Logo
image

পুনৰ গ্ৰেপ্তাৰ হ’ব অখিল গগৈ?

আমাৰ অসম, ২২ জুলাইঃ পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে জাননী জাৰি কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াৰ আবেদনৰ ভিত্তিত তিনিসপ্তাহৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ দিয়া নিৰ্দেশে এই আশংকা বঢ়াইছে৷ উল্লেখ্য, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই চানমাৰি গোচৰৰ সন্দৰ্ভত বিশেষ আদালতে অখিল গগৈক প্ৰদান কৰা ৰায়ক গুৱাহাটী উচ্ছ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিয়াৰ আবেদনৰ ভিত্তিত অখিল গগৈক তিনি সপ্তাহৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে৷ যদিহে অখিল গগৈৰ পক্ষই তিনি সপ্তাহৰ ভিতৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত নিজৰ স্থিতি যুক্তিপূৰ্ণভাৱে ব্যাখ্যা কৰিব নোৱাৰে, তেন্তে তেওঁ পুনৰ বিপদত পৰাৰ সম্ভাৱনা আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অখিল গগৈক যোৱা ৰ জুলাইত সকলো অভিযোগৰ পৰা মুক্তি দিছিল নিয়াৰ বিশেষ আদালতে৷ কিন্তু নিয়াৰ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই এন আই এয়ে সাত জুলাইত অখিল গগৈক দিয়া আদালতৰ ৰায়ৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