Logo
image

বিজেপিৰ ঘনিষ্ঠ? কিডনী-চক্ৰৰ অন্যতম অভিযুক্ত নিতু দাস ধৃত

আমাৰ অসম, ১৭ জুলাইঃ ৰাজ্যত আলোড়নৰ সৃষ্টি কৰা মানৱ অংগৰ ক’লা বেপাৰত জড়িত এজনৰ পাছত এজনকৈ বিজেপি নেতা-সদস্যৰ নাম পোহৰলৈ আহিছে৷ হেঙেৰাবাৰী বাজপেয়ী ভৱনলৈ সঘন আহ-যাহ থকা বিজেপি পালিনেতাক এইবাৰ কিড্‌নীৰ দালালিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গাঁৱৰ সহজ-সৰল লোকসকলক প্ৰলোভনেৰে কিড্‌নী বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা দালাল বিজেপি পালিনেতাজনৰ আকৌ মন্ত্ৰী-বিধায়কৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাই নহয়, মুখ্যমন্ত্ৰী কাৰ্যালয়তো টিঘিল-ঘিলাই ফুৰা ফটো ভাইৰেল হৈ পৰিছে৷ কিড্‌নীৰ দালাল চক্ৰটোৰ অন্যতম সদস্য বিজেপি যুৱ মৰ্চাৰ নেতা নিতু দাসক বৃহস্পতিবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে দৰঙৰ দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে৷ বিজেপিৰ আই টি চেলৰো সক্ৰিয় সদস্য নিতু দাসে সহযোগী মহিলা দালাল লিলিমাই বড়ো গ্ৰেপ্তাৰ হোৱাৰ পাছতেই গুৱাহাটীৰ ভাড়াঘৰ এৰি দলগাঁৱৰ ঢেকেৰীগাঁৱৰ নিজৰ ঘৰত আত্মগোপন কৰি আছিল৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কিছুদিন পূৰ্বে সাহায্য পুঁজিলৈ বৰঙণি দি মুখ্যমন্ত্ৰীৰ সৈতে ফটোও উঠিছিল দালাল পালিনেতা নিতু দাসে৷ তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দিগন্ত বৰ্মনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা দালাল নিতু দাসৰ  বিজেপিৰ আন নেতা-পালিনেতাৰেও আছিল ঘনিষ্ঠ সম্পৰ্ক৷ এই সু-সম্পৰ্কৰ জৰিয়তে ৰাজনৈতিক প্ৰভাৱ খটুৱাই গ্ৰেপ্তাৰৰ পৰা ৰেহাই পোৱাৰ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে নিতু দাসক গ্ৰেপ্তাৰ কৰে৷ বৰ্তমান মৰিগাঁও সদৰ থানাত শীৰ্ষ বিষয়াই জেৰা অব্যহাত ৰাখিছে দালালটোক৷ লক্ষণীয়ভাৱে, ইয়াৰ পূৰ্বে মৰিগাঁও আৰক্ষীয়ে আন এটা দালাল তথা বিজেপি সদস্য ৰমেন মেধিক গ্ৰেপ্তাৰ কৰিছে৷ অৰ্থাৎ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ অভাৱগ্ৰস্ততাৰ সুযোগ লৈ বিজেপি কৰ্মী বুলি পৰিচয় দি ফুৰা দালাল দুটাই মানৱ অংগৰ বেহা চলাইছিল৷ অৱশ্যে, দালাল চক্ৰটোত জড়িত প্লাৱন বৰঠাকুৰ আৰু ৰাজেশ পোদ্দাৰক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মৰিগাঁও আৰক্ষীয়ে৷ উল্লেখ্য, দলগাঁৱত পৈতৃক ঘৰ হ’লেও দালাল নিতু দাসে কিড্‌নী বেপাৰৰ জৰিয়তে লাভ কৰা ধনেৰে এখন গাড়ী ক্ৰয় কৰি ভাৰা মাৰিছিল বুলি স্থানীয় গাঁওবাসীয়ে প্ৰকাশ কৰিছে৷ কিছু বছৰৰ পৰা বিজেপিৰ যুৱ মৰ্চাৰ সক্ৰিয় কৰ্মী হৈ পৰা দালাল নিতু দাসে দলগাঁৱৰ পৰিৱৰ্তে শেহতীয়াকৈ গুৱাহাটী আৰু বাইহাটাত থাকিবলৈ লৈছিল৷ ইপিনে মৰিগাঁও, নগাঁও আৰু ডিব্ৰুগড় জিলাৰ পাছত তিনিচুকীয়াতো কিড্‌নী দালাল াচক্ৰই জাল পেলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ তিনিচুকীয়া হিজুগুৰি ৰূপকুমাৰ সিংহ নামৰ এজন লোকে কলকাতাত কিড্‌নী বিক্ৰী কৰাৰ বিপৰীতে ডিব্ৰুগড়ৰ আন দুজন ব্যক্তিও কিড্‌নী বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ডিব্ৰুগড়ৰ জমিয়া চাহ বাগিচাৰ ৰমেন কৈৰী নামৰ এজন যুৱকে ডেৰমাহ পূৰ্বে কলকাতাৰ ৰবীন্দ্ৰ হাস্পতালত ৩ লাখ টকাত বিক্ৰী কৰিছিল কিড্‌নী৷ গুৱাহাটীৰ কিৰণ পেগু নামৰ এটা দালালৰ জৰিয়তে  ৰমেনে কিডনী বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছিল৷ আনহাতে লাহোৱালৰ বকুলৰ হিমান্তী ৰাজবংশী নামৰ এগৰাকী মহিলাইও ৩ লাখ টকাত কিড্‌নী বিক্ৰী কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷

তিনিচুকীয়ালৈকে বিয়পিল কিডনীৰ দালাল চক্ৰৰ হাতোৰা

সাধাৰণ লোকৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি সমগ্ৰ ৰাজ্য চানি ধৰা মানৱ অংগৰ চোৰাং বেহাৰ নিত্য নতুন তথ্য পোহৰলৈ আহিব ধৰিছে৷ দালাল চক্ৰৰকিডনীৰ ক’লা বেপাৰৰ শিপা মৰিগাঁৱৰ ধৰমতুলৰ পৰা নগাঁও, ডিব্ৰুগড় হৈ তিনিচুকীয়ালৈকে বিয়পি পৰিছে৷ তিনিচুকীয়াৰ হিজুগুৰিৰ পাণবাৰী অঞ্চল নিবাসী ৰূপকুমাৰ সিংহ নামৰ এজন লোকৰ অভাৱগ্ৰস্ততাৰ সুযোগ গ্ৰহণ কৰি দালাল চক্ৰই তেওঁক এটা কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰোৱাৰ লগতে প্ৰতিশ্ৰুতি অনুসৰি আদায় দিবলগীয়া ধনৰ পৰাও বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ জানিব পৰা মতে, ক’ভিডসৃষ্ট পৰিৱেশ আৰু লকডাউনৰ ফলশ্ৰুতিত পৰিয়াল চলোৱাটো একপ্ৰকাৰে অসম্ভৱ হৈ পৰিছিল ৰূপকুমাৰ সিংহ নামৰ লোকজনৰ বাবে৷ তদুপৰি, তেওঁৰ মূৰৰ ওপৰত আছিল বেংকৰ ঋণৰ বোজা৷ তেওঁৰ এই অৱস্থাৰ সম্ভেদ লাভ কৰাৰ পাছত ইয়াৰে সুযোগ গ্ৰহণ কৰে জনৈক পম্পী নামৰ এগৰাকী মহিলাই৷ অভিযোগ অনুসৰি ত্ৰিশোৰ্ধৰ বিবাহিত এই পম্পী নামৰ মহিলাগৰাকীয়ে ৰূপকুমাৰ সিংহক কিডনীৰ ক’লা বেহাৰ লগত প্ৰত্যক্ষভাৱে জড়িত চক্ৰটোৰ সৈতে পৰিচয় কৰাই দিয়ে৷ সেই অনুসৰি বিগত বৰ্ষৰ শেষৰ ফালে পত্নীৰ সৈতে ভুক্তভোগী ৰূপকুমাৰ সিংহ তিনিচুকীয়াৰ পৰা গুৱাহাটী হৈ কলকাতা অভিমুখে ৰাওনা হয়৷ কলকাতা পোৱাৰ পাছত পম্পীয়ে দিয়া এটা নিৰ্দিষ্ট ফোন নম্বৰৰ লগত তেওঁলোকৰ যোগাযোগ হয়৷ কলকাতাত