Logo
image

যাত্ৰাৰ পূৰ্বে ল’লে পিতৃ-মাতৃৰ আশিস

আমাৰ অসম, ১৮ জুলাইঃ মঞ্চ হ’ব লাগিব অলিম্পিক আৰু পদকৰ ৰং হ’ব লাগিব সোণোৱালী৷ আজন্মপালিত যি সপোনৰ সন্ধানত ইমানদিনে দৌৰি আছিল, তাকেই বাস্তৱায়িত কৰিবলৈ আজি টকিঅ’ অলিম্পিকলৈ ৰাওনা হ’ল অসমকন্যা লাভলীনা বৰগোহাঁই৷ ইটালীৰ পাহাৰবেষ্টিত এছিজী নামৰ সৰু চহৰখনত নিৰলে কিন্তু শৰীৰৰ ঘাম পেলাই সপোন সাৰ্থক কৰাৰ বাবে কঠোৰ অনুশীলন চলাই আছিল অসমৰ অলিম্পিকগামী ২৩ বছৰীয়া বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ শনিবাৰে ইটালীৰ সময় অনুসৰি পুৱা পাঁচ বজাতে লাভলীনা টকিঅ’লৈ ৰাওনা হ’ল ভাৰতীয় বক্সিঙৰ ‘নৱৰত্ন’ দলটোৰ সৈতে৷ অসীম প্ৰতিভাশালী এইবাৰৰ ভাৰতীয় বক্সিং দলটোক ‘নৱৰত্ন’ হিচাপে অভিহিত কৰা হৈছে ৯ জনীয়া সদস্যৰ বাবে য’ত আছে বিশ্বৰ শীৰ্ষস্থানৰ বক্সাৰ অমিত পাঞ্চাল আৰু ছবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমৰ দৰে ‘পাগলিষ্ট’৷ সন্দেহ নাই, একেৰাহে দুটাকৈ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ ৫ ফুট ১০ ইন্সি শাৰীৰিক উচ্ছতাৰ লাভলীনা বৰগোহাঁয়ো অলিম্পিক পদকৰ অন্যতম মুখ্য দাবীদাৰ৷ দেশ আৰু একাধিক বিশ্বমঞ্চত পদক লাভ কৰিছে লাভলীনাই৷ সেই লৈ লাভলীনাৰ সমস্যা নাই৷ লাভলীনাৰ সপোন হৈছে পদকৰ ৰং তামবৰণীয়াৰ পৰা সোণালী কৰা আৰু তাৰে সন্ধান তেওঁ অলিম্পিকৰ মঞ্চত কৰাটোৱেই আছিল দীৰ্ঘায়িত লক্ষ্য৷ দীৰ্ঘদিনৰ লালিত সেই সপোন পূৰণ কৰাৰ পথত আজি শেষ যাত্ৰাৰ পুৱাৰ খোজটো দিওঁতেই লাভলীনাই পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামনি বৰগোহাঁইৰ পৰা  ল’লে আশীৰ্বাদ৷ ৰোমৰ ফ্লুমিচিন’ বিমান বন্দৰত ভৰি থওঁতেই লাভলীনাই ভিডিঅ’ কলত পিতৃৰ সৈতে কথা পাতিলে৷ নাতিদীৰ্ঘ সেই কথোপকথনত নাছিল খেলৰ কোনো কথা, সেয়া আছিল পিতৃৰ পৰা আশিস লোৱাৰ সময়৷ পিতৃ টিকেন বৰগোহাঁয়ে ক’লে– ‘তাইকনো মই খেলৰ বিষয়ে কি পৰামৰ্শ দিম৷ কেনেকৈ খেলিব লাগে, সেয়া তাই জানে৷ দলৰ প্ৰশিক্ষকে প্ৰশিক্ষণ আৰু উপদেশ দিছে৷ মই মাথোঁ তাইক দীৰ্ঘদিনীয়া সপোনৰ কথা এবাৰ মনত পেলাই দিলোঁ৷ তাইক আশীৰ্বাদো দিলোঁ৷ মাকৰ সৈতেও তাইৰ কথা হ’ল৷ তাই ভালকৈ খোৱা-বোৱা কৰিছে নে নাই মাকে খবৰ ল’লে৷ তাইৰ অলিম্পিকৰ পদকৰ সপোন পূৰা হওঁক, সেয়াই আমাৰ আশা৷’

কোৱা বাহুল্য মাথোঁ, অলিম্পিকৰ স্বৰ্ণপদকেই লাভলীনাৰ আজন্ম লক্ষ্য৷ অন্ততঃ কিক বক্সিং এৰি বক্সিঙৰ ৰিঙত প্ৰৱেশ কৰাৰ পৰাই সেই একেটা সপোনৰ সন্ধানত আগবাঢ়ি আছে লাভলীনা৷ এটা সাক্ষাৎকাৰত লাভলীনাই কৈছিল– ‘যিদিনাই মই বক্সিং খেলিবলৈ আৰম্ভ কৰিছিলোঁ, সেইদিনাই মোৰ অন্তৰত এটা সপোনে পোখা মেলিছিল৷ অলিম্পিকত এটা স্বৰ্ণপদক জয় কৰা আৰু সেই সপোন বাস্তৱ কৰাৰ বাবে মই অশেষ পৰিশ্ৰম কৰিছোঁ৷’

