Logo
image

সুৰাত মগন...

আমাৰ অসম, ১৭ জুলাইঃ সুৰাত মগন যেন ৰাজ্য চৰকাৰ৷ কিয়নো সুৰা বিক্ৰীৰ জৰিয়তে ২০২০-২১ বৰ্ষত অসমে লাভ কৰিছে বৃহৎ পৰিমাণৰ ৰাজহ৷ ক’ভিড কালত ভাগি পৰা ৰাজ্যৰ অৰ্থনীতিৰ ভেটি ধৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সুৰাই৷ ৰাজ্য অৰ্থনীতি কাৰ্যতঃ স্তব্ধ হৈ পৰাত একমাত্ৰ সুৰাই বচালে ৰাজ্য খনক৷ ২০১৫-১৬ বৰ্ষত আবকাৰী ৰাজহ আছিল ৯৬৬.৩২ কোটি টকা৷ ২০২০-২১ বৰ্ষত আবকাৰী ৰাজহ দুগুণতকৈ অধিক হয়৷ ২০২০-২১ বৰ্ষত আবকাৰী ৰাজহ হয় ২০৩১.০৫ কোটি টকা৷ এই বৰ্ষত আবকাৰী ৰাজহৰ লক্ষ্য আছিল ১৭৫০ কোটি টকা৷ অৰ্থৎ ২০২০-২১ বৰ্ষত আবকাৰী ৰাজহ লক্ষ্যতকৈ অধিক হয়৷ এই বছৰটোত অসমত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰে৷ ইতিমধ্যে অসম চৰকাৰে গুৱাহাটী পৌৰ নিগম এলেকাত সুৰা ঘৰে ঘৰে বিক্ৰীৰ ব্যৱস্থা কৰিছে৷ অনলাইনৰ মাধ্যমেৰে সুৰা বিক্ৰীৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে৷ উল্লেখ্য, বিগত বছৰত ক’ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি লকডাউন অব্যাহত থকাৰ সময়তো খোলা ৰখা হৈছিল ৱাইন শ্বপ৷ ইফালে, ৰাজ্যত অনলাইনৰ মাধ্যমেৰে সুৰাৰ বিক্ৰী মুকলি কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে৷ শুকুৰবাৰে বিধায়ক ভৰত নৰহে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– সুৰা অনলাইনৰ জৰিয়তে বিক্ৰী মুকলি কৰি দিয়া বাবে নতুন প্ৰজন্মৰ লোক সাংঘাতিকধৰণে ক্ষতিগ্ৰস্ত হ’ব৷ কিয়নো সাধাৰণতে কম বয়সৰ ল’ৰা-ছোৱালী অনলাইনত অভ্যস্ত হৈ থাকে৷ চৰকাৰে সুৰা অনলাইনৰ জৰিয়তে বিক্ৰী কৰাৰ যি সিদ্ধান্ত কৰিছে তাৰ ফলত এটা প্ৰজন্মক ধবংসৰ মুখলৈ ঠেলি দিয়া হ’ব৷ যদি চৰকাৰে মদ হোম ডেলিভাৰী কৰিব পাৰে ক’ভিড ভেকচিন কিয় হোম ডেলিভাৰী কৰিব নোৱাৰে? আমাক মদ নালাগে, আমাক ভেকচিন লাগে৷