কেইবামাহো বাহৰ পাতি থকাৰ অন্তত হাওৰাৰ মুকুন্দপুৰৰ আৰ এন টি নামৰ হাস্পতালখনত তেওঁলোকে কিডনী বিক্ৰী কৰে৷ জানিব পৰা মতে, কিডনীৰ ক’লা বেহাৰ লগত জড়িত চক্ৰটোৱে চ্ছ্ৰলাখ টকাত বন্দোবস্ত কৰি ৰূপকুমাৰ সিংহক এইপৰ্যন্ত ২ লক্ষাধিক টকাহে আদায় দিছে৷ অভিযোগ অনুসৰি, এই দালাল চক্ৰটোৱে তেওঁলোকৰ হাতত প্ৰদান কৰা এখন চেক ইতিমধ্যে বাউঞ্চ হৈছে৷ ইফালে কিডনীৰ ক’লা বেহাৰ লগত জড়িত দালাল চক্ৰৰ হাতোৰা তিনিচুকীয়ালৈকে বিয়পি পৰাৰ খবৰে ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

উজনিত কিডনী গেং সক্ৰিয়, লাহোৱাল থানাত গোচৰ

উজনি অসমৰ জিলাকেইখনত এতিয়া মানৱ দেহৰ অংগৰ অবৈধ বেহা  মুকলি কৰি এটা কিডনী গেং তৎপৰ হৈ পৰাৰ কথা পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত ইতিমধ্যে বাতৰিও প্ৰচাৰ হৈছে৷ ডিব্ৰুগড় জিলা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰাৰ চেংলিজান, বকপৰা চাহ বাগিচাৰ তিনিজন চাহ শ্ৰমিকে দালালৰ কৱলত পৰি নিৰ্দিষ্ট টকাৰ বিনিময়ত কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হাস্পতালত কিডনী বিক্ৰী কৰাৰ কথা মুকলিকৈ ব্যক্ত কৰাত সমগ্ৰ জিলাখনত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছিল৷ আনহাতে, মৰাণ সমষ্টিৰ অন্তৰ্গত শালমাৰী চাহ বাগিচাৰ তিনিজনে কিডনীৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত দালাল চক্ৰৰ কৱলত পৰি নিজৰ অংগ বিক্ৰী কৰা তথ্য পোহৰলৈ অহাৰ পাছত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত জামিৰা চাহ বাগিচাতো অনুৰূপ ঘটনা পোহৰলৈ আহিছে৷ উজনিৰ চাহ বাগিচাৰ সহজ-সৰল চাহ শ্ৰমিকসকলক এই কিডনী দালাল চক্ৰটোৱে টাৰ্গেট কৰি নিজৰ জালত পেলাবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে৷ অশিক্ষিত, দিন হাজিৰা কৰা এচাম ধন লোভী এই জালত প্ৰথমে পৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক কলকাতালৈ নি কিডনী বিক্ৰী কৰি আহিবলৈ বাধ্য কৰে৷ আৰ্থিক অনাটন বুলি ভবা হৈছে যদিও প্ৰকৃততে ই কিমানদূৰ সত্য সেই কথা তদন্ত কৰিলেই পোহৰলৈ আহিব বুলি স্থানীয় ৰাইজে ব্যক্ত কৰিছে৷ বৰ্তমান মানৱ অংগ ব্যৱসায়ৰ গোপন ঘাটিত পৰিণত হৈছে ডিব্ৰুগড়৷ এজনৰ পাছত আন এজনৰ কিডনী দালালৰ সহযোগত বিক্ৰী কৰা তথ্য উন্মোচিত হোৱাত সকলোৰে চকু কপালত উঠিছে৷ মানৱ দেহৰ অংগ কৌশলেৰে মধ্যভোগী দালালৰ সহায়ত বিক্ৰী কৰা ন ন ভয়াৱহ তথ্য নিতৌ পোহৰলৈ অহাত সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিব্ৰুগড় জিলাৰ ঘোঁৰামৰা চেংলিজান চাহ বাগিচাৰ দুজন চাহ শ্ৰমিকৰ কিডনী দালাল চক্ৰই কৌশলেৰে কলকাতাত বিক্ৰী কৰা ঘটনা পোহৰলৈ অহাৰ পাছত আজি পুনৰ ডিব্ৰুগড়ৰ লাহোৱালৰ এগৰাকী ত্ৰিশউৰ্ধৰ মহিলাই কলকাতাত কিডনী বিক্ৰী কৰা এক তথ্য পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লাহোৱাল চাংমাই গাঁৱৰ সমীপৰ লাহোৱাল লাইনৰ হেমন্তী ৰাজবংশী নামৰ তিনি সন্তানৰ মহিলাগৰাকীয়ে এই দালাল চক্ৰৰ কৱলত পৰি কলকাতাৰ একেখন চিকিৎসালয়ত কিডনী বিক্ৰী কৰিছিল বুলি কাগজ-পত্ৰত উল্লেখ আছে৷ মন কৰিবলগীয়া কথা যে, এইগৰাকী মহিলাৰ গিৰিয়েকে এসময়ত ডিব্ৰুগড়ৰ পল্টনবজাৰত ঠেলা চলাইছিল আৰু সেই কিডনী দালাল চক্ৰ সৈতে পৰিচয় হৈছিল আৰু যোৱা চাৰিমাহমানৰ আগতে টকাৰ বিনিময়ত কিডনী বিক্ৰী কৰিছিল৷ কিন্তু কিডনী দিয়াৰ বিনিময়ত দিবলগীয়া ধন কিন্তু আজিপৰ্যন্ত সম্পূৰ্ণকৈ নিদিলে বুলি মহিলাগৰাকীয়ে জানিবলৈ দিছে৷ লাহোৱালৰ দৰেই ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচাৰ আন এজন চাহ শ্ৰমিকে মানৱ অংগ ব্যৱসায়ী চক্ৰৰ হাতত পৰি প্ৰায় ডেৰ মাহৰ পূৰ্বে কিডনী বিক্ৰী কৰা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচাৰ ম’হমাৰী লাইনৰ ৰমেন কৈৰীৰ[৪৭] দেহত এতিয়াও চিলাই কেঁচা হৈয়ে আছে৷ ঘৰুৱা কামত গুৱাহাটীলৈ গৈ অৰ্থৰ অভাৱত পৰা ৰমেন গুৱাহাটীৰ কিৰণ দেৱ নামৰ কিডনী দালালৰ পাকচক্ৰত পৰি পোনে পোনে কলকাতালৈ ৩ লাখ ৫০হাজাৰ টকাত কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল বুলি নিজে প্ৰকাশ কৰিছে৷ মন কৰিবলগীয়া কথা যে, অসম আৰক্ষী আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগ এটা থকাৰ পাছতো কিয় এনেদৰে নিতৌ মানৱ দেহৰ অংগ ব্যৱসায় ৰাজ্যখনত ৰমৰমীয়া হৈ উঠিছে সেয়াও কিন্তু লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে৷ ইমানবোৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতো অসম চৰকাৰৰ আৰক্ষী বিভাগ আৰু স্বাস্থ্য বিভাগে কিয় একো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰা নাই, নে তেওঁলোকো এই অবৈধ মানৱ দেহৰ অংগ ব্যৱসায়ৰ সৈতে আওপকীয়াকৈ জড়িত নেকি বুলি সচেতন ৰাইজে মুকলিকৈ প্ৰশ্ন উত্থাপন কৰিছে৷ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে চেংলিজান চাহ বাগিচাৰ ৰামু কৰ্মকাৰ আৰু জিত বাউৰীয়ে কিডনী বিক্ৰী সন্দৰ্ভত ২০১৩/২০২১ নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭০ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰি নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