Logo
image

এতিয়াৰে পৰা অনলাইন সুৰা...

◾অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্ৰিত জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে।

◾অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীৰ ক্ষেত্ৰতহে অনলাইন যোগে সুৰা বিক্ৰীৰ সুবিধা৷

◾এপৰ মাধ্যমেৰে বিক্ৰী কৰিব পাৰিব সুৰা।

◾অনলাইন সুৰা বিক্ৰীৰ বাবে আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব সুৰা বিপণীয়ে৷

◾ডেলিভাৰী এজেণ্টৰ সবিশেষ তথ্য জমা দিব লাগিব আবকাৰী বিভাগক৷

◾ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব৷

◾অনলাইন সুৰা ক্ৰয়ৰ বাবে নিৰ্দিষ্ট কৰি দিয়া অনলাইন প’ৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে৷

◾শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা৷

◾এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত সুৰা অৰ্ডাৰ দিব পাৰিব৷

◾ডেলিভাৰী এজেণ্টে এবাৰত ৯ লিটাৰ পৰ্যন্ত কঢ়িয়াব পাৰিব৷

◾অৰ্ডাৰ দিওতেই আদায় দিব লাগিব সুৰাৰ মূল্য৷

◾পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা৷

◾অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰতে দিব লাগিব সুৰাৰ ডেলিভাৰী৷

◾MRPতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব বিপণীয়ে৷

◾নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব বিপণীসমূহে৷

◾১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব৷

◾১ৰ পৰা ২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা৷

◾অৰ্ডাৰ লাভ কৰাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব৷

◾অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা৷

◾প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০জন এজেণ্ট ৰাখিব পাৰিব৷

◾প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা৷

◾পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ল অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা৷