Logo
image

বাথাৰ মূল্য ১০ লাখ

আমাৰ অসম, ২১ জুলাইঃ ‘নিয়া’ই [এন আই এ] ঘোষণা কৰিলে বাথাৰ মূৰৰ মূল্য– দহ লাখ টকা৷ উল্লেখ্য, যিজন লোকে এম বাথাৰ তথ্য গোপনে এন আই এক যোগান ধৰিব তেওঁ লাভ কৰিব দহ লাখ৷ উল্লেখ্য যে, বিগত ২০২০চনৰ ২৭ জানুৱাৰীত তৃতীয়খন বড়ো চুক্তি অৰ্থাৎ বি টি আৰ শান্তি চুক্তি স্বাক্ষৰ হ’ল যদিও বড়োভূমিত যেন শান্তি উভতি অহাটো এক সুদূৰপৰাহত কথা৷ তৃতীয় চুক্তিৰ পাছত দৰাচলতে শান্তি উভতি আহিল বুলি সকলোৱে স্বস্তিৰ নিশ্বাস লৈছিল যদিও উক্ত চুক্তিৰ এবছৰ পাৰ নৌহওঁতেই বড়োভূমিত পুনৰ আতংকৰ সৃষ্টি হয়৷ প্ৰকাশ যে, মূল সুঁতিলৈ ঘূৰি অহা এন ডি এফ বিৰ [এছ]  শীৰ্ষনেতা বিনোদ মুছাহাৰী ওৰফে এম. বাথা পুনৰ জংগললৈ উভতি গৈ জন্ম দিলে ‘National Liberation Front of Bodoland’ (NLFB) শীৰ্ষক আন এটা সশস্ত্ৰ সংগঠন৷ এনেকি বিটিচৰ চাৰিখন জিলাৰ পৰা সহস্ৰাধিক যুৱকো ইয়াৰ পাছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে আৰু এই ঘটনাই বড়োলেণ্ডত সৃষ্টি কৰিলে আন এক আতংকময় পৰিৱেশ৷  কিন্তু বিদ্ৰোহী সংগঠনৰ প্ৰতি শূন্য সহনশীলতা প্ৰকাশ কৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা [NIA] আৰু আৰক্ষীয়ে জোৰদাৰ তালাচী অভিযান অব্যাহত ৰাখিছে৷  এনেকি এন আই এ ঘোষণা কৰিলে বাথাৰ মূৰৰ মূল্য দহ লাখ৷ আনহাতে, এম বাথাক বিচাৰি ভাৰত-ভূটান সীমান্তৰ ঘন জংগলত কোক্‌ৰাঝাৰ আৰক্ষী, সেনা বাহিনীয়ে অপাৰেছন অব্যাহত ৰাখিছে৷ আজি কোক্‌ৰাঝাৰ জিলা আৰক্ষী অধীক্ষক বিজয় প্ৰতীক কুমাৰ থুবেই সংবাদ মাধ্যমৰ আগত এই কথা সদিৰ কৰে যদিও বাথা ক’ত আছে আৰু কিমান শক্তিশালী তথা বাথাই জন্ম দিয়া নতুন সশস্ত্ৰ সংগঠনটোৰ হাতত, কিমান অত্যাধুনিক মাৰণাস্ত্ৰ মজুত আছে সেই তথ্য এতিয়াই এন আই এ আৰম্ভ কৰা তদন্তৰ স্বাৰ্থত ৰাজহুৱা নকৰে বুলি কোক্‌ৰাঝাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই জানিবলৈ  দিছে৷  আনহাতে, এম বাথা এতিয়া কেৱল আৰক্ষী বিভাগৰে মূৰৰ কামোৰণি হৈ উঠা নাই৷ তেওঁৰ পৰিয়াল আপোনজনৰ বাবেও বাথাৰ প্ৰত্যাগমণ অসন্তুষ্টিৰ কাৰণ হৈ পৰিছে৷ প্ৰকাশ যে, বি টি আৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে শীৰ্ষ নেতা এম বাথা নিজগৃহলৈ উভতি অহাৰ পাছত তেওঁৰ আত্মীয়-স্বজন উৎফুল্ল হৈ পৰিছিল৷  কোক্‌ৰাঝাৰ দেওলগুৰীস্থিত বাহগৃহত ৰাইজে তেওঁক দলে দলে সম্বৰ্ধনা জনাইছিল৷ যি সময়ত পৰিয়ালৰ সকলো সদস্যৰ মুখত হাঁহি বিৰিঙি উঠা দেখি এম বাথাৰ খুড়াকে কৈছিল আৰু কেতিয়াও জংগলত যাব নালাগে৷ কিন্তু নাই খুড়াকৰ সেই কথা নাৰাখিলে এম বাথাই৷ আজি এম বাথাৰ বাসগৃহতো আতংকময় পৰিৱেশ বিৰাজ কৰিছে৷ কাৰণ এম বাথাক বিচাৰি এন আই এ, আৰক্ষীৰ দলে বাথাৰ বাসগৃহত সঘনে তালাচী চলাবলৈ লৈছে৷ সেয়ে বাথাৰ বায়েক আৰু খুড়াকে সংবাদ মাধ্যমৰ যোগেদি কাতৰ আহ্বান জনাইছে বাথা, জংগলৰ পৰা পুনৰ মূল সুঁতিলৈ ঘূৰি আহক৷ ঘৰত সকলোকে শান্তিত থাকিব পৰা এটা সুস্থ পৰিৱেশ আনি দিয়ক৷