Logo
image

অজন্তাৰ বাজেটে দিলে বিভাগসমূহৰ খালী পদৰ হিচাব

আমাৰ অসম, ১৬ জুলাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাবে মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ ঘোষণা। সৰ্বমুঠ ১ লাখ ৪৩ টা খালী পদ পূৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। পূৰণ কৰা হ’ব মুঠ ৪৯ টা বিভাগত খালী হৈ থকা বিভিন্ন পদসমূহ। শিক্ষা বিভাগত পূৰণ কৰা হ’ব সৰ্বাধিক ২৮,১৬২ টা পদ। গৃহ আৰু ৰাজনৈতিক বিভাগত পূৰণ হ’ব ১৮,০৯৬ টা পদ। নিযুক্তি ক্ষেত্ৰত প্ৰৱৰ্তন কৰা হ’ব নতুন পদ্ধতি আৰু ব্যৱস্থা। নিযুক্তি প্ৰক্ৰিয়া যথোচিত কৰিবৰ বাবে অনা হ’ব বিধেয়ক। শ্ৰমিক কল্যাণ বিভাগত খালী পদ আছে ৫৪টা। পশুপালন আৰু পশু চিকিৎসা বিভাগত থকা খালী পদৰ সংখ্যা ৭১১৮টা। মীন বিভাগত ১৬৮টা। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২১৩৭টা। সাধাৰণ প্ৰশাসন বিভাগত ৮৩০ টা। লোক নিৰ্মাণ বিভাগত ১০২৭ টা। ভূমি সংৰক্ষণ বিভাগত ৫২৬টা পদ। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ৬৭৬টা। উদ্যান শস্য বিভাগত ৫৫টা পদ। চাহ শ্ৰমিক কল্যাণ বিভাগত ৬টা। জলসিঞ্চন বিভাগত ৯৪০টা। খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত ৯৫টা। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত ৩৬টা। চৰ অঞ্চল উন্নয়ন বিভাগত ২০টা। পাবৰ্ত্য অঞ্চল উন্নয়ন বিভাগত ৬০৫টা। সচিবালয় প্ৰশাসন বিভাগত ৬০৬ টা। তথ্য আৰু জনসংযোগ বিভাগত ১০৭ টা। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত ৩৪৮টা। পৰিবহণ বিভাগত ১০০১টা। বন আৰু পৰিবেশ বিভাগত ১৩৭৯টা। আবকাৰী বিভাগত ৪৫৩টা। কৃষি বিভাগত ৬৮৭টা। পৰ্যটন বিভাগ ১৪৪টা। সমবায় বিভাগ ১৭৪টা। ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১২৪০টা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৯৩৫৩টা। নগৰ উন্নয়ন বিভাগত ২১০টা। পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগত ২টা। জনস্বাস্থ্য কাৰিকৰী বিভাগত ৫২৬ টা। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত ১১টা। ছপা আৰু মুদ্ৰণ বিভাগত ৬৮টা। সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৫৬১টা। ন্যায়িক বিভাগত ৪৯৮টা। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৯৬৫টা। বিধায়নী বিভাগত ৪৫২টা। হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগত ৩৩৪টা। খনি আৰু খনিজ সম্পদ বিভাগত ৩৯১টা। কৰ্মচাৰী বিভাগত ১২টা। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ৫৩৯টা। শক্তি বিভাগত ৫৭৬৯টা। গুৱাহাটী উন্নয়ন বিভাগত ২২টা। সমাজ কল্যাণ বিভাগত ৪৭০টা। গৃহ আৰু ৰাজনৈতিক বিভাগত ১৮০৯৬টা। জলসম্পদ বিভাগত ১৮৭টা। লোক নিৰ্মাণ(পথ) বিভাগত ১৯৬৩টা। বিত্ত বিভাগত ৯২২টা। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত ৯৮টা। ১০টা বেটেলিয়নত ১০০০০টা।