Logo
image

গেম ভিলেজত লাভলীনা, মেৰী কম

আমাৰ অসম, ১৯ জুলাইঃ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টকিঅ’ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোত আছে ৬৭ জন পুৰুষ আৰু ৫২ গৰাকী মহিলা খেলুৱৈ৷ তাৰ মাজত আছে উত্তৰ-পূৱৰ আঠগৰাকী খেলুৱৈ৷ এইসকলৰ মাজত  নিসন্দেহে এইবাৰ সকলোৰে দৃষ্টি থাকিব উত্তৰ-পূৱৰ দুগৰাকী খেলুৱৈৰ ওপৰত৷ দুয়োগৰাকী হৈছে বক্সাৰ– অসমকন্যা লাভলীনা বৰগোঁহাইৰ লগতে ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন মণিপুৰৰ এম চি মেৰী কম৷ প্ৰথমবাৰৰ বাবে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ২৩ বছৰীয়া লাভলীনা হৈছে এইবাৰ অলিম্পিক পদকৰ প্ৰবল দাবীদাৰ৷ আনহাতে, ২০১২ চনৰ লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ৩৮ বছৰীয়া মেৰী কমক অন্তিমবাৰৰ বাবে দেখা যাব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনত৷ মেৰী কম আৰু লাভলীনাসহ ভাৰতৰ জ্ঝজনীয়া বক্সিং দলটো  ইতিমধ্যে প্ৰবেশ কৰিছে গেমছ ভিলেজত৷ চেফ ডে মিছন, অসমৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সৈতে মেৰী কম আৰু লাভলীনাৰ ফটো ইতিমধ্যে শ্বেয়াৰ কৰা হৈছে ছ’চিয়েল মিডিয়াত৷ ভাৰতীয় ভাৰোত্তোলন সন্থাৰ সভাপতিৰ দায়িত্বত থকা ৰাজ্য সভাৰ সাংসদ বৈশ্য ভাৰতীয় দলৰ চেফ ডে মিছনৰ দায়িত্বত থকাত লাভলীনাৰ লগতে উত্তৰ-পূৱৰ আন খেলুৱৈসকলৰ বাবে পৰিবেশ সহজ হৈ পৰিছে৷ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অচিনাকী নাম নহয়৷ দীৰ্ঘ সময় ধৰি তেওঁ জড়িত আছে ক্ৰীড়াৰ সৈতে৷ খেলুৱৈৰ সৈতেও তেওঁৰ সম্পৰ্ক যথেষ্ট মধুৰ৷ তাৰ প্ৰমাণ টকিঅ’ অলিম্পিকৰ গেমছ ভিলেজতে পোৱা গৈছে৷ ভাৰতীয় দলটোৰ মুৰব্বী হোৱা হেতুকে প্ৰতিগৰাকী খেলুৱৈৰে খবৰ লৈছে তেওঁ, হাঁহি ফূৰ্তি কৰিছে সকলোৰে সৈতে৷ নিসন্দেহে বৈশ্যৰ এই আন্তৰিতা খেলুৱৈসকলৰ মনোবল বৃদ্ধিত সহায়ক হ’ব৷ লাভলীনা আৰু মেৰী কমৰ লগতে টকিঅ’ অলিম্পিকৰ বাবে  ভাৰতীয় দলত থকা উত্তৰ-পূৱৰ আন খেলুৱৈসকল হৈছে নীলকান্ত শৰ্মা, সুশীলা চানু, লালৰেমচিয়ামী [হকী], মীৰাবাঈ চানু [ভাৰোত্তোলন], তৰুণদ্বীপ ৰায় [আৰ্চাৰী] আৰু সুশীলা লিকমাবাম [জুডো]৷