Logo
image

৩ ঘণ্টাত তিনিখন ৰাজ্যত ভূমিকম্প

আমাৰ অসম, ২২ জুলাইঃ দেশৰ বিভিন্ন প্ৰান্তত সঘনে হ’বলৈ ধৰিছে ভূমিকম্পৰ জোকাৰণি৷ উত্তৰ-পূবৰ ৰাজ্যত, বিশেষকৈ অসমত বিগত দিনকেইটাত সঘনে ভূমিকম্পৰ জোকাৰণি হৈ থকাৰ সময়তে এইবাৰ দেশৰ তিনিখন ৰাজ্যত তিনিটা মৃদু ভূমিকম্পই জোকাৰি যায়৷ বৰ্তমান দেশৰ বিভিন্ন ৰাজ্যত হৈ আছে ধাৰাসাৰ বৰষুণ৷ ধাৰাসাৰ বৰষুণ, ভূমিস্খলন, বানে দেশৰ বিভিন্ন এলেকাত ত্ৰাস সৃষ্টি কৰাৰ সময়তে তিনিটাকৈ ভূমিকম্পই জোকাৰি যোৱাটোৱে বিপদৰ আগজাননী দিছে৷ প্ৰকাশিত বাতৰি অনুসৰি বুধবাৰে পুৱতি নিশা ২.১০ বজাত উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ত আহে প্ৰথমটো ভূমিকম্প৷ ৰিখ্‌টাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.১৷ তাৰ পাছতে পুৱা ৪.৫৭ বজাত লাডাখত আহে দ্বিতীয়টো ভূমিকম্প৷ ৰিখ্‌টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৬৷ শেষৰটো ভূমিকম্প আহে ৰাজস্থানৰ বিকানেৰত পুৱা ৫.২৪ বজাত৷ বিকানেৰত জোকাৰণি তোলা ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৫.৩৷ অৱশ্যে ভূমিকম্পৰ ফলত ৰাজ্য তিনিখনত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই৷