প্ৰবাদ প্ৰতিম মহম্মদ আলী আৰু বিশ্বশ্ৰেষ্ঠ মাইক টাইছন লাভলীনাৰ ‘আইডল’৷ এসময়ত লাভলীনাৰ খেলো আছিল বহু পৰিমাণে মহম্মদ আলীৰ দৰে ‘ডিফেন্সিভ৷’ দীৰ্ঘদেহী লাভলীনাৰ সৈতে মহম্মদ আলীৰ বক্সিং ষ্টাইল ভালদৰে খাপ খাই পৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত লাভলীনাই নিজৰ খেললৈ মাইক টাইছনৰ আগ্ৰাসন আৰু আক্ৰমণো আনিলে৷ এতিয়া লাভলীনাৰ খেল ৰক্ষণ আৰু আক্ৰমণৰ সন্তুলিত মিশ্ৰণ৷ লাভলীনাই কয়– ‘এতিয়া কেৱল কাউণ্টাৰ এটেক কৰি খেলাটোৱেই যথেষ্ট নহয়৷ এগৰাকী বক্সাৰ অধিক আক্ৰমণাত্মক হোৱা প্ৰয়োজন৷ সেয়ে মই মোৰ খেললৈ এতিয়া আগ্ৰাসী ষ্টাইলো আনিলোঁ৷ এতিয়া মোৰ খেলত এটেক আৰু ডিফেন্স দুয়োটাৰে মিশ্ৰণ আছে৷’ প্ৰসংগতঃ এসময়ত সম্পূৰ্ণ সক্ষম আৰু শক্তিশালী প্ৰদৰ্শন সত্ত্বেও পদক অৰ্জন কৰিব নোৱাৰি আচৰিত হৈছিল লাভলীনা৷ কমনৱেল্‌থ গেম্‌ছত ২০১৮ চনত ভাল খেলিও পৰাস্ত হোৱাৰ পাছত লাভলীনাই বুজিলে, কেৱল শাৰীৰিক সক্ষমতা আৰু বক্সিঙৰ দক্ষতাই পদক অৰ্জনৰ বাবে যথেষ্ট নহয়৷ তেতিয়াৰ পৰাই ‘মেডিটেশ্বন’ আৰম্ভ কৰিলে আৰু সফলতাও আহিল যাদুকৰীভাৱে৷ এতিয়া ‘মেডিটেশ্বন’ৰ ফলত লাভলীনাই প্ৰতি ৰাউণ্ডৰ বিৰতিত প্ৰতিপক্ষৰ বিৰুদ্ধে ৰণকৌশল ঠিক কৰে আৰু তেনেদৰেই আজুৰি আনে বিজয়৷ অলিম্পিকত লাভলীনাই প্ৰথম মেচ খেলিব ২৪ জুলাইত ভাৰতীয় সময় অনুসৰি পুৱা ৭.৩০ বজাত৷

লাভলীনালৈ দল-সংগঠনৰ শুভেচ্ছা

অহা ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ জীয়ৰি লাভলীনা বৰগোঁহাইয়ে ইতিমধ্যে ইটালীৰ এছিজী প্ৰশিক্ষণ কেম্পৰ পৰা টকিঅ লৈ ৰাওনা হোৱাৰ কথা জানিবলৈ দিয়ে লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাইয়ে৷ ভিডিঅ কলৰ জৰিয়তে আগন্তুক টকিঅ’ অলিম্পিকত অংশ লবলগীয়া অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ লাভলীনাই  পিতৃ-মাতৃৰ সৈতে ভিডিঅ কল কৰি এই কথা জনালে৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ অতি ভিতৰুৱা বাৰমুখীয়া গাঁৱত জন্ম লাভ কৰা টিকেন বৰগোঁহাই আৰু মামনি বৰগোহাঁইৰ জীয়ৰি লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰি দেশবাসীৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে পিতৃ টিকেন বৰগোঁহাইয়ে৷  পিতৃয়ে কৈ গল লাভলীনাৰ শৈশৱৰ লক্ষ্যৰ কথা৷ প্ৰথম কলিকতাত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লৈ অহাৰ দিনাই পিতৃয়ে লাভলীনাক কৈছিল আজিয়েই লক্ষ্য স্থিৰ কৰি লোৱা যাতে তুমি অলিম্পিকত অংশগ্ৰহণ কৰিব পাৰা আৰু তেতিয়াই তাই লক্ষ্য স্থিৰ কৰি আগবাঢ়ি গল আৰু আজি তাইৰ সপোন বাস্তৱ হৈছে বুলি পিতৃয়ে জানিবলৈ দিয়ে৷  আনহাতে ২০১০ চনৰ পৰাই লাভলীনাক প্ৰশিক্ষণ দিয়া প্ৰশান্ত কুমাৰ দাসো বহু আশাবাদী যে তাই অলিম্পিকত পদক অৰ্জন কৰি দেশবাসীৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব৷ তাই সদায় খেলবিধক চেলেঞ্জ হিচাপে লৈ শিকিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰে বুলি কয় প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে কয়৷  ইয়াৰ উপৰি আগন্তুক টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ লোৱা ধনশিৰি মহকুমাৰ জীয়ৰি লাভলীনা বৰগোঁহাইক শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধনশিৰি মহকুমাৰ দল সংগঠনে৷ জনপ্ৰিয় চচিয়েল মিডিয়া ফেচবুকৰ জৰিয়তেও বহু লোকে লাভলীনাক উৎসাহ জনক মন্তব্য লিখি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উৎসাহ যোগোৱা পৰিলক্ষিত হৈছে৷ ইফালে টকিঅ’ অলিম্পিকত যোগ্যতা অৰ্জন কৰা লাভলীনাক লৈ বৰ্তমান সমগ্ৰ ধনশিৰি মহকুমাতে এক আনন্দৰ বন্যা ববলৈ ধৰিছে৷