Logo
image

গৰুৰ নিশ্বাসত অক্সিজেন! সত্ৰাধিকাৰৰ দাবীত চাঞ্চল্য

আমাৰ অসম, ১৭ জুলাইঃ ‘গৰুৱেই একমাত্ৰ জীৱ যি অক্সিজেন গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে৷ সেয়ে আমি সকলো সম্প্ৰদায়ৰ লোককে আহ্বান জনাম যে এই গো মাতা সুৰক্ষাৰ যি আইন গ্ৰহণ কৰিছে তাক সকলোৱে যেন মানি লয়৷  বিশেষকৈ যিসকল বিধায়কে এই বিধেয়কখনৰ প্ৰতিবাদ কৰি হিন্দু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তাৰ পৰা আমি বিৰত থাকিবলৈ কৈছো৷’ সদনত গো-সুৰক্ষা বিধেয়ক উপস্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ এইসমূহ কথা ব্যক্ত কৰে মাজুলীৰ দক্ষিণপাত গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাদ্দৰ্নদেৱ গোস্বামীয়ে৷ সত্ৰাধিকাৰৰ এই মন্তব্যৰ পাছতে অক্সিজেনৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰে মাজুলীত৷ সামাজিক মাধ্যমটো ব্যাপক চৰ্চা লাভ কৰা বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়াও ব্যক্ত কৰে বহুজনে৷ এই প্ৰসংগত মাজুলী জিলা পশু চিকিৎসা বিষয়া থানেশ্বৰ মুদৈয়ে কয়, ‘আচলতে সকলো প্ৰাণীয়ে উশাহত মিশ্ৰিত বায়ু গ্ৰহণ কৰে আৰু পৰিশোধন কৰি অক্সিজেন গ্ৰহণ কৰি নিশ্বাসত কাৰ্বন-ডাইঅক্সাইড এৰি দিয়ে৷ আমি জনাত সকলো জীৱ জন্তু, গৰু-ম’হ এইবিলাক সকলোৱেই একেটা প্ৰক্ৰিয়াৰে অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে৷ সেইটোৱেই আমি মেডিকেল টাৰ্মত পাইছোঁ৷’ শিক্ষক ডিম্বেশ্বৰ ভূঞাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘সত্ৰাধিকাৰৰ ভাষ্যটো শুনিছোঁ আৰু শুনি আচৰিত হৈছোঁ৷ বিজ্ঞানত যদি কিবা নতুন সূত্ৰ ওলাইছে মই নাজানোঁ৷ এটাই জানো যে, সকলো প্ৰাণীয়েই উশাহত অক্সিজেন লয় আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে৷ গতিকে এনেকুৱাধৰণৰ চিন্তা তেওঁৰ মনলৈ কেনেকৈ আহিল সেইটো এটা দুৰ্ভাগ্যজনক কথা হৈছে৷’ ইফালে গো-সুৰক্ষা বিধেয়ক বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম, দিনটোতে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই গো-সুৰক্ষা বিধেয়ক উত্থাপন কৰাটো সনাতন হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে হিন্দু ৰাষ্ট্ৰৰ বাবে কল্যাণজনক বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰেৰণ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে৷ একেখন বিজ্ঞপ্তিৰ যোগেদি তেওঁ উল্লেখ কৰি কয়, ‘আমি বিশ্ব হিন্দু মহাসংঘই অভিনন্দন জনাইছোঁ৷ ই বুৰঞ্জীত এক নজিৰবিহীন ইতিহাস হৈ ৰ’ব৷ এই বিধেয়কখনে সনাতন হিন্দুৰ অভিলেখ স্থাপন কৰিব ইয়াত সন্দেহ নাই বুলি বিশ্বহিন্দু মহাসংঘ অসমৰ সভাপতি জনাদ্দৰ্নদেৱ গোস্বামী আৰু সম্পাদক বলেন বৈশ্য আৰু সাংগঠনিক সম্পাদিকা দেৱস্ৰী গোস্বামী আৰু সাংগঠনিক সম্পাদক প্ৰদীপ ডেকা বৰক্ষেত্ৰীয়ই একমুখে কয়৷ বিশ্বহিন্দু মহাসংঘ অসমৰ সভাপতি জনাদ্দৰ্নদেৱ গোস্বামীয়ে কয় যে, বিশ্বৰ সকলো ধৰ্মতকৈ প্ৰাচীন সনাতন হিন্দু ধৰ্মৰ পূজনীয়ৰো পূজনীয় গো-মাতাক যিকোনো প্ৰকাৰে ৰক্ষা কৰাটো প্ৰতিজন সনাতন ধৰ্মীয় নাগৰিকৰ দায়িত্ব লগতে প্ৰতিজন ভাৰতৰাষ্ট্ৰৰ দায়িত্ব৷ ধৰ্মীয় দিশৰ পৰা বেদবিহিত জ্ঞানে কয় যে, গো-মাতা সকলোৰে পূজনীয় কিয়নো গৰুৱেই একমাত্ৰ প্ৰাণী যি অক্সিজেন গ্ৰহণ কৰি অক্সিজেন এৰি দিয়ে, যিদৰে মানুহে শ্বাসত ২০শতাংশ অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইডৰ লগতে অন্য বেলেগ গেছ এৰি দিয়ে গো-মাতায়ো একেই কৰে৷ দৰাচলতে হিন্দু ধৰ্মৰ বেদ শাস্ত্ৰৰ মতে গো-মাতাই অক্সিজেন গ্ৰহণ কৰি মানৱ জাতিৰ বাবে যিসমূহ অত্যাৱশ্যকীয় তথা ব্যৱহাৰৰ উপযোগী ৰত্নৰ দৰে সামগ্ৰী প্ৰদান কৰে তাকেই অক্সিজেনৰ লগত তুলনা কৰা হৈছে, কাৰণ মানুহৰ আটাইতকৈ প্ৰায়োজনীয় গেছ অক্সিজেন৷ যাৰ বাবে পৰ্যাবৰণ কোনোধৰণৰ হানি নহয় বৰঞ্চ সকলোৰে হিতসাধন কৰে৷ যিসকল ব্যক্তিয়ে গৰুৰ লগত লাগি থাকে সেইসকল ব্যক্তি কাহ, কফ, হাঁচি আদি সংক্ৰামক ৰোগৰ পৰা বাচি থাকে৷ গৰুৰ পিঠিত থকা হাড়ৰ লগত সূৰ্যকেতু স্নায়ুয়ে হানিকাৰক বাতাবৰণ দূৰ কৰে৷ আৰু সূৰ্যকেতু স্নায়ুৰ সূৰ্য কিৰণৰ লগত সম্পৰ্ক হৈ স্বৰ্ণ উৎপাদন হয়৷ এই স্বৰ্ণ হ’ল গাখীৰ, মূত্ৰ আৰু গোবৰ৷ গাখীৰে পুষ্টিকৰ শক্তি প্ৰদান কৰে আনহাতে, গৰুৰ গোবৰৰ পৰা আৰু মূত্ৰৰ পৰা অনেক ৰোগৰ প্ৰতিকাৰ কৰিব পাৰে৷ আয়ুৰ্বেদ শাস্ত্ৰই এই কথা উল্লেখ কৰিছে যে, দৈ গাখীৰ, ঘিঁউ, মূত্ৰ আৰু গোবৰ এই পঞ্চগব্যৰ দ্বাৰা যক্ষ্মা, কেঞ্চাৰৰ নিচিনা বেমাৰ চিকিৎসা কৰা হয়৷ বৰ্তমান মানুহে তাক মানি ল’বলৈ বাধ্য হৈছে৷ আনহাতে, গৰুৰ গাখীৰত কেৰ’টিন থাকে যাৰ জৰিয়তে ৰশ্মি বৃদ্ধি হয়, বুকুৰ ব্যধি দূৰ হয়৷ ৰেডিঅ’ বিকিৰণ ৰোধ কৰিব পৰা শক্তিৰ ফলত স্মৰণ শক্তি বৃদ্ধি পায়৷ গৰুৰ পিঠিত ১০-১৫ মিনিট হাত ফুৰালে ব্লাড প্ৰেচাৰ নৰ্মেল থাকে৷ আনহাতে, গোমাতা যিহেতু সনাতন হিন্দুৰ পূজনীয়, গো-ৰক্ষা অভিযান আজিৰ কথা নহয়, স্বাধীনতাৰ কালৰ পৰাই এই বিষয়ত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে৷ তেতিয়াৰ পৰাই খ্ৰীষ্টান, মুচলন্তে হিন্দুৰ মনত ভয়-শংকাৰ বীজ ৰোপণ কৰিবলৈ গো হত্যা আৰম্ভ কৰে৷ সেইসময়ত স্বাধীনতা সংগ্ৰামীসকলে ভাৰতত স্বাধীনতাৰ লগে লগে গো হত্যা বন্ধ হোৱাৰ ঘোষণা কৰিছিল যে, ভাৰত স্বাধীন হ’লে গো হত্যা বন্ধৰ আইন প্ৰণয়ন হ’ব৷ কিন্তু দুখৰ বিষয় ভাৰত স্বাধীন হ’ল ইংৰাজসকল ঘূৰি গ’ল৷ গো হত্যা বন্ধ নহ’লে আজিও চৰকাৰে গো হত্যা বন্ধ আইন প্ৰণয়ন কৰিব নোৱাৰিলে বৰঞ্চ গো হত্যাৰ লাইচেঞ্চ প্ৰদান কৰিলে৷ হিন্দু ৰাষ্ট্ৰ এখনত গো হত্যা কিমান সমীচিন? সনাতন ধৰ্মৰ আদি পাঠ বেদে যাক পূজনীয় বুলি কৈছে৷ গৰুৰ গাত ৩৩কোটি দেৱতাৰ নিবাস বুলি কৈছে৷ গৰুৰ শিঙত ভগৱান শংকৰ আৰু বিষ্ণু সদায় বিৰাজমান হৈ থাকে৷ গৰুৰ উত্তৰ দিশে কাৰ্তিক, মূৰত ব্ৰহ্মা, ললাতত ৰুদ্ৰ, শিঙৰ অগ্ৰভাগত ইন্দ্ৰ, কাণত অশ্বিনী কুমাৰ, চকুত সূৰ্য আৰু চন্দ্ৰ, দাঁতত গৰুড় পক্ষী, জিভাত সৰস্বতী, গলত সমগ্ৰ তীৰ্থসমূহ, মূত্ৰ স্থানত গংগোত্ৰী, পৃষ্ঠভাগত যমৰাজ, দক্ষিণ ভাগত বৰুণ আৰু কুৱেৰ, বাওঁফালে যক্ষ, মুখৰ ভিতৰত গন্ধৰ্ব, নাকৰ আগভাগত সৰ্প আৰু ভৰি খুৰাত অপ্সৰাসকল স্থিতি হৈ আছে বুলি উল্লেখ কৰিছে৷  ইয়াৰ পৰা আমি উল্লেখ কৰিব পাৰোঁ যে ধৰ্মীয় দৃষ্টিকোণ আৰু বৈজ্ঞানিক আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও সকলোৱে গো-মাতা সংৰক্ষণ কৰি সুৰক্ষা প্ৰদান কৰা কৰ্তব্য৷ কিন্তু বৰ্তমান যি গো সুৰক্ষা বিধেয়ক মুখ্যমন্ত্ৰীয়ে উত্থাপিত কৰিছে তাত যেন যথেষ্ট সুৰুঙা ৰৈ যোৱাৰ প্ৰমাণ পোৱা যায়৷ গো হত্যাৰ পাৰ্মিট যেন পুনৰ প্ৰদান কৰা হ’ব বা এক চিণ্ডিকেট নিৰ্মাণ হোৱাৰ ইংগিত বহন কৰিছে বুলি সভাপতি জনাদ্দৰ্নদেৱ গোস্বামী আৰু সম্পাদক বলেন বৈশ্যই ইংগিত প্ৰদান কৰে৷