কে পইতা ভাত পুৱাৰ আহাৰ হিচাপে সাধাৰণতে ব্যৱহাৰ কৰে৷ বাংলাদেশ, পশ্চিম বংগত পান্তা ভাত বুলি কোৱা একেবিধ খাদ্যক অসমত পঁইতা ভাত বুলি কোৱা হয়৷ কিন্তু নামনি অসমৰ কথিত ভাষাত ইয়াক পণ্টা ভাত বুলিয়েই কোৱা হয়৷ ইপিনে, বিহাৰত এইবিধ খাদ্যক ‘গীল ভাত’ আৰু ওড়িশাত ইয়াক ‘পাখালা’ বুলি কোৱা হয়৷