Logo
image

ডিব্ৰুগড়বাসীলৈ ক্ৰিকেটাৰ যুৱৰাজৰ উপহাৰ

আমাৰ অসম, ১৭ জুলাইঃ ডিব্ৰুগড়বাসীৰ বাবে বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ৷ উত্তৰ-পূবৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব এশখন বিছনাযুক্ত আই চি ইউ৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা ‘যুৱৰাজ সিং ফাউণ্ডেশ্বন’ নামৰ সংস্থাটোৱে আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ কতৃৰ্পক্ষৰে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে৷ এ এম চি পেডিয়েট্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ডাঃ জলি ৰাভাই জানিবলৈ দিয়া মতে, যুৱৰাজ সিং ফাউণ্ডেশ্বনৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ২০১৪ চনৰ পৰা এ এম চিৰ পেডিয়েট্ৰিক কেঞ্চাৰৰ সৈতে জড়িত ডাঃ ৰাভাই যোগাযোগ চলিছিল যুৱৰাজ সিং ফাউণ্ডেশ্বনৰ সৈতে৷ অৱশেষত ডাঃ ৰাভাৰ প্ৰচেষ্টাতে ফাউণ্ডেশ্বনে এই বৃহৎ প্ৰকল্পটো প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে৷ ক’ভিডত আক্ৰান্ত পেডিয়েট্ৰিক ৰোগীসকলৰ বাবেহে এই বিছনা আগবঢ়োৱাৰ কথা জানিবলৈ দিছে ডাঃ ৰাভাই৷  তেওঁ লগতে জানিবলৈ দিয়া মতে, সমগ্ৰ ভাৰতৰ ১২খন চিকিৎসালয়ত যুৱৰাজ সিং ফাউণ্ডেশ্বনে প্ৰদান কৰিবলগীয়া পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেণ্টাৰৰ ভিতৰত উত্তৰ-পূবৰ শ্বিলং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত হ’ব পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেণ্টাৰ৷ ইফালে যুৱৰাজ ফাউণ্ডেশ্বনৰ কৰ্মকৰ্তাসকলে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ সৈতে আজি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ এই বুজাবুজি চুক্তি অনুসৰি এশখন বিছনাযুক্ত বিছনাত থাকিব Philips EV 300 ICU Ventilator, BiPAP Machine, Patient Monitors, Badside Locker, Oxygent Cylinder 40 L with flow meters, Semi fowler ICU beds with mattress and Pillow, IV stands with wheels, suction machine portable, Infusion Syringe Pump, Crash Cart, ECG Machine with Display, Philips AED Machine, LED x-ray viewing box, Drug Refrigerator 350 L, Equipment Installation & Transportation আদি৷ এ এম চি কতৃৰ্পক্ষই জানিবলৈ দিয়া মতে, যুৱৰাজ সিং ফাউণ্ডেশ্বনে এই প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰিব৷ ইয়াৰ লগে লগে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা পেডিয়েট্ৰিক ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে৷